Breaking

লেপটপ, টেবলেট আৰু কম্পিউটাৰৰ আমদানিত প্ৰতিবন্ধকতা লগালে কেন্দ্ৰই, কিন্তু কিয়?

0 83


ভাৰত চৰকাৰে এইচএছএন ৮৭৪১ শ্ৰেণীৰ অন্তৰ্গত লেপটপ, টেবলেট আৰু ব্যক্তিগত কম্পিউটাৰ আমদানিৰ ক্ষেত্ৰত তাৎক্ষণিক নিষেধাজ্ঞা আৰোপ কৰিছে। এই সন্দৰ্ভত জাৰি কৰা চৰকাৰী অধিসূচনা অনুসৰি সীমাবদ্ধভাবে এনে সামগ্ৰীৰ আমদানি কেৱল বৈধ অনুজ্ঞাপত্ৰৰ বিপৰীতেহে অনুমোদিত হ’ব। অৱশ্যে, বেগেজ নিয়মৰ অধীনত আমদানিৰ ক্ষেত্ৰত এই নিয়ন্ত্ৰণ প্ৰযোজ্য নহ’ব।ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে জাৰি কৰা জাননীত এনে সীমাবদ্ধ নিষেধাজ্ঞাৰ কথা কোৱা হৈছে।কেন্দ্ৰই লেপটপ, টেবলেট আৰু কিছুমান প্ৰকাৰৰ কম্পিউটাৰ আমদানি সীমিত কৰাৰ এটা কাৰণ হিচাপে ঘৰুৱা উৎপাদনৰ প্ৰসাৰৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰা হৈছে। চৰকাৰে লেপটপ, টেবলেট আৰু কম্পিউটাৰআমদানি কিয় সীমিত কৰিছে?কেন্দ্ৰই লেপটপ, টেবলেট আৰু কিছুমান প্ৰকাৰৰ কম্পিউটাৰ আমদানি সীমিত কৰাৰ এটা কাৰণ হিচাপে ঘৰুৱা উৎপাদনৰ প্ৰসাৰৰ প্ৰয়োজনীয়তা উল্লেখ কৰা হৈছে। এজন চৰকাৰী বিষয়াই কৈছে যে সুৰক্ষাৰ কাৰণে এনে সামগ্ৰীৰ আমদানিও সীমিত কৰা হৈছে। কিয়নো আমদানি কৰা সঁজুলিবোৰে “সংবেদনশীল আৰু ব্যক্তিগত তথ্যৰ সৈতে আপোচ কৰিব পাৰে”।

বিষয়াজনে কৈছে যে সুৰক্ষা হৈছে কেন্দ্ৰৰ “সৰ্বাধিক অগ্ৰাধিকাৰ”ৰ বিষয়। উল্লেখ্য ভাৰত চৰকাৰে আত্মনিৰ্ভৰশীলতাত অধিক গুৰুত্ব দিছে। প্ৰতিৰক্ষাৰ ক্ষেত্ৰ খনত ভাৰত এতিয়া ভালেখিনি আত্মনিৰ্ভৰ হ’বলৈ সমৰ্থ হৈছে। বহু প্ৰতিৰক্ষা সামগ্ৰী ভাৰতে নিদৰ দেশতে সাজিবলৈ সক্ষম হৈছে। ভাৰতলৈ চীন, আমেৰিকা, জাপান আদিৰ পৰা কম্পিউটাৰ, লেপটপ, টেবলট আদি আমদানি কৰা হয়। ভাৰতে এনে সামগ্ৰীৰ ক্ষেত্ৰত বিদেশৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব বিচাৰিছে।

Leave A Reply

Your email address will not be published.