যি সময়ত শিশুবোৰক শিক্ষা গ্ৰহনৰ আগ্ৰহৰ বাবে চৰকাৰে বিভিন্ন অভিলাষী আঁচনিৰ ৰূপায়ন কৰিছে তেনে সময়তে বঙাইগাঁও জিলাত শিশু সুৰক্ষা অধিকাৰ আইনক ভেঙুচালি কৰি শিশুবোৰক শ্ৰমিক হিচাপে নিয়োগ কৰা পৰিলক্ষিত হৈছে। গোলাপাৰা গাঁৱৰ ময়নাল হক নামৰ এজন ব্যৱসায়ীয়ে শিশুৰ অধিকাৰ খৰ্ব কৰি একাংশ শিশুক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰিছে। ময়নাল হক নামৰ ব্যৱসায়ী জনে ভাঙাচুৰাৰ ডেম্প খুলি একাংশ বিদ্যালয়ৰ কণ কণ শিশুক বিভিন্ন ভাঙাচুৰাৰ সামগ্ৰী ক্ৰয় কৰাৰ বাবে গাৱেঁ ভূৱে প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে। শিশু সকলে বিদ্যালয়ৰ ইউনিফৰ্ম পিন্ধি তিনিচুকীয়া বাহন লৈ গাৱে ভূঞে গৈ সামগ্ৰী ক্ৰয় কৰিছে। শিশুসকলক কিছু মাননি দি এইদৰে ব্যৱসায়ীজনে তেওঁৰ ব্যৱসায় অব্যাহত ৰাখিছে।
যি সময়ত চৰকাৰ বা প্ৰশাসনে শিশুৰ মৌলিক অধিকাৰৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহন কৰিছে তেনে সময়তে ময়নাল হক নামৰ ব্যৱসায়ী জনে শিশুৰ মৌলিক অধিকাৰৰ পৰা শিশু সকলক বঞ্চিত কৰিছে। প্ৰসাশনে শিশুৰ মৌলিক অধিকাৰ খৰ্ব কৰা ব্যৱসায়ীৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া পৰৱৰ্তী সময়ত লক্ষনীয় হব।