এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, ‘‘অসম তথা উত্তৰ–পূবত উগ্ৰপন্থীৰ সংঘাতে জুৰুলা কৰিছে। চাহৰ ক্ষেত্ৰত অসম একক আৰু অনন্য আছিল। কিন্তু শেহতীয়াকৈ বাহিৰৰ পৰা অসমলৈ চাহ অহা আৰম্ভ হৈছে। অসমৰ তেলেৰে অসমৰ চাহিদা পূৰণ নহয়। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ বাবে অসমত বৃদ্ধি পাইছে পেট্ৰ’ল–ডিজেলৰ মূল্য।’’ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৭৮ চনৰ পৰা অসমত আৰম্ভ হৈছিল আন্দোলন–প্ৰতিবাদ। আত্মনিৰ্ভৰশীল হোৱাৰ লক্ষ্য স্থিৰ কৰা নহ’ল। বিগত ৭৫ বছৰ পূৰ্বে অসমৰ থকা সুবিধাসমূহ পুনৰ গ্ৰহণ কৰিব লাগিব। অহা ৫ বছৰত অসমৰ ৰাজহ বৃদ্ধি কৰিব লাগিব। বিগত ১০ বছৰত কিছু উন্নয়নৰ বাট দেখুওৱা হৈছে।
‘‘কৰ্ম সংস্কৃতিৰ বাহিৰে একো হ’ব নোৱাৰে। মুখ্যমন্ত্ৰী কেতিয়াও অৰ্থনীতিবিদ নহয়, মুখ্যমন্ত্ৰী বুদ্ধিজীৱী নহয়। অসমৰ উন্নয়নৰ বাবে প্ৰতিগৰাকী অসমীয়াই চিন্তা কৰিব লাগিব। আমাৰ মানুহে চিন্তা কৰিব নিবিচাৰে। আমাৰ মানুহক চৰকাৰৰ পৰা মাথোঁ দিব লাগে। অসমলৈ অহা ট্ৰাক সমূহ ভৰ্তি, কিন্তু অসমৰ পৰা ট্ৰাকসমূহ খালী যায়। মাথোঁ মেঘালয়ৰ কয়লাভৰ্তি ট্ৰাক যায় বাহিৰলৈ।’’ – মন্তব্য মুখ্যমন্ত্ৰীৰ।কেন্দ্ৰৰ পৰা টকা নাহিলে আমি চলাব নোৱাৰো বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, আমি কোন, আমি ক’ত আছো, আত্মবিশ্লেষণ কৰিব লাগিব। আমি এখন নতুন অসম গঢ় দিব বিচাৰো। কিন্তু এয়া কেতিয়াও চান্দা সংস্কৃতি হ’ব নোৱাৰে।
মুখ্যমন্ত্ৰীয়ে কয়, আজিৰ দিনত আটাইতকৈ ডাঙৰ বৃত্তিটো হৈছে ৰাজনীতি। ৰাজনীতিকে প্ৰতিটো দিনত পৰীক্ষা দিব লাগে। ৰাজনীতিকে পৌৰ সভা, পৌৰ নিগমৰ পৰীক্ষা দিব লাগে। সবাতোকৈ ডাঙৰ পৰীক্ষা হ’ব ৫ বছৰত। IAS এবাৰ পৰীক্ষা দিলে জীৱন ভৰ পৰীক্ষা শেষ। ৰাজনীতিৰ পৰীক্ষা সদায় হয়। অসমত এচাম নতুন ৰাজনীতিক লাগে। খুব কাম কৰা বাবে হাবিয়াস থাকিব লাগিব। সদায় পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ হাবিয়াস থাকিব লাগিব।