নাজিৰা : নেপালৰ গান্ধী পোৰা ফাউণ্ডেচনে মানৱ সমাজলৈ আগবঢ়োৱা সেৱাৰ বাবে প্ৰতিষ্ঠানটোৰ বাংলাদেশ শাখাৰ পৰা ২০২০ বৰ্ষৰ মহামানৱ মহাত্মা গান্ধীৰ শান্তিৰ “বা-বাপু সেৱা ৰত্ন” বটা নাজিৰাৰ লুটফুৰ ৰহমানে কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অলপতে বাংলাদেশত অনুস্থিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰহমানে বাংলাদেশ চৰকাৰৰ বিত্ত বিভাগৰ উপ সচিব চৈয়দ চাহেবুৰ ৰহমানৰ পৰা এই বঁটা গ্ৰহণ কৰে। নাজিৰাৰ সমাজসেৱী লুটফুৰ ৰহমানে বাংলাদেশৰ পৰা এই বঁটা কঢ়িয়াই ভাৰতবৰ্ষ তথা অসমলৈ গৌৰৱৰ স্বাক্ষৰ বহন কৰাত নাজিৰাবাসীয়ে ৰহমানক অভিনন্দন জনাইছে।