Breaking

গহপুৰ ভোলাগুৰি চাহ বাগিচাত স্থাপন হ’ব শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা পৰিদৰ্শন ভোলাগুৰি চাহ বাগিচা

0 20

গহপুৰ ভোলাগুৰি চাহ বাগিচাত স্থাপন হ’ব শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা পৰিদৰ্শন ভোলাগুৰি চাহ বাগিচা

গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । চাহ বাগিছা খনত ৬০০ বিঘা ভূমিত নিৰ্মাণ হ’ব লগীয়া শ্বহীদ কনকলতা বিশ্ববিদ্যালয়ৰ বাবে প্ৰস্তাৱিত ভূমি পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় মুখ্যমন্ত্ৰী গৰাকীয়ে৷

গহপুৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আছিল শ্বহীদ কনকলতা বৰুৱা নামত এখন বিশ্ববিদ্যালয়ৰ স্থাপন কৰা কিন্তু সকলো থিক থাক থাকিলে কিছুদিনৰ ভিতৰতে অসম চৰকাৰে বিশ্ববিদ্যালয় খনৰ নিৰ্মাণ কাৰ্যৰ শুভৰাম্ভণি কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ই প্ৰকাশ কৰে আজি গহপুৰত। ইফালে বিশ্ববিদ্যালয়ৰ খন স্থাপনৰ ক্ষেত্ৰত কিছু চৰকাৰী ভূমিত বাগিচা খনৰ প্ৰায় ২০০ টা পৰিয়াল দীৰ্ঘদিন ধৰি বসবাস কৰি থকা কথা সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে সেই ২০০ টা পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ বাবে স্থানীয়শ্ৰমিক সংগঠন আছা আটছা লগতে শ্ৰমিক সলকৰ সৈতে ও আলোচনা কৰি সমস্যা সমূহ সমাধানৰ চেষ্টা কৰা হ’ব বুলি কয় ।

এই সন্দৰ্ভত আজি প্ৰথম স্থানীয় দল সংগঠনৰ সৈতে মুখ্যমন্ত্ৰী গৰাকীয়ে আলোচনা কৰা লগতে আন এখন আলোচনা সভা অনুষ্ঠিত কৰি সকলোৰে সহমত হ’লে সকলো ঠিকে থাকিলে চলিত বৰ্ষৰ অহা ডিচেম্বৰ মাহৰ ভিতৰত বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিব পৰা যাব বুলি কয়।

উল্লেখ্য যে বিদ্যালয়খনৰ বাবে ইতিপূৰ্বে ৫০০ কোটি টকা আবন্টন দিয়া আছে । এই বিশ্ববিদ্যালয় খনে উত্তৰ অসমৰ শৈক্ষিক দিশত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে। আজি এই পৰিদৰ্শন সময়ত নৱ নিৰ্বাচিত শোণিতপুৰ লোক সভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, অসম চৰকাৰৰ কেৱিনেট মন্ত্ৰী অশোক সিংহল, শিক্ষা মন্ত্ৰী ড০ ৰনোজ পেগু লগতে বিধায়ক উৎপল বৰা উপস্থিত থাকে।

Leave A Reply