Breaking

ৰাজ্যত বান বিভিষীকাৰ মাজতে মৃতদেহ উদ্ধাৰকলৈ বিলাসীপাৰাত চাঞ্চল্য, টিপকাই নৈৰ পানীত উটি আহিল পুৰুষৰ মৃতদেহ

0 143

সমগ্ৰ ৰাজ্যৰ অধিকাংশ অঞ্চল বাঢ়নি পানীয়ে বুৰাই ৰখা সময়তে ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী থানাৰ অন্তৰ্গত তামাকুবাৰী গাঁৱত এজন পুৰুষৰ মৃতদেহ উদ্ধাৰ হয়।

টিপকাই নৈৰ পানীত ভাহি অহা মৃতদেহটো দেখি স্থানীয় ৰাইজে ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়ে আৰু কিছুসময় পিছতেই আৰক্ষী উক্ত স্থানত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

উল্লেখযোগ্য যে মৃতদেহ উদ্ধাৰৰ খবৰ বিয়পি পৰাত অঞ্চলজুৰি এক চাঞ্চল্যকৰ পৰিস্থিতিৰ উদ্ভৱ হয় ৷ পৰবৰ্তী সময়ত আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত হৈ ৰাইজৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰে৷

-জিয়াৰুল আলম, বিলাসীপাৰা

Leave A Reply

Your email address will not be published.