আত্মহত্যা আৰু যুৱপ্ৰজন্মলৈ আহ্বান….

অংশুমান ভূঞা

ভাৰতবৰ্ষ এখন যুৱ সংখ্যাগৰিষ্ঠ দেশ। আজিৰ যুৱপ্ৰজন্ম কাইলৈ দেশৰ ভৱিষ্যৎ। কিন্তু যুৱপ্ৰজন্মৰ একাংশৰ বিভিন্ন কৰ্ম-কাণ্ডই সমাজৰ সচেতন মহলক প্ৰায়েই বিব্ৰত কৰি আহিছে। নিচাগ্ৰস্ততা, মোবাইল-বাইকৰ আসক্তি, প্ৰেমৰ নামত ব্যভিচাৰ, জ্যেষ্ঠজনৰ প্ৰতি সৌজন্যবোধৰ অভাৱ, পাশ্চাত্য সংস্কৃতিৰ অন্ধ অনুকৰণ আদিয়ে যুৱপ্ৰজন্মক কলুষিত কৰি আহিছে। এই স্খলনৰ সুলভ দৃশ্যৰ বাবে গোটেই প্ৰজন্মটোৱে দোষৰ সমভাগী হ’বলগীয়া হৈছে। যুৱপ্ৰজন্মই তেনে আন এক সমাজৰ বাবে অত্যন্ত চিন্তনীয় বিষয়ৰ উদ্ৰেক ঘটাইছে আৰু সেয়া হৈছে আত্মহত্যা। মানুহৰ জীৱনটোৱেই হৈছে সুখ-দুখ, সমস্যা-সফলতাৰ সমষ্টি। দুখ-বিফলতাতেই সুখ-সফলতাৰ সোপান তৈয়াৰ কৰাতেই জীৱনৰ প্ৰকৃত মাদকতা। দুখ আছে বাবেই আমি সুখৰ অনুভৱ উপভোগ কৰি আপ্লুত হওঁ‌। বিফলতা আছে বাবেই সফলতাক আঁ‌জুৰি আনিবৰ বাবে উত্ৰাৱল হওঁ‌, সফলতাত সীমাহীন আনন্দ পাওঁ‌। কিন্তু বৰ্তমান প্ৰজন্মটোৰ কিছুমানৰ মাজত সেই ধৈৰ্যৰ খুবেই অভাৱ। প্ৰতিযোগিতামূলক জীৱনৰ ধামখুমীয়াত সহজেই মানসিক চাপ, উদ্বিগ্নতা আদিৰ চিকাৰ হয়। সকলো নিজে বিচৰা ধৰণে কৰিব বিচাৰে আৰু তাৰ হেৰ-ফেৰ হ’লেই তীব্ৰ মানসিক সংঘাতত জৰ্জৰিত হয় আৰু এই চাপ সহিব নোৱাৰিয়ে চৰম সিদ্ধান্ত গ্ৰহণ কৰি সমাজলৈ বিভীষিকা নমাই আনে। এনেকুৱা এক জটিল পৰিস্থিতি আহি পৰিছে যে নিঃস্বাৰ্থভাৱে সন্তানৰ আজন্ম মংগল কামনা কৰা মাক-দেউতাকেও আজি নিজ সন্তানক টানকৈ এষাৰ কথা ক’বলৈ শতবাৰ ভাবিবলৈ বাধ্য হয়। আমি সকলো সময়তে আশা কৰা ধৰণে যে সকলো লাভ কৰিম তেনেকুৱা কোনো ধৰা-বন্ধা কথা নাই। অপ্ৰাপ্তিতেই প্ৰাপ্তিৰ হেঁপাহক দুগুণ উদ্যমেৰে আগুৱাই নিব লাগিব। কিন্তু তাকে নকৰি সামায়িক বিফলতাতেই এটা অমূল্য জীৱন শেষ কৰি পেলোৱাটো অতিকৈ গৰ্হিত কাম। এই মানসিকতা নিঃশেষ কৰিবলৈ নিজক ভালপাবলৈ শিকিব লাগিব। আটায়ে বুজিব লাগিব যে প্ৰতিটো সমস্যাৰে সমাধান সূত্ৰ থাকিবই। সমাধানৰ পথৰ সন্ধানত ধৈৰ্য সহকাৰে সমস্যাৰে যুঁজি যাবলৈ শিকিব লাগিব। কাৰণ সফলতাৰ চমু বাট নাই। আমাৰ জীৱনলৈ বিভিন্ন সময়ত ভিন ভিন কাৰণত নিৰাশা-হতাশা অহাটো তেনেই স্বাভাৱিক। কিন্তু তাতেই ভাগি পৰি তিলতিলকৈ নিজকে ধ্বংস কৰাৰ সলনি এই পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবলৈ সমস্যা সম্বন্ধে আনৰ সৈতে মুকলি মনেৰে আলোচনা কৰাহে উচিত। আমাৰ জীৱনৰ আদি পাঠশালাই হৈছে প্ৰকৃতি। প্ৰকৃতিৰ পৰাই আমি জীৱন জীয়াৰ পাঠ লাভ কৰিব পাৰোঁ‌। সেয়ে প্ৰকৃতিৰ সৈতে একাত্ম হোৱা উচিত। প্ৰকৃতি জগতৰ প্ৰতিটো বস্তুৱে অনাবিল আনন্দ, অনুপ্ৰেৰণাৰ সমল। গছ, নৈ, তৰা আদিৰ সৈতে বন্ধুত্বই আমাক জীৱনৰ বহু আশাৰ বতৰা দি যায়। শৈক্ষিক জীৱনৰ বিফলতাও কুমলীয়া শিক্ষাৰ্থীসকলৰ আত্মহত্যাৰ এক অন্যতম কাৰণ হিচাপে দেখা দিছে। আমাৰ নম্বৰসৰ্বস্ব শিক্ষা ব্যৱস্থাৰ চাপ ইয়াৰ বাবে দায়ী। কিন্তু এটা মাথোঁ পৰীক্ষাত বিফলতাই আমাৰ জীৱন কোনোপধ্যেই শেষ কৰিব নোৱাৰে। নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব। লক্ষ্য অটুট ৰাখিব লাগিব। তেতিয়া সফলতাও অনিবাৰ্য। এই জগতত এনে বহু গুণৱন্ত পুৰুষৰ উদাহৰণ পোৱা যাব যাৰ আনুষ্ঠানিক শিক্ষা ক্ষেত্ৰৰ প্ৰদৰ্শন অত্যন্ত নিম্ন। কিন্তু তথাপিও তেওঁলোক বিশ্বত আজিও জিলিকি থাকিবলৈ সক্ষম হৈছে একমাত্ৰ তেওঁ‌লোকৰ হাৰিও নাহাৰা, ভাগৰিও নাভাগৰা অদম্য মনোবলৰ বাবে। নিজৰ ওপৰত বিশ্বাস ৰাখি তেওঁলোকে অন্য ক্ষেত্ৰত উজ্বলি উঠি জীৱন ধন্য কৰাৰ লগতে মানৱ জাতিৰ কল্যাণ সাধিছিল। সেয়ে শিক্ষাৰ্থীসকলে এটা কথা মনত ৰখা উচিত যে কেইটামান নম্বৰৰ ইফাল-সিফালে কেতিয়াও জীৱনৰ ইতি পেলাব নোৱাৰে। মনৰ দৃঢ়তা থাকিলে তাক পুনৰুদ্ধাৰ কৰা তেনেই সম্ভাৱ। প্ৰত্যেক মানুহ চাৰিওফালৰ পৰা সম্পূৰ্ণ দক্ষ নহ’লেও কিবা নহয় কিবা ধৰণেৰে দক্ষ। গতিকে পৰীক্ষাৰ ফলাফলেই সৰ্বোচ্চ কেতিয়াও নহয়। তাৰ উদাহৰণ আমাৰ চাৰিওফালেই অজস্ৰ পোৱা যাব। জীৱনৰ সুখ-সফলতা এটা সম্পূৰ্ণ বেলেগ বস্তু। কোমল বয়সৰ প্ৰেম আৰু ই অনা সংঘাত-বিচ্ছেদো আত্মহননৰ এক প্ৰধান কাৰণত পৰিণত হৈছে। প্ৰেম কেতিয়াও জীৱন ধ্বংসকাৰী হ’ব নোৱাৰে। প্ৰকৃত প্ৰেমে সদায় সৃষ্টিৰ সন্ধান কৰে। কিন্তু উঠি অহা চামৰ বহুতেই খন্তেকীয়া আৱেগত অন্ধ হৈ প্ৰেম বিচ্ছেদত আজন্ম সম্পৰ্ককো নস্যাৎ কৰি চৰম সিদ্ধান্ত লয়। এবাৰলৈও ভাবি নাচায় সেই মাতৃগৰাকীৰ কথা,যিয়ে জন্মৰ পূৰ্বতেই সম্পৰ্ক স্থাপন কৰে। সেই পিতৃজনৰ কথা, যিয়ে সন্তানৰ সুখ-সুবিধাৰ দিহা কৰি নিজৰ কষ্ট-অসুবিধাক চকু দিবলৈ আহৰি নাপায়। প্ৰেমৰ নামত সামাজিক জীৱন ত্যাগ কৰা মনোভাবৰ বাবেই বিচ্ছেদ সহ্যাতীত হোৱাৰ কথাক নুই কৰিব নোৱাৰি। সেয়ে খন্তেকীয়া আৱেগ পৰিহৰি জীৱন জীয়াৰ সাধনা কৰক। প্ৰেমক জীৱন হৰণকাৰী ৰূপে কলুষিত নকৰি জীৱনদায়িনী ৰূপত সজাই তোলক। জীৱনৰ কোনোবা নহয় কোনোবাখিনি সময়ত সমস্যা আহিবই, তাক আমি নুই কৰিব নোৱাৰো। কিন্তু সেইবুলি জীৱন অসুন্দৰ নহয়। সকলো আমাৰ হাতত। আমি জীৱনক সকলো বাধাৰ পৰা মুক্ত কৰি বোকাৰ পদুমৰ দৰে ফুলাব লাগিব। আনে কি ভাবিব সেই কথাত মূৰ ঘমাই নিজক শেষ কৰাৰো যুক্তি নাই। নিজৰ জীৱন সুস্থভাৱে পৰিচালনা কৰাহে মূল। মানুহ সামাজিক প্ৰাণী। গতিকে আমি কেতিয়াও অকলশৰীয়া নহয়। সেয়ে নৱপ্ৰজন্মলৈ আহ্বান সমস্যাৰ পৰা পলায়ন কৰাৰ পৰিৱৰ্তে তাৰ সৈতে যুঁজাৰ মানসিকতা গঢ়ক, সেই যুঁজত আন বহুজন সহায়ৰ হাত হ’বলৈ নিশ্চয় আগবাঢ়ি আহিব। এয়া জীৱনৰ আৰম্ভণিহে, আৰু বহু যোজন বাট আমি হাতে হাত ধৰি আগুৱাই যাবলৈ আছেই। শেষত জীৱনবোৰ সুন্দৰ হওক, তাৰেই কামনাৰে।

Related Articles