Breaking

কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ ১০৯ কোটি টকাতকৈ অধিক টকাৰ ৰাজহ সংগ্ৰহ..

0 9

গুৱাহাটী, ২ জুলাই : কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে চলিত ২০২৪-২৫ বিত্তীয় বর্ষৰ পহিলা এপ্ৰিলৰ পৰা ৩০ জুনলৈ প্ৰথম তিনিমাহত ৰাজ্যৰ ভিতৰতে অভিলেখ পৰিমাণৰ ১০৯ কোটি টকাতকৈ অধিক পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে জানিবলৈ দিয়া মতে চলিত বিত্তীয় বৰ্ষৰ পহিলা এপ্ৰিলৰ পৰা ৩০ জুনলৈকে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল ১০৯,১৯,৮৭,৮১৩ কোটি টকা। ইয়াৰ পূৰ্বে বিগত ২০২৩-২৪ বর্ষৰ প্ৰথম তিনি মাহত সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল ৮৯,৫৪,৭৯,১১২ কোটি টকা। অৰ্থাৎ বিগত বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহতকৈ এইবেলি প্ৰায় ১৯.৬৫ কৌটি টকাৰো অধিক ৰাজহ সংগ্ৰহ কৰা হৈছে। ৰাজহ বৃদ্ধিৰ পৰিমাণ হল ২২ শতাংশ। বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসে সদৰি কৰা ৰাজহ সংগ্ৰহৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশত ৰাইজ, যানবাহনৰ গৰাকীৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিগত বৰ্ষৰ পৰা অনাদায়ী বাহনৰ পৰা কৰ আদায়ৰ লগতে মুখ্যমন্ত্ৰীৰ দুৰ্ঘটনামুক্ত অসমৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ বাবে বিশেষ অভিযান আৰম্ভ কৰা হৈছিল।

সেই অনুসৰি বেছিভাগ বাহনৰ গৰাকীয়ে ইতিবাচক সঁহাৰি জনোৱাত পৰিবহণ বিভাগৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি পায়। অৱশ্যে এতিয়াও এক বুজন সংখ্যক লোকে বিভাগক বকেয়া কৰ আদায় দিয়া নাই। আনকি বাহনৰ গৰাকী সকলৰ সুবিধাৰ বাবে জিলা পৰিবহণ বিভাগে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত সময়ে সময়ে সজাগতা সভা অনুষ্ঠিত কৰি আহিছে। এই সভা সমূহত বাহনৰ গৰাকীৰ লগতে সাধাৰণ ৰাইজ , বাহন ব্যৱহাৰকাৰী , বাহন ব্যৱসায়ৰ লগত জড়িত সকলোৱে ইতিবাচক সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে। বৰ্ত্তমান পৰিবহণ বিভাগৰ অধিকাংশ সেৱা অনলাইন মাধ্যমৰে সম্পন্ন হোৱাত ৰাইজে কাৰ্যালয়লৈ নহাকৈয়ে বাহনৰ কাম সমূহ সম্পন্ন কৰিবলৈ সুবিধা লাভ কৰিছে। ইয়াৰ ফলত বাহনৰ লগত জড়িত সকলোৰে মূল্যবান সময় ৰাহি হৈছে।

Leave A Reply