মথুৰাৰ ৰজা উগ্ৰসেন বুঢ়াৰ হৈ অহাৰ লগে-লগে তেওঁৰ পুত্ৰ যুৱৰাজ কংস অতিকৈ অহংকাৰী আৰু নিষ্ঠুৰ হৈ পৰিল ৷ যুৱৰাজ কংসই বৃদ্ধ পিতৃ ৰজা উগ্ৰসেনক বন্দী কৰি নিজে ৰজা হ‘ল ৷ কংসৰ অত্যাচাৰত প্ৰজাৰ সুখ-শান্তি নোহোৱা হ’ল ৷ নিষ্ঠুৰ হ’লেও ৰজা কংসই ভনীয়েক দৈৱকীক বৰকৈ মৰম কৰিছিল ৷ দৈৱকীৰ বিয়াৰ উপযুক্ত বয়স হোৱাত কংসই সখীয়েক বসুদেৱৰ সৈতে দৈৱকীক বিয়া দিয়াৰ যা-যোগাৰ কৰিলে ৷ মহা আনন্দ আৰু ধূমধামেৰে বসুদেৱ আৰু দৈৱকীৰ বিয়া পাতিলে ৰজা কংসই ৷ প্ৰিয় ভগ্নীৰ বৰ উলহ-মালহেৰে বিয়াৰ কাৰ্য্য সমাপন কৰি ৰজা কংসই নিজেই বসুদেৱ আৰু দৈৱকীক ঘৰত থৈ আহিবলৈ নিজে ৰথ চলাই গৈছিল ৷ তেনে সময়তে তেওঁ আকাশবাণী শুনিবলৈ পালে———যে তেওঁৰ প্ৰাণবৈৰীৰ মাতৃক লগত লৈ আহিছে কিয়নো দৈৱকীৰ অষ্টম পুত্ৰই তেওঁক হত্যা কৰিব ৷ কংসই কথাষাৰ শুনি হিতাহিত জ্ঞান হেৰুৱাই পেলালে ৷ তেওঁ দৈৱকীক হত্যা কৰিবলৈ হাতত অস্ত্ৰ তুলি ল’লে ৷ বেয়া পৰিস্থিতিৰ উমান পাই বসুদেৱে কংসক বুজনি দিলে বোলে কংসৰ শত্ৰু দৈৱকী নহয় তেওঁলোকৰ অষ্টম পুত্ৰহে গতিকে দৈৱকীক ক্ষমা কৰি দিব লাগে ৷ বসুদেৱে কংসক জনালে যে যেতিয়াই তেওঁলোকৰ পুত্ৰ জন্ম হ’ব তেতিয়াই কংসৰ হাতত অৰ্পণ কৰিব ৷ কংসই বসুদেৱৰ কথাত মান্তি হ’ল যদিও বসুদেৱ আৰু দৈৱকীক কাৰাগাৰত বন্দী কৰি থ’লে ৷ সময় পাৰ হ’বলৈ ধৰিলে দৈৱকীয়ে এটি এটিকৈ ছটা সন্তান জন্ম দিলে যদিও নিষ্ঠুৰ কংসই গোটেইকেইটা শিশুক শিলত আচাৰি হত্যা কৰিলে ৷ সপ্তমবাৰত অনন্ত আহি দৈৱকীৰ উদৰত স্থিত হ’ল। ভগৱান নাৰায়ণৰ লীলা অপাৰ। ভগৱান নাৰায়ণে মহামায়াক ক’লে যে ———“ হে মহামায়া বসুদেৱৰ আনগৰাকী পত্নী ৰোহিনী কংসৰ ভয়ত গোকুলৰ ৰজা নন্দৰ ঘৰত আশ্ৰয় লৈ আছে। তুমি দৈৱকীৰ গৰ্ভত স্থিতি লোৱা সপ্তম সন্তানক ৰোহিনীৰ গৰ্ভত স্থাপন কৰাগৈ ৷মই দৈৱকীৰ অষ্টম সন্তান হিচাপে জন্ম ল’ম আৰু তুমি যশোদাৰ কন্যা সন্তান হিচাপে জন্ম ল’বা । বসুদেৱে মোক নন্দৰ ঘৰত থৈ আহিব আৰু তোমাক লৈ আহিব ৷“দৈৱকীৰ সপ্তম পুত্ৰৰ জন্মৰ সময় পাৰ হৈ গ’ল যদিও কোনেও কথাটো মনকাণ নিদিলে। দৈৱকীয়ে অষ্টম পুত্ৰৰ গৰ্ভধাৰণৰ কথা শুনাৰ পৰাই কংসৰ আশংকাত টোপনি নহা হ’ল ৷ তেওঁৰ মনটো অস্থিৰ হৈ পৰিল ৷ কংসই সকলো সময়তে ভয় আৰু শংকাত জীৱন নিয়াবলৈ ধৰিলে ৷ আকাশবাণী অথবা দৈৱবাণীৰ কথাবোৰে কংসৰ মনত সুখ-শান্তি নোহোৱা কৰিলে ৷ দিন পাৰ হ’বলৈ ধৰিলে ৷ দৈৱকীৰ অষ্টম পুত্ৰ ভগৱান নাৰায়ণৰ আগমনৰ সময় সমাগত হৈ পৰিছিল ৷ কংস এইবাৰ বেছি সাৱধান হ’ল ৷ কাৰাগাৰত প্ৰহৰীৰ সংখ্যা বঢ়াই দিলে ৷ বসুদেৱ-দৈৱকীৰ হাত-ভৰিত লোহাৰ শিকলি লগোৱা হ’ল ৷ তেওঁ নিজেও কাৰাগাৰত আহি দৈৱকীক নিৰীক্ষণ কৰিবলৈ ধৰিলে ৷ গৰ্ভস্থ সন্তানৰ প্ৰভাৱত দৈৱকীৰ দিব্য ৰূপত জিলিকি পৰিল ৷ কংসই আগতে দৈৱকীৰ তেনে ৰূপ কেতিয়াও দেখা নাছিল ৷ কংসই প্ৰাণবৈৰী বিষ্ণুৰ চিন্তাই দিনে-নিশাই অশান্তি দি থাকিবলৈ ধৰিলে ৷ খাওঁতে-শোওঁতে, উঠোঁতে-বহোঁতে সকলো সময়তে তেওঁৰ মনৰ পৰা বিষ্ণুৰ চিন্তা আঁতৰি নোযোৱা হ’ল ৷ শেষত এনে হ’ল যে তেওঁ চকুৰ আগতে প্ৰাণবৈৰী বিষ্ণুক দেখিবলৈ পালে ৷
ভাদমাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত বসুদেৱ-দৈৱকীৰ বন্দীশালৰ কোঠাটো এক উজ্জ্বল পোহৰে পোহৰাই তুলিলে ৷ তেওঁলোকৰ অষ্টম পুত্ৰৰ ওপজাৰ লগে-লগে এক অদ্ভুত দৃশ্য তেওঁলোকে দেখিবলৈ পালে ৷ শ্যাম বৰণৰ সুন্দৰ শৰীৰৰ শংখ-চক্ৰ-গদা-পদ্মধাৰী চতুৰ্ভুজ বালকক দেখি তেওঁলোক নিশ্চিত হ’ল যে তেওঁলোকৰ ভগৱান নাৰায়ণে মানৱী ৰূপ ধাৰণ কৰিছে ৷ এই কথা বুজিব পাৰি তেওঁলোকে ভগৱান নাৰায়ণক স্ত্ততি কৰিবলৈ ধৰিলে । পিছত বসুদেৱে ক’লে — “ হে প্ৰভু , আকাশবাণী শুনি নিষ্ঠুৰ কংসই তোমাৰ অগ্ৰজসকলক নিষ্ঠুৰভাৱে হত্যা কৰিলে ৷ গতিকে তুমি সাৱধান হোৱা প্ৰভু ৷ মোৰ কংসৰ কাৰণে অন্তৰ কঁপি থাকে ৷ তোমাৰ এই ৰূপ দেখিলে কংসই তোমাৰ বিপদ ঘটাব প্ৰভু ৷“
বসুদেৱৰ কথা শুনি বালকৰূপী নাৰায়ণে মধুৰ হাঁহি মাৰি ক’বলৈ ধৰিলে —“ তোমালোক দুয়োজনে তোমালোকৰ পূৰ্বজন্মৰ কথা শুনাহক ৷ পূৰ্বজন্মতে তোমালোক সুতপা প্ৰজাপতি আৰু সতী পৃষ্ণি আছিলা ৷ ব্ৰহ্মাৰ আদেশত তুমি ৰ’দ-বৰষুণ নেওচি মোক হাজাৰ হাজাৰ বছৰ ধৰি আৰাধনা কৰিছিলা ৷ তোমালোকৰ তপস্যাত তুষ্ট হৈ তোমালোকক দেখা দিছিলোঁ। তোমালোকে মোক পুত্ৰৰূপে বিচাৰিছিলা ৷ তাৰপিছত মই তোমালোকৰ সন্তান পৃষ্ণিগৰ্ভ নামে জন্ম লৈছিলোঁ ৷ তাৰপাছততোমালোক অদিতি আৰু কাশ্যপৰূপে জন্ম হ’লা আৰু মই বামন নামে তোমালোকৰ পুত্ৰৰূপে জন্ম ল’লোঁ ৷ এয়া তোমালোকৰ তৃতীয় জন্ম । এইবাৰো মই তোমালোকৰ পুত্ৰ ৰূপে জন্ম ল’লোঁ । মোক তোমালোকে পুত্ৰ ৰূপে মৰম কৰিবা ৷ কংসৰ পৰা পোৱা ভয় নিবাৰণৰ উপায় শুনা ৷ বসুদেৱে মোক লৈ এতিয়াই গোকুললৈ গমন কৰা। যোগমায়াই নন্দ-যশোদাৰ কন্যা সন্তান হিচাপে জন্ম গ্ৰহণ কৰিছে । তুমি মোক তাত থৈ সেই কন্যাক লৈ আহিবা ৷বিলম্ব নকৰি মোৰ কথামতেই কাম কৰা। “কথাখিনি শেষ হোৱাৰ পিছতে নাৰায়ণৰ দিব্যৰূপ নিমিষতে নাইকিয়া হৈ এটি সদ্যোজাত শিশু দৈৱকীৰ কাষত শুই থকা দেখা গ’ল । ভগৱানৰ কথামতে শিশুটি কোলাত তুলিবলৈ লওঁতেই বসুদেৱ আৰু দৈৱকীৰ হাত-ভৰিৰ শিকলি আপোনা-আপুনি খুলি পৰিল ৷ আনফালে গোকুলত যোগমায়াই নন্দ-যশোদাৰ কন্যা ৰূপে জন্ম গ্ৰহণ কৰিলে ৷ যোগমায়াৰ প্ৰভাৱত মথুৰা আৰু গোকুলৰ সকলো মানুহ গভীৰ টোপনিত লালকাল দিলে ৷ কাৰাগাৰৰ প্ৰহৰীসকলো গভীৰ টোপনিত অচেতন হৈ পৰি থাকিল ৷
কৃষ্ণক লৈ বসুদেৱ আগবঢ়াৰ লগে-লগে কাৰাগাৰৰ দুৱাৰবোৰ নিজে-নিজে মুকলি হৈ গ’ল ৷
বাহিৰত বতাহ-বৰষুণ চলি আছিল । আকাশত ঘনে-ঘনে মেঘে গৰ্জিছে ৷ শিল-বৰষুণে ৷ চৌদিশে আন্ধাৰে বিৰাজ কৰিছে। কাৰাগাৰৰ বাহিৰত ভৰি দিয়াৰ লগে-লগে অনন্তই নিজৰ ফণা বিস্তাৰ কৰি মুৰৰ ওপৰত ঢাকি ধৰিলে । বসুদেৱে যমুনা নদীৰ পাৰ পালেগৈ। যমুনাখন পাৰ হ’লেই সিপাৰত গোকুল ৷ভৰ বাৰিষাত যমুনা ফেনে-ফুটুকাৰে ভৰপূৰ হৈ আছে । বসুদেৱে ভগৱান নাৰায়ণক স্মৰণ কৰি যমুনা নদীত নামিলে। যমুনাই বসুদেৱক বাট ওলিয়াই দিলে। বসুদেৱে কম সময়তে গোকুলত উপস্থিত হ’ল আৰু নাৰায়ণে কোৱাৰ ধৰণেৰে কামবোৰ কৰিলে। ভগৱান কৃষ্ণক যশোদাৰ কাষত শুৱাই থৈ তেওঁৰ কন্যাক মথুৰালৈ লৈ আহি দৈৱকীৰ কাষত শুৱাই দিলেহি। এই কাম কৰি উঠাৰ পিছতে বসুদেৱৰ হাত-ভৰিবোৰত পুনৰ শিকলি লাগি গ’ল ৷ কাৰাগাৰৰ দুৱাৰ আপোনা-আপুনি বন্ধ হৈ গ’ল। প্ৰহৰীসকলো টোপনিৰ পৰা সাৰ পাই উঠিল ৷ দৈৱকীৰ কোঠাৰপৰা কেঁচুৱাৰ কান্দোন শুনি প্ৰহৰীসকলে কংসক অৱগত কৰিলে যে দৈৱকীৰ অষ্টম সন্তানে পৃথিৱীত পৰিল ৷ এই বতৰা পোৱাৰ লগে-লগে কংসই উগ্ৰমূৰ্তি ধৰি হাতত অস্ত্ৰ লৈ দৈৱকীৰ ওচৰত উপস্থিত হ’ল ৷ কংসৰ উগ্ৰমূৰ্তি দেখি দৈৱকী ভয়ত বিব্ৰত হৈ কংসক কাকূতি-মিনতি কৰিবলৈ ধৰিলে ৷ দৈৱকীয়ে কান্দি-কান্দি ক’লে —“ দাদা তুমি আকাশবাণী শুনি মোৰ ছটাকৈ সন্তানক হত্যা কৰিলা ৷ এইবাৰৰ মোৰ সন্তানটি ল’ৰা নহয় ছোৱালীহে ৷ তাইক মাৰি তুমি পাপ নকৰিবা দাদা ৷ তাই তোমাৰ ভাগিনী ৷ তাইক মাৰিলে তোমাক জগতে হাঁহিব । মই আঁচল পাতি মোৰ কন্যা সন্তানৰ প্ৰাণ ভিক্ষা মাগিছোঁ ৷ “দৈৱকীৰ কোনো কথাই কংসৰ কাণত নোসোমাল ৷ তেওঁ দৈৱকীৰ বুকুৰ মাজৰ পৰা কেঁচুৱাটো টানি আজুৰি আনি শিলত এচাৰ মাৰিবলৈ লওঁতেই কেঁচুৱাটোৱে কংসৰ হাতৰ পৰা এৰাই শূন্যলৈ উৰি গ’ল ৷ কেঁচুৱাটোৱে দিব্য ৰূপ ধাৰণ কৰি কংসক কবলৈ ধৰিলে— “ নিষ্ঠুৰ কংস , তই মোক মাৰিব নোৱাৰ ৷ মই যোগমায়া ৷ তোৰ প্ৰাণবৈৰী এই পৃথিৱীত জন্ম লৈছে। তেওঁৰ হাততেই তোৰ মৃত্যু অনিবাৰ্য। তোৰ প্ৰাণবৈৰী আন এঠাইত সুকলমে আছে ৷ তই মিছাতে বসুদেৱ-দৈৱকীক হাৰাশাস্তি কৰিলি ৷ তোৰ পতন অতি সোনকালে হ’ব ৷“ এই বুলি কৈ যোগমায়া অন্তৰ্ধান হ’ল ৷ কংসই যোগমায়াৰ কথা শুনি ভয় খালে যদিও নিষ্ঠুৰ হৃদয়ৰ কংসৰ অত্যাচাৰ দিনকদিনে বাঢ়িবলৈ ধৰিলে ৷ কংসই সেইসময়ত জন্ম হোৱা সকলো শিশুকে মাৰিবলৈ দৈত্য-দানৱক আজ্ঞা দিলে ৷ কংসৰ আজ্ঞা পাই দৈত্য-দানৱসকল আগতকৈ অধিক অত্যাচাৰী হ’বলৈ ধৰিলে ৷ সিহঁতে এফালৰপৰা শিশুসকলক বধ কৰিবলৈ ধৰিলে। ভগৱান কৃষ্ণই শিশু কালৰেপৰা নানান ধৰণৰ লীলা কৰিবলৈ ধৰিলে ৷
প্ৰাণ প্ৰতিমা বড়া