Breaking

ৰাঙৰ সৰ্বশ্ৰেষ্ঠ কভিড যোদ্ধা-সৈনিক স্বাস্থ্য কৰ্মী নীতা দেৱী কভিডত আক্ৰান্ত

0 2,252

সমগ্ৰ ৰাজ্যতেই দ্বিতীয় পৰ্যায়ৰ কৰোনা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে ক’ৰণাত আক্ৰান্তৰ  সংখ্যা   ক্ৰমান্বয়ে  কমি অহাত  জিলাখনত  আতংক, শংকাৰ  পৰিস্থিতি সৃষ্টি হৈ আহিছে ৷ ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্ৰাথমিক  স্বাস্থ্য কেন্দ্ৰত কভিডৰ দ্বিতীয় পৰ্য্যায়ত ৩০নবেম্বৰলৈ ৰেপিড এন্টিজেন টেষ্ট ৭২৩৮১পৰীক্ষা কৰাৰ অন্ততঃ ১৫০৫ গৰাকীক ইতিমধ্যে কভিড পজিটিভ হিচাপে চিনাক্ত কৰা হৈছে ৷যোৱা নবেম্বৰ মাহতে ২০ গৰাকী কভিভ ৰোগী চিনাক্ত কৰা হৈছে ৷আনহাতে ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ ওৰাং,মাজবাট,ৰৌতা,পাউৰীপোটা,গেৰুৱা বজাৰ,ধনশ্ৰীঘাট আদি কেন্দ্ৰ আৰু চিকিৎসালয় সমুহৰ  অন্তৰ্গত ভেকচিনেশ্যন কেন্দ্ৰবোৰত ৩০ নবেম্বৰলৈ ২০৩১৯৪ হিতাধিকাৰীক ভেকচিন প্ৰদান কৰা হয় ৷ইয়াৰে ভিতৰত প্ৰথম পালি ১৪৬৮৯৬ আৰু দ্বিতীয় পালি ৫৬২৯৮হিতাধিকাৰীক ভেকচিন ইতিমধ্যে প্ৰদান কৰা  হৈছে বুলি স্বাস্থ্য বিভাগৰ পৰা জনাইছে ৷ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত    ৩০ নবেম্বৰলৈ  মুঠ ২০৩১৯৪ হিতাধিকাৰীক  কভিড ভেকচিন দিয়া কাৰ্য সুচাৰুৰূপে  সম্পন্ন হৈছে । প্ৰথম অৱস্থাত ভেকচিন দিবলৈ ৰাইজৰ ঘৰে ঘৰে অনুৰোধ কৰিব লগীয়াৰ দৰে ভয়াবহ পৰিস্হিতিৰ উদ্ভৱ হৈছিল যদিও ক্ৰমান্বয়ে এই সংখ্যা দিনক দিনে ব্যাপক হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । স্বাস্থ্য বিভাগৰ কৰ্মীসকলৰ পৰা জানিব পৰা মতে আগৰ তুলনাত কেইবাদিন ধৰি বহু লোক ভেকচিন লবলৈ ওলাই অহাত দৈনিক নিৰ্ধাৰণ কৰা প্ৰত্যেক ভেকচিন চেণ্টাৰৰ  টাৰ্গেট  সম্পূৰ্ণ হোৱাৰ উপৰিও  উভতি যাব বিচৰা লোক সকলকো মাতি ভেকচিন প্ৰদান কৰি অহা অহা হৈছে ভেকচিন লবলৈ ওলাই অহা ৰাইজক ক’ভিড ১৯ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাইজকে  সজাগ আৰু সচেতন  হৈ মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি কভিডৰ নীতি নিৰ্দেশনা মানি  চলিবলৈ স্বাস্হ্য বিভাগৰ লগতে বিভিন্ন দল সংগঠনে আহ্বান জনায় অহাৰ লগতে ওৰাং,মাজবাট,ৰৌতা আদি  অঞ্চলৰ  সচেতন নাগৰিক সমিতি আদি সংগঠন আদিয়েও আহ্বান  জনাইছে ৷যদিও এতিয়া  ৯৯ শতাংশহে মাস্ক পৰিধান নকৰি ,কভিড প্ৰ’টকল দলিয়াই   মুকলিভাৱেই  ঘুৰি ফুৰাটো  দেখিবলৈ পোৱা গৈছে ৷আনহাতে সমগ্ৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অঞ্চল সমুহত যোৱা নবেম্বৰ মাহতে ২০ গৰাকীক ইতিমধ্যে কভিড চিনাক্ত কৰা হৈছে ৷  চৰকাৰে বান্ধি দিয়া নিয়ম অনুযায়ী ভেকচিন নললে প্ৰবেশ  কৰিবলৈ নিদিয়া,চৰকাৰী সা সুবিধা আদিৰ পৰা বঞ্চিত  আদি কৰা কথা প্ৰচাৰ হোৱাৰ  বাবেই   দিনক দিনে সমগ্ৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কভিড ভেকচিন লোৱাৰ সংখ্যা তীব্ৰ গতিত বৃদ্ধি পাবলৈ ধৰা পৰিলক্ষিত হৈছে । ওৰাং চিকিৎসালয়ৰ সেৱক সেবিকা সকলৰ তাৎপৰাতত অইন জিলাৰ সমান্তৰকৈ বৃহৎ ওৰাং খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ অধীনস্থ একেকাক সাঙুৰি সফলতাৰে জনগণৰ মাজত  সজাগ আৰু সচেতনতা বৃদ্ধি কৰি  ভেকচিন প্ৰদান কৰাত ওৰাং স্বাস্থ্য কেন্দ্ৰৰ সমূহ কৰ্মচাৰীক মাজবাটৰ যুৱ নেতা কিশোৰ শৰ্মাই  ধন্যবাদ দিয়াৰ লগতে তেওঁলোকৰ কৰ্ম স্পৃহাক সন্মান জনাইছে ।ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ ওৰাং,মাজবাটত আদি অঞ্চল,এলেকা সমুহত  সৰ্বাধিক কভিড ভেকচিন প্ৰদান কৰি এক বিশেষ নজিৰ বিহীন সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷নীতা দেৱীয়ে আৰু কভিড টেষ্ট কৰা নিষ্ঠাবান,সৰ্বশ্ৰেষ্ঠ কভিড যোদ্ধা  হিচাপে পৰিচিত হৈ পৰিছিল ৷অবশেষত ৩০নবেম্বৰ ২০২১ ত কভিড পজিটিভত আক্ৰান্ত হবলগীয়া হ’ল ৷ইতিমধ্যে ওৰাং সাংবাদিক সংস্থাৰ পৰা  নীতা দেৱীৰ আশু আৰোগ্য কামনা কৰিছে ৷ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া আৰু বিপিএম পংকজ কুমাৰ সভাপণ্ডিতৰ উদ্যোগত পৰিচালনা হোৱা কভিড ভেকচিন আৰু কভিড পৰীক্ষা আদিবোৰ সুচাৰুৰূপে পৰিচালনা কৰা কাৰ্যক ওৰাং সাংবাদিক সংস্থা,ওদালগুৰি জিলা সচেতন নাগৰিক সমিতি আদিয়ে প্ৰশংসা কৰি শলাগ লৈ প্ৰতিগৰাকী কভিড যোদ্ধা,সৈনিক স্বাস্থ্য কৰ্মী সকলক আন্তৰিক অভিনন্দন জনাইছে ৷

Leave A Reply

Your email address will not be published.