আমাৰ ঐতিহ্য, আমাৰ সংস্কৃতি ৰক্ষাৰ দায়িত্ব প্ৰতিজন অসমীয়াৰ। আমি আমাৰ ঐতিহ্য-সংস্কৃতি ৰক্ষা কৰিব নোৱাৰিলে ভৱিষ্যতে জাতিটোৱে অস্তিত্বৰ সংকটত ভুগিব। সেয়েহে প্ৰতিজন খিলঞ্জীয়া লোকেই দায়ৱদ্ধতাৰে নিজৰ ঐতিহ্য-সংস্কৃতিক জীয়াই ৰখাৰ দায়িত্ব গ্ৰহণ কৰক। চৰকাৰে জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে সদায়েই সাজু আছে। এই মন্তব্য অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনৰ। চৰাইদেউ মৈদাম প্ৰত্নতাত্বিক স্থানত অনুষ্ঠিত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে। উল্লেখ্য যে অসম প্ৰত্নতত্ব সঞ্চালকালয়ে প্ৰতি বছৰে উদযাপন কৰি অহা বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান এইবাৰ চৰাইদেউ মৈদাম প্ৰত্নতাত্বিক স্থানত চৰাইদেউ জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত কৰে। খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ অন্তৰ্গত প্ৰত্নতত্ব সঞ্চালকালয়ৰ উদ্যোগত আজিৰেপৰা ২৫ নৱেম্বৰলৈকে অনুষ্ঠিত হব বিশ্ব ঐতিহ্য সপ্তাহৰ কাৰ্যসূচী। আজি অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰী যোগেন মহনে আগন্তুক তিনি বছৰৰ ভিতৰত বিশ্ব ঐতিহ্যৰ তালিকাত চৰাইদেউ মৈদাম ক্ষেত্ৰৰ নাম অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে। ইফালে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰেও আগন্তুক তিনিবছৰৰ ভিতৰত চৰাইদেউৰ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰা লগতে এইক্ষেত্ৰত স্থানীয় ৰাইজৰ সহযোগিতা কামনা কৰে। উল্লেখ কৰা প্ৰয়োজন যে ১৯৭২ চনত সংযুক্ত ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত ইউনেস্কোৰ সাধাৰণ সভাই সমগ্র বিশ্বৰ কেইটামান বিশেষ সাংস্কৃতিক ঐতিহ্যৰ স্বাক্ষৰ বহনকাৰী প্ৰাকৃতিক আৰু সাংস্কৃতিক সম্পদৰাজিক বিশ্ব ঐতিহ্য হিচাপে তালিকাভুক্ত কৰি ৰক্ষণাবেক্ষণ দিবলৈ বিশেষ উদ্যোগ গ্ৰহণ কৰে। বিশ্ব ঐতিহ্যৰ তালিকাত ভাৰতবৰ্ষৰ ৩৮ টা সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্য ই এতিয়ালৈকে স্থান লাভ কৰিছে। ইয়াৰ ভিতৰত অসমৰ কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নামো অন্তৰ্ভুক্ত হৈছে যদিও এতিয়ালৈকে অসমৰ কোনো এটা সাংস্কৃতিক ঐতিহ্যই স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই । ইয়াৰ পৰিপ্ৰেক্ষিতত নদীদ্বীপ মাজুলীৰ লগতে আহোম ৰাজত্বৰ প্ৰথমটো স্থায়ী ৰাজধানী তথা পৰৱৰ্তী সময়ত সমাধিস্থল হিচাপে পৰিণত হোৱা আহোম ৰাজত্বকালৰ ঐতিহ্য বহনকাৰী চৰাইদেউৰ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ কৃষাণচান্দ নোৰিয়েলৰ তত্বাৱধানত বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। অসম চৰকাৰে ইতিমধ্যে বিশ্ব ঐতিহ্যৰ প্ৰাৰম্ভিক তালিকাত অন্তৰ্ভুক্ত হোৱা চৰাইদেউ প্ৰত্নতাত্বিক ক্ষেত্ৰক বিশ্ব ঐতিহ্যৰ মূল তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ আন্তগাঠনি উন্নয়ন, ডচিয়াৰ প্ৰস্তুতকৰণ, সংস্কৰণ ইত্যাদিৰ কাম পূৰ্ণগতিত ৰূপায়ণ কৰি আছে। পৰিকল্পনা অনুসৰি যদিহে সকলো কাম সময়মতে সম্ভৱ হৈ উঠে তেনেহলে আগন্তুক তিনি বছৰৰ ভিতৰত চৰাইদেউৰ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হব। ইয়াৰ ফলত শিৱসাগৰ আৰু চৰাইদেউৰ আৰ্থসামাজিক তথা সাংস্কৃতিক মানচিত্ৰ সলনি হোৱাৰ লগতে বহু যুৱক-যুৱতীয়ে সংস্থাপন লাভ কৰিব। চৰাইদেউ মৈদাম ক্ষেত্ৰত আজি অনুষ্ঠিত হোৱা বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠানত এই কথা জনালে মন্ত্ৰী যোগেন মহন, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, পদ্মশ্ৰী যোগেন্দ্ৰনাথ ফুকন, প্ৰত্নতত্ব সঞ্চালকালয়ৰ সঞ্চালিকা দিপিৰেখা কুলি, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰাক্তন অধ্যক্ষ ড° দয়ানন্দ বুঢ়াগোহাঁই।
উল্লেখ্য যে,টাই আহোম ধৰ্মীয় প্ৰাৰ্থনা আই-চিং লাও পৰিৱেশনেৰে চৰাইদেউ মৈদামক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ শুভাৰম্ভ হয়। খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ প্ৰত্নতত্ব সঞ্চালকালয়ৰ উদ্যোগত আজি অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা লগতে পদ্মশ্ৰী যোগেন্দ্ৰনাথ ফুকন আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা উদ্বোধনী অনুষ্ঠানত চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱা, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, শিক্ষাবিদ ড° দয়ানন্দ বুঢ়াগোহাঁই, প্ৰাক্তন মন্ত্ৰী হিৰণ্য কোঁৱৰ, সোণাৰিৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈৰ ওপৰিও বহু কেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে।