Breaking

শীঘ্ৰেই সম্পূৰ্ণ হ’ব নদী-বান্ধ নিৰ্মানৰ কাম : সম্পূৰ্ণ হল নগাঁৱৰ পৰা গেৰুকামুখলৈ টাৰ্বাইন সৰবৰাহৰ কাৰ্য : লকডাউন-ক’ৰোণাৰ পূৰ্ণ সুযোগ ল’লে এনএইচপিচিয়ে

0 1,240

নগাঁও, ২০নৱেম্বৰ:  লকডাউন আৰু ক’ৰোণাৰ আতংকৰ মাজতে এন এইচ পি চিয়ে প্ৰায় সম্পূৰ্ণ কৰিছে বৃহৎ নদীবান্ধ নিৰ্মানৰ কাম। গেৰুকামুখত নিৰ্মীয়মান অৱস্থাত থকা নামনি-সোৱণশিৰি বৃহৎ নদীবান্ধৰ সামগ্ৰী মজুতৰ বাবে এন এইচ পি চিয়ে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ পৰা ভাড়াত লৈছিল নগাঁৱৰ শেণছোৱা জংছনৰ কাষতে বৃহৎ ভূমি। এন এইচ পি চিয়ে শেণছোৱাত মজুত কৰিছিল বহু টাৰ্বাইন তথা নদীবান্ধৰ নিৰ্মানৰ বাবে বহু সা-সৰঞ্জাম। শেহতীয়াকৈ এন এইচ পি চিয়ে গুদামৰ পৰা সামগ্ৰী কোনো কাৰণতে সৰবৰাহ কৰিবলৈ দিয়া ন’হব বুলি হুংকাৰ দিছিল অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ তথা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। সংগঠন কেইটিয়ে এন এইচ পি চিয়ে গুদামৰ সন্মুখত গ্ৰহণ কৰিছিল কেইবালানিও প্ৰতিবাদী কাৰ্যসূচী। অৱৰোধ কৰিছিল সামগ্ৰী সৰবৰাহৰ কৰা বাহনো। পিছে অতি গোপনে এন এইচ পি চিয়েসম্পূৰ্ণ কৰিলে নদী-বান্ধৰ সামগ্ৰী সৰবৰাহৰ কাৰ্য। বৰ্তমান সম্পূৰ্ণ ৰূপে খালী হ’ল শেণছোৱাস্থিত এন এইচ পি চিৰ গুদাম। খালী হৈ পৰিছে বৃহৎ বৃহৎ  টাৰ্বাইন থকা এন এইচ পি চিৰ পথাৰ। কাৰণ ইতিমধ্যে সকলো টাৰ্বাইন সৰবৰাহ কৰা হৈছে গেৰুকামুখলৈ। আনকি শেণছোৱাৰ মাটিও ৰেলৱেক পুনৰ চমজাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে নদী বান্ধ নিৰ্মানকাৰী সংস্থাটোৱে। অতি শীঘ্ৰেই এন এইচ পি চিয়ে ৰেলৱেক চমজাই দিব এই ভূমি। লগতে চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে  গুদামৰ নিৰাপত্তাত নিয়োজিত বহু নিৰাপত্তাৰক্ষীক। সেয়ে অতি শীঘ্ৰেই যে গেৰুকামুখৰ নদী বান্ধৰ নিৰ্মানৰ কাম সম্পূৰ্ণ হৈ উঠিব সেয়া নিশ্চিত। কাৰণ লকডাউন আৰু ক’ৰোণাৰ বাবে থকা চৰকাৰী শিথিলতাৰ পূৰ্ণ সুযোগ লৈ নদী বান্ধ নিৰ্মানকাৰী সংস্থাটোৱে সম্পূৰ্ণ কৰিছে সামগ্ৰী সৰবৰাহৰ কাম।

Leave A Reply

Your email address will not be published.