Breaking

অম্বুবাচীৰ বাবে মহানগৰ প্ৰশাসনে জাৰি কৰিছে কিছু নিৰ্দেশনা…

0 17

আজি মহা অম্বুবাচীৰ দ্বিতীয় দিন।কামাখ্যা ধামলৈ নিব নোৱাৰিব কোনো ধৰণৰ বাহন।মহানগৰ প্ৰশাসনে জাৰি কৰিছে কিছু নীতি-নিৰ্দেশনা।কেৱল জিলা প্ৰশাসনৰ অনুমতিপ্ৰাপ্ত বাহন হে যাব পাৰিব মন্দিৰলৈ।

অৱশ্যে অগ্ননিৰ্বাপক বাহিনী, এম্বুলেন্স, স্কুল বাছ আদিৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় এই নিয়ম।জালুকবাৰী দিশৰ পৰা অহা যাত্ৰীসকল ৩ নম্বৰ গেটৰ সন্মুখত নামিব লাগিব।ভৰলুমুখৰ দিশৰ পৰা অহা যাত্ৰীসকল স্বাগত হাস্পতালৰ বিপৰীত দিশত থকা নিৰ্ধাৰিত স্থানত বাহন সমূহ ৰাখিব লাগিব।আদাবাৰী তিনিয়ালীৰ পৰা পাণ্ডু লৈকে পথৰ কাষত পাৰ্কিং কৰিব নোৱাৰিব।

Leave A Reply