Breaking

জামুগুৰিহাটত ছুটি ছবি ‘পৰিচয়’ৰ শুভমুক্তি ৷ জামুগুৰিহাট সাহিত্য-সংস্কৃতিৰ চহকী ঠাই -পদ্ম হাজৰিকা…

0 76

জামুগুৰিহাটৰ বাপুজী ভৱনৰ প্ৰেক্ষাগৃহত বুধবাৰে নিশা SPB প্ৰডাকচনৰ বেনাৰত নিৰ্মিত পৰিচয় নামৰ অসমীয়া এখন ছুটি ছবিৰ মুক্তি দিয়া হয় ৷ জামুগুৰিহাটৰ যুৱ নাট্য শিল্পী পদ্ম বনিয়াৰ কাহিনী,পৰিচালনাৰে নিৰ্মিত ছুটি ছবিখনি বুধবাৰে সন্ধ্যা আনুষ্ঠাভাৱে দৰ্শক ৰাইজৰ বাৱে মুকলি কৰি দিয়ে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ ছবিৰ আনুষ্ঠানিক ভাৱে শুভ উদ্ধোধন কৰি বিধায়ক পদ্ম হাজৰিকাই কয়-জামুগুৰিহাট সাহিত্য সংস্কৃতিৰে চহকী ঠাই ৷

বাৰেচহৰীয়া ভাওনা খ্যাত জামুগুৰিহাটৰ পৰা এচাম যুৱক যুৱতীয়ে নাট্য চৰ্চাৰ জৰিয়তে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক জীপাল কৰি আহিছে ৷ এইয়া তাৰেই প্ৰতিফলন বুলি মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ আধাঘণ্টীয়া ছুটি ছবি খনৰ মনোগ্ৰাহী কাহিনীয়ে দৰ্শকক আপ্লুত কৰে ৷

Leave A Reply

Your email address will not be published.