Breaking

স্মাৰ্ট মিটাৰ বন্ধ কৰা আৰু বিদ্যুৎ যোগান  নিয়মীয়া কৰাৰ দাবীত ঢেকীয়াজুলিত কংগ্ৰেছ দলে তীব্ৰ প্ৰতিবাদ

0 11

স্মাৰ্ট মিটাৰ বন্ধ কৰা আৰু বিদ্যুৎ যোগান  নিয়মীয়া কৰাৰ দাবীত ঢেকীয়াজুলিত কংগ্ৰেছ দলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷উল্লেখ্য যে স্মাৰ্ট মিটাৰ আৰু অনিয়মীয়া বিদ্যুৎ যোগানে গ্ৰাহক ৰাইজক ব্যাপক সমস্যাত পেলাইছে

ইয়াকেলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ঢেকীয়াজুলি বিধানসভা সমষ্টি কমিটি আৰু বৰছলা বিধানসভা সমষ্টি কমিটিৰ যৌথ উদ্যোগত ঢেকীয়াজুলি বিদ্যুৎ উপ সংমণ্ডল(১) কাৰ্যালয়ত বিভিন্ন শ্ল’গান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিবেশ উত্তাল কৰে৷

প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছ দলৰ শোণিতপুৰ জিলা সমিতিৰ উপ-সভাপতি সকল ক্ৰমে বেণুধৰ নাথ,উৎপল নন্দী,সাধাৰণ সম্পাদক অনাথ বন্ধু গোহৰাই,অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ সভাপতি কাৰ্তিক কুৰ্মী,কংগ্ৰেছ দলৰ ঢেকীয়াজুলি নগৰ কমিটিৰ

সভাপতি স্বদেশ ঘোষ,ঢেকীয়জুলি গ্ৰাম্য ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি প্ৰফুল্ল ৰাভা,বৰছলা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি হীৰেণ সেন,বিহগুৰি ব্লক কংগ্ৰেছ কমিটিৰ ভাৰপ্ৰাপ্ত সভাপতি বিপিন নাথ,সম্পাদক সুনীল কছাৰী,ঢেকীয়াজুলি ব্লক কংগ্ৰেছ কমিটিৰ

সম্পাদকদ্বয় ক্ৰমে হৰেন বৈশ্য,মোহন চেত্ৰী আৰু নিলোৎপল বৰা,বৰছলা ব্লক কংগ্ৰেছ কমিটিৰ সম্পাদক ছাহেব আলী,অসম জাতীয় পৰিষদৰ ৰাজ্যিক উপ সভাপতি অঞ্জন উপাধ্যায়,ৰাইজৰ দলৰ শোণিতপুৰ জিলাৰ সম্পাদক আৰিফ আহামেদ,ৰাইজৰ দলৰ কাৰ্যনিৰ্বাহক সদস্য পাৰূল আহমেদৰ লগতে

মহিলা কংগ্ৰেছৰ নেত্ৰী শীমা দেৱনাথ চম্পা বড়ো,মামনি গোৱালা,মীনা বিভাৰৰ উপৰিও প্ৰতিটো দলৰে নেতাকৰ্মী উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.