Breaking

দৰঙৰ ঐতিহাসিক শ্ৰী শ্ৰী পদ্মাথান দেৱালয়ত শ্ৰী ৰামচন্দ্ৰৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ ভূমি পূজন অনুষ্ঠান…

0 86

আজি আনুষ্ঠানিক ভাৱে সম্পন্ন কৰা হয় দৰঙৰ ঐতিহাসিক শ্ৰী শ্ৰী পদ্মাথান দেৱালয় ত নিৰ্মাণ কৰিবলৈ ওলোৱা ভগৱান শ্ৰী ৰামচন্দ্ৰৰ প্ৰতিমূৰ্তিৰ ভূমি পূজন। এই উপলক্ষে পদ্মাথান দেৱালয় ৰ চৌহদত এক অনুষ্ঠান ৰ আয়োজন কৰা হয়। অসমৰ এক পৰ্যটনৰ কেন্দ্ৰস্থল তথা ধৰ্মীয় পীঠস্থান হিচাপে গঢ় দিবলৈ অহোপুৰুষাৰ্থ ভাৱে পদ্মাথান দেৱালয় উণ্ণয়ন সমিতি খনে দেৱালয় খনত ইটোৰ পাছত সিটো উন্নয়নমূলক কাম কৰি আহিছে। তাৰে অংশ হিচাপে সমিতি খনে এই পদক্ষেপ হাতত লৈছে। দেৱালয়খনলৈ মা পদ্মাৰ আশীৰ্বাদ ল’বলৈ আহি তিনিচুকীয়াৰ ধৰ্ম প্ৰাণ তথা উদ্যমী যুৱক অলিপ দহোটীয়া ই দেৱালয় খনৰ উণ্ণয়ন ৰ স্বাৰ্থত এটা একালীন দানৰ লগতে ভগৱান শ্ৰী ৰাম চন্দ্ৰ ৰ এটি প্ৰতিমূৰ্ত্তি দান হিচাপে নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল দেৱালয় উণ্ণয়ন সমিতিৰ সম্পাদক দ্বিপেন কলিতা ৰ আগত। তাৰে ফলস্বৰূপে এই ভুমি পূজন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

এক মাংগলিক কাৰ্যৰ মাজৰে কৰা ভূমিপূজন পৰ্ব অনুষ্ঠান উপস্থিত থাকে মূৰ্তিৰ বিশেষ দাতা তিনিচুকীয়াৰ উদ্যমী যুৱক অলিপ দহোটীয়া, তেওঁৰ মাতৃ কৈশল্যা দহোটীয়া, পদ্মাথান দেৱালয় উন্নয়ন সমিতিৰ সভাপতি সম্পাদক, বিভিন্ন বিষয়ববীয়াৰ লগতে ভালে সংখ্যক ভক্তপ্ৰাণ ৰাইজ। ভূমি পূজন পৰ্বত পুৰোহিত হিচাপে সহযোগিতা কৰে দিনেশ্বৰ শৰ্মাই। ভূমি পূজন কৰি দহোটীয়াই দেৱালয় খনৰ সৰ্বাংগীন উন্নয়নৰ বাবে সমিতিখনৰ লগত এক হৈ কাম কৰাৰ লগতে অহাবৰ্ষৰ দুৰ্গা পূজা আটকধুনীয়া কৈ উদযাপন কৰাৰ কথা জানিবলৈ দিয়ে। প্ৰায় ২৫ ফুট উচ্চতাৰ নিৰ্মাণ কৰিবলগীয়া ভগৱান শ্ৰী ৰামচন্দ্ৰ ৰ প্ৰতিমূৰ্ত্তি টো এবছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলিও মত ব্যক্ত কৰে। ইয়াৰ পূৰ্বে দেৱালয়ত উপস্থিত হোৱাৰ সময়ত দহোটীয়া ক উষ্ম আদৰণি জনোৱা হয়। লগতে ভূমি পূজন অনুষ্ঠানত দহোটীয়াক এটা জাপি, চেলেং চাদৰ, কাছৰ প্ৰতিক, ভগৱান শ্ৰী ৰামচন্দ্ৰৰ ফটো আৰু এখন গামোচাৰে অভিনন্দন জনোৱাৰ লগতে তেওঁৰ মাতৃ কৈশল্যা দহোটীয়াকো সম্বৰ্ধনা জনোৱা হয়।

Leave A Reply

Your email address will not be published.