Darrang । ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে আজি সমষ্টিটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথ নিৰ্মাণৰ শুভাৰম্ভ কৰাৰ লগতে মহলীয়াপাৰাস্থিত পদুম পুখুৰীৰ গৰাখহনীয়া প্ৰতিৰোধী শৈলবান্ধ নিৰ্মাণৰ শুভাৰম্ভ কৰে।

শুভাৰম্ভনী কাৰ্যসূচীত বক্তব্য ৰাখি বিধায়ক গৰাকীয়ে পদুম পুখুৰীত পুনৰ পদুম ফুলিব বুলি আশা ব্যক্ত কৰে। লগতে পুখুৰীটোক সুন্দৰ ৰূপত গঢ়ি তুলিবলৈ আৰু সৌন্দৰ্যবৰ্ধনৰ ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰে।
উক্ত উদ্বোধনী কাৰ্যসূচীত দৰং জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা অৰূপ পাঠক, ছিপাঝাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ভিগুপতি ৰয়, কনিষ্ঠ অভিযন্তা বিনোদ চহৰীয়া আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।