Breaking

বিশ্ব হিন্দু পৰিষদ-এবিভিপিৰ কাৰ্যকৰ্তাৰ অন্তৰ্ভূক্তিৰে সম্প্ৰসাৰিত ‘আয়ুষ্কাম’ৰ সঞ্চালক মণ্ডলী ! গুৱাহাটীত গঢ়ি তোলা হ’ব জৈৱিক পাচলিৰ বজাৰ…

0 9

বিশ্ব হিন্দু পৰিষদ-এবিভিপিৰ কাৰ্যকৰ্তাৰ অন্তৰ্ভূক্তিৰে সম্প্ৰসাৰিত ‘আয়ুষ্কাম’ৰ সঞ্চালক মণ্ডলী

গুৱাহাটীত গঢ়ি তোলা হ’ব জৈৱিক পাচলিৰ বজাৰ

ফুলৰ খেতিৰে স্বাৱলম্বী কৰাৰ লক্ষ্য আৰ এছ এছৰ স্বয়ংসেৱকক

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ভগ্নী সংগঠন সহকাৰ ভাৰতীৰ স্বীকৃতিপ্ৰাপ্ত আয়ুষ্কাম বহুমুখী সমবায় সমিতি লিমিটেডৰ এখন সাধাৰণ সভা আজি গুৱাহাটীৰ নুনমাটিৰ চূণচালি ঘাটৰ লক্ষ্মী মন্দিৰত অনুষ্ঠিত হয়। ‘আয়ুষ্কাম’ৰ অধ্যক্ষ অশোক শইকীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত চূণচালিৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত ইতিমধ্যে ৰূপায়ন কৰা কৃষি প্ৰকল্প কৃষি-পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰা হয়। সাধাৰণ সভাই সমবায় সমিতিখনৰ অন্যতম প্ৰতিষ্ঠাপক তথা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰাক্তন জিলা কাৰ্যকৰ্তা ৰঞ্জন কুমাৰ চক্ৰৱৰ্তী, বিশ্ব হিন্দু পৰিষদৰ খানাপাৰা প্ৰখণ্ডৰ সভাপতি প্ৰভাত চন্দ্ৰ ঠাকুৰীয়া, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰবীণ স্বয়ংসেৱক হৰিচন্দ্ৰ শৰ্মা,

অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ উপাধ্যক্ষ জয়ন্ত ডেকা, ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য যোগেশ কলিতা, প্ৰাঞ্জল বৰুৱা, প্ৰদীপ দত্ত, মহানন্দ কলিতা আৰু নিপন ভূঞাক ‘আয়ুষ্কাম’ৰ সঞ্চালক হিচাপে মনোনীত কৰে। সভাই ব্ৰহ্মপুত্ৰ চাপৰিত চলিত বৰ্ষৰপৰাই বিভিন্ন মাহজাতীয় শষ্যৰ উৎপাদনত গুৰুত্ব আৰোপ কৰি কাৰ্যব্যৱস্থা লয়। গুৱাহাটী মহানগৰীৰ নাগৰিকসকলক জৈৱিক পাচলি সময়ত যোগান ধৰাৰ বাবে সভাই বিশেষ ব্যৱস্থা গ্ৰহণ কৰে। ৰাজ্যৰ জলসিঞ্চন মন্ত্ৰী অশোক সিংঘালৰ সৈতে ‘আয়ুষ্কাম’ৰ অধ্যক্ষ অশোক শইকীয়াৰ নেতৃত্বত সঞ্চালক ৰঞ্জন কুমাৰ চক্ৰৱৰ্তী, প্ৰভাত চন্দ্ৰ ঠাকুৰীয়া, হৰিচন্দ্ৰ শৰ্মা আৰু যোগেশ কলিতাই

এক আলোচনাত মিলিত হৈ চূণচালিৰ কৃষি প্ৰকল্পত পানী যোগানৰ লগতে সৌৰশক্তিৰ ব্যৱস্থা গ্ৰহণৰ বাবে জনোৱা অনুৰোধক্ৰমে ইতিমধ্যে বিভাগীয়ভাৱে লোৱা ব্যৱস্থাৰ বিষয়ে উপস্থিত সদস্যসকলক অৱগত কৰোৱা হয়। আজিৰ সাধাৰণ সভাই চুণচালিৰ চাপৰিত ব্যৱসায়িকভিত্তিত ফুলৰ খেতিৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱকসকলক স্বাৱলম্বী কৰি গঢ়ি তোলাত অধিক গুৰুত্ব প্ৰদান কৰে। সভাই নতুন সদস্য ভৰ্তিকৰণৰ লগতে ‘আয়ুষ্কাম’ৰ সৈতে যৌথ প্ৰচেষ্টাত কৃষি বিপ্লৱ গঢ়ি তুলিব বিচৰাসকলৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবে সঞ্চালক মণ্ডলীক দ্বায়িত্ব আৰোপ কৰে।

Leave A Reply

Your email address will not be published.