Breaking

প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ত প্ৰদৰ্শিত হাৰ্গিলা সংৰক্ষণ মটিফৰ সৈতে অসমীয়া মেখেলা চাদৰ….

0 11

অসমৰ হাৰ্গিলা সংৰক্ষণৰ বাৰ্তা প্ৰচাৰৰ বাবে প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ত অসমীয়া মেখেলা-চাদৰ প্ৰদৰ্শন কৰাটো অসমৰ বাবে নিশ্চয়কৈ গৌৰৱৰ বিষয়। হাৰ্গিলা মটিফৰ সৈতে সংযুক্ত আৰু ইউএনইপিৰ ৱৰ্ল্ড চেম্পিয়ন ডাঃ পূৰ্ণিমা দেৱী বৰ্মনে ডিজাইন কৰা টিল ৰঙৰ মেখেলা ছাদৰ বোৱা হৈছিল হাৰ্গিলা সেনাবাহিনীৰ মহিলা সদস্যসকলৰ দ্বাৰা ৷ হুইটলী গোল্ড এৱাৰ্ড বিজয়ী তথা ইউএনইপি “চেম্পিয়ন অৱ দ্য আৰ্থ” ড° পূৰ্ণিমা দেৱী বৰ্মনৰ সৈতে যোগাযোগ কৰে নেচাৰেল হিষ্ট্ৰী মিউজিয়ামৰ জেছ চিম্পছনে, হাৰ্গিলা হেডড্ৰেছৰ সমান্তৰালভাৱে হাৰ্গিলা মেখেলা-চাদৰ প্ৰদৰ্শন কৰিবলৈ। ইয়াৰ দ্বাৰা লণ্ডন আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে বস্ত্ৰশিল্পৰ জৰিয়তে অসমত ঘটি থকা অনন্য সংৰক্ষণৰ প্ৰচেষ্টাৰ বিষয়ে জানিব পাৰে আৰু হাৰ্গিলাৰ সংৰক্ষণ সফলতাৰ কাহিনীৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰে।প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ে এই সাজ-পোছাকক সংৰক্ষণৰ আৰ্হি হিচাপে এক উজ্জ্বল নিদৰ্শন ডাঙি ধৰিছে আৰু ড° বৰ্মনে কেনেদৰে হাৰ্গিলা সেনা গঠন কৰিছিল আৰু হাৰ্গিলাক বিলুপ্তিৰ সীমাৰ পৰা উদ্ধাৰ কৰিবলৈ সম্প্ৰদায় সংৰক্ষণ আন্দোলনৰ নেতৃত্ব বহন কৰিছিল সেয়া এই মডেলটোৰ ডিছপ্লেৰ ওচৰত বুজাই দিয়া হৈছে।

এইটো সঁচাকৈয়ে সংৰক্ষণৰ ক্ষেত্ৰত সমাাাজত এক মাইলৰ খুঁটি হিচাপে কাম কৰিব। উল্লেখযোগ্য যে যোৱা বছৰ লণ্ডনৰ ডিজাইন মিউজিয়ামত মেখেলা -চাদৰৰ আন এটা ছেট প্ৰদৰ্শন কৰা হৈছিল। এই মোবাইল প্ৰদৰ্শনীখন এতিয়া আমষ্টাৰডাম নেদাৰলেণ্ডৰ ৱৰ্ল্ড মিউজিয়ামলৈ স্থানান্তৰ কৰা হৈছে, য’ত একেধৰণৰ মেখেলা-চাদৰ প্ৰদৰ্শন কৰা হৈছে। ড° পূৰ্ণিমা দেৱী বৰ্মনে নিজৰ সন্তুষ্টি প্ৰকাশ কৰি কৰি কয়, “এইটোৱে মোলৈ আশাৰ সঞ্চাৰ কৰিছে, এইটো দেখি যে বিশ্বজুৰি বিশেষকৈ এনে সুনামধন্য সংগ্ৰহালয়ৰ পৰা মানুহে কেনেকৈ আমাৰ কামৰ জৰিয়তে সজাগতা সৃষ্টি আৰু আনক অনুপ্ৰাণিত কৰিবলৈ চেষ্টা কৰিছে। এইটোও উদ্যোগীকৰণৰ কাহিনী, কেনেকৈ প্ৰদৰ্শন কৰা হৈছে।” আমাৰ স্থানীয় উদ্ভিদ আৰু প্ৰাণীৰ পৰা অনুপ্ৰাণিত হৈ আমাৰ সম্প্ৰদায়সমূহে বস্ত্ৰৰ ডিজাইন প্ৰস্তুত কৰিব পাৰে ই আমাৰ পৰম্পৰা, সংস্কৃতি, আৰু অসমীয়া মহিলাসকলৰ প্ৰতিভাক প্ৰতিফলিত কৰে, বিশেষকৈ আমাৰ শিপিনীসকলৰ এইটোৱেই হৈছে এনে এক আহিলা।”


ড° বৰ্মনে কয় যে “মই আৰম্ভ কৰিছিলো এই সৰু পদক্ষেপ, যিয়ে এতিয়া সকলোৰে হৃদয় চুই গৈছে। আমাৰ সকলো যুৱক-যুৱতীক সংৰক্ষণৰ বাবে এটা সৰু পদক্ষেপৰ পৰা আৰম্ভ কৰিবলৈ আহ্বান জনাইছো, যিটো এদিন ডাঙৰ কিবা এটা হ’ব পাৰে। প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ৰ সকলো দলৰ সদস্যক ধন্যবাদ জনাইছো, বিশেষকৈ শ্ৰীমতী জেছ চিম্পছন, আমাৰ সম্প্ৰদায়ৰ মহিলা, আৰু মোৰ ৰাজ্য অসমৰ সকলোকে মোক অনুপ্ৰাণিত কৰাৰ বাবে আমাৰ সুন্দৰ ৰাজ্য অসমত ইমান চহকী জৈৱ বৈচিত্ৰ্য আৰু সংস্কৃতি আছে, যাৰ ফলত এই হাৰ্গিলা মটিফ মেখেলা সদৰবোৰ গঢ় লৈ উঠিছে।”

Leave A Reply