Assam Assembly । অসম বিধানসভাত আজি তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱাৰ দাবীত কংগ্ৰেছ আৰু AIUDF বিধায়কসকলে পৃথক পৃথক প্ৰতিবাদ সাব্যস্ত কৰে। কংগ্ৰেছৰ বিধায়কসকলে ক’লা পোছাক পৰিধান কৰি প্ৰতিবাদ কৰে, আনহাতে AIUDF বিধায়কসকলে হাতত বাঁহৰ জেওৰা লৈ বিধানসভাৰ চৌহদত উপস্থিত হয়।
এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, “বিধানসভালৈ আক্ৰমণাত্মক কোনো সামগ্ৰী অনাৰ নজীৰ নাই। AIUDF বিধায়কসকলে আত্মৰক্ষাৰ বাবে জেওৰা আনিছে নে আক্ৰমণৰ উদ্দেশ্যে আনিছে, সেই বিষয়ে অধ্যক্ষ গুৰুত্ব দিয়ক।” মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, “আজি জেওৰা আনিছে, কালিলৈ আন কোনোবাই অন্য সামগ্ৰী আনিব, তেতিয়া কি হ’ব?”
AIUDF বিধায়ক ৰফিকুল ইছলামে নিজৰ পদক্ষেপৰ ব্যাখ্যা দি কয়, “আমি বিজেপিৰ আচৰণ লৈ চিন্তিত। তেওঁলোকে নিজ আসনৰ পৰা বিৰোধী বিধায়কসকলক আক্ৰমণ কৰিবলৈ আহিছে, অধ্যক্ষেও সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হৈছে। সেইবাবেই আমি আত্মৰক্ষাৰ বাবে জেওৰা লৈ আহিছো।”
এই ঘটনাৰ মাজতে, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিশৃংখল পৰিস্থিতিৰ বাবে দহ মিনিটৰ বাবে সদন স্থগিত ৰখে। তদুপৰি, কংগ্ৰেছৰ বিধায়কসকলে বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ দাঙি তদন্তৰ দাবী জনায়।
বিধানসভাৰ এই ঘটনাই ৰাজ্যৰ ৰাজনীতিত নতুন বিতৰ্কৰ জন্ম দিছে। AIUDF ৰ প্ৰতিবাদী পদক্ষেপক ক’ৰবালোৱে সমৰ্থন জনাইছে, তেন্তে আন ক’ৰবালোৱে ইয়াক সংসদীয় গণতন্ত্ৰৰ মূল্যবোধৰ বিপক্ষে বুলি অভিহিত কৰিছে। আগন্তুক দিনবোৰত এই বিষয়টো বিধানসভাত আৰু অধিক গম্ভীৰ ৰূপ লোৱাৰ সম্ভাৱনা আছে।