গড়মূৰ শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

মাজুলীৰ প্ৰথমখন শাখা সভা গড়মূৰ শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক সাধাৰণ সভাখনি গড়মূৰ সদৰ প্ৰাথমিক বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়।

পুৱা পৰিৱেশ নিকাকৰণৰ পাছতে শাখা সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সভাপতি কাজল দত্তই। পতাকা উত্তোলন কৰি তেখেতে শাখাৰ প্ৰতিষ্ঠা কালৰে পৰা সকলো কাৰ্যসূচীৰ কথা সোঁৱৰণ কৰে। ইয়াৰ পাছতে বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কৰে শাখাৰ উপ-সভাপতি ৰূপক ভূঞা আৰু তৰুণ সৰকাৰে।

স্থানীয় শিশু শিল্পী প্ৰাচুৰ্য্যা প্ৰিয়ম বৰুৱাই পৰিৱেশন কৰা বৰগীতেৰে দ্বি-বাৰ্ষিক সাধাৰণ সভাখন শুভাৰম্ভ হয়। সভাখন উদ্বোধন কৰে শাখাৰ প্ৰাক্তন সভাপতি নীলমণি ভূঞাই। তেখেতে শাখা সভাৰ অতীত আৰু বৰ্তমানৰ কাৰ্য্যসূচীসমূহৰ লগতে সভাপতি-সম্পাদক আৰু বিষয়ববীয়াসকলৰ কৰ্মৰাজীৰ কথা সভাত অৱগত কৰে।

ইয়াৰ পিছত সম্পাদক ভবানন্দ হাজৰিকাই সম্পাদকীয় প্ৰতিবেদনখন পাঠ কৰে আৰু সাধাৰণ সভাই গৃহীত কৰে। সভাত জিলা পৰ্যবেক্ষক হিচাবে ক্ৰমে অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্ৰীবন্ধন উপসমিতিৰ আহ্বায়ক মনোজ্যোতি ৰেগন, অসম সাহিত্য সভাৰ কুঁহি উপসমিতিৰ আহ্বায়ক শংকুসিদ্ধ নাথ, মাজুলী জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত জিলা প্ৰতিনিধি মহিম চন্দ্ৰ নাথ উপস্থিত থাকি বক্তব্য আগবঢ়ায়।

উক্ত সভাতে গড়মূৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন বিষয়ববীয়া ক্ৰমে ভূপেন দত্ত, ৰেণুমালা দত্ত, ৰবীন মুদৈ, মিনতি শইকীয়া, গুণমণি নাথে বক্তব্য প্ৰদান কৰে।

আগন্তুক ২০২৩-২৫ বৰ্ষৰ বাবে অনিল সৰকাৰক সভাপতি, সৰযু দত্ত বৰুৱা, অনল কামনা আৰু মানিক বৰুৱাক উপ-সভাপতি, ফিজু দত্তক সম্পাদক, তিলক বৰুৱা, সঞ্জিত অসম বৰা আৰু বিজু বৰুৱাক সহ:কাৰী সম্পাদক, ৰেখা বৰুৱাক পত্ৰিকা সম্পাদক, মাখন শইকীয়াক কুঁহি উপসমিতিৰ আহ্বায়ক, অমৃত দাসক ৰামধনু উপসমিতিৰ আহ্বায়ক, প্ৰণতি হাজৰিকাক আকাশ উপসমিতিৰ আহ্বায়ক, বিপুল হাজৰিকাক কোষাধ্যক্ষ, মুক্তি হাজৰিকাক সাংস্কৃতিক উপসমিতিৰ আহ্বায়ক হিচাপে লৈ ২১ জনীয়া সমিতিখন গঠন কৰা হয়। সামগ্ৰিক অনুষ্ঠানটোৰ আঁত ধৰে সম্পাদক ভবানন্দ হাজৰিকাই।

Related Articles