Breaking

ৰাজ অভিষেক অনুষ্ঠান উলহ-মালহেৰে অনুষ্ঠিত

0 13

ঐতিহাসিক সাতোৰজা- পাঁচোৰজাৰ স্মৃতি বিজড়িত পাঁচোৰজাৰ ভিতৰৰে সৰা ৰজা হিচাপে নতুনকৈ আজি অঞ্চলৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী সমৰ সিংহ ডেকাক স্বীকৃতি প্ৰদান কৰা হয়। এই উপলক্ষে আজি ৰহাৰ সৰাগাৱঁত ৰাজকীয় পৰম্পৰাৰে নতুন সৰা ৰজাগৰাকীৰ ৰাজ অভিষেক অনুষ্ঠান উলহ-মালহেৰে অনুষ্ঠিত কৰা হয়।

ৰাজ অভিষেক উপলক্ষে আজি পুৱা নতুন ৰজাগৰাকীক ৰাজকীয় নীতি নিয়মৰে গা পা ধুৱাই ৰজাৰ সাজপাৰ পৰিধান কৰোৱাৰ পিছত পাঁচোৰজা সকলৰ আন চাৰিগৰাকী ৰজাৰ সৈতে সৰাগাৱঁৰ ৰজাগাওঁ হৰিমন্দিৰ প্ৰাংগণলৈ লৈ অহা হয়। হৰিমন্দিৰত প্ৰবেশ কৰাৰ আগেয়ে ঢোল খোল তাল আদি বাদ্যধ্বনিৰে ৰজাসকলক আদৰণি জনোৱাৰ পিছতে হৰিমন্দিৰ প্ৰবেশ পথত পৰম্পৰা অনুযায়ী নতুন সৰা ৰজাগৰাকীয়ে পাঁচটা কলগছ পুলি প্ৰতীকী ৰূপত তৰোৱালেৰে কাটি ৰাইজৰ আগত ৰজাৰ শক্তি প্ৰদৰ্শন কৰে।

ইয়াৰ পিছতে হৰিমন্দিৰ প্ৰাংগণত ৰজাসকলক ৰজাৰ আসনত উপবিষ্ট কৰাৰ লগে লগে ৰাজ অভিষেক অনুষ্ঠিত হয়। অনুষ্ঠানত অঞ্চলৰ ৰাইজৰ উপস্থিতিত আৰু ৰজাৰ মন্ত্ৰী পাৰিষদসকলৰ সন্মুখত নতুন ৰজা সমৰ সিংহ ডেকাক কপালত তিলক দি উৰুলি বাদ্যধ্বনি আৰু হৰ্ষোল্লাসৰ মাজত ৰাজকীয় নিয়মৰে সৰা ৰজা হিচাপে স্বীকৃতি প্ৰদান কৰা হয়।ৰাজ অভিষেক উপলক্ষে হোম যজ্ঞ আদিও কৰা হয়।

ৰাজ অভিষেক উপলক্ষে শিক্ষাবিদ গোলাপ চন্দ্ৰ নাথৰ সভাপতিত্বত এখন সভাও অনুষ্ঠিত হয়। যুৱ সমাজকৰ্মী লক্ষীপ্ৰসাদ ডেকাই উদ্দেশ্যে ব্যাখ্যা কৰা সভাখনত পাঁচোৰজাসকলৰ জেষ্ঠ ৰজা টোপাকুছিয়া ৰজা অজিত সিংহ ডেকা, বাৰপূজীয়া ৰজা প্ৰজয় ৰজা, মিকিৰগাওঁ ৰজা পুতুল ডেকা আৰু খাইগড়ৰ ৰজা কুমুদ ৰাজকুমাৰ উপস্থিত থাকি ঐতিহাসিক পাঁচোৰজাৰ ইতিহাসৰ ওপৰত আলোকপাত কৰি পাঁচোৰজাৰ ভিতৰৰ সৰা ৰজা হিচাপে নতুনকৈ স্বীকৃতি পোৱা বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী সমৰ সিংহ ডেকা ৰজাৰ নেতৃত্বত অঞ্চলৰ ৰাইজে সকলো ক্ষেত্ৰতে এক নতুন গতি লাভ কৰিব বুলি আশা প্ৰকাশ কৰে।

বৃহত্তৰ অঞ্চলৰ পুৰুষ মহিলাসহ বহু গণ্য মাণ্য ব্যক্তি উপস্থিত থকা এই ৰাজ অভিষেকৰ অনুষ্ঠানত ঐতিহাসিক পাচোৰজাৰ স্মৃতি বহন কৰি অহা এই ৰজা আৰু পাৰিষদ,মন্ত্ৰী সকলৰ বিভিন্ন সমস্যাৰ ওপৰতো বক্তব্য আগবঢ়ায় ৰজাসকলৰ লগতে বিশিষ্ট ব্যক্তি সকলে।। সভাৰ অন্তত নৱাগত সৰা ৰজা সমৰ সিংহ ডেকাই তেওঁক দিয়া এই স্বীকৃতিৰ বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰি অনাগত দিনবোৰত নিজৰ দায়িত্ব সুচাৰুভাৱে পালন কৰাৰ লগতে সৰা ৰাজ্যৰ প্ৰজাৰ সৰ্বাংগীন উন্নয়নৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব বুলি কয়।

এই ৰাজ অভিষেক উপলক্ষে আজি ৰহাৰ সৰাগাৱঁত পুৱাৰে পৰা এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে পাচোৰজাৰ ভিতৰৰে সৰা ৰজা বিগত বহু দিন ধৰি নথকাৰ পিছত আজি পূৰ্বৰ সৰা ৰজাৰ বংশধৰ সমৰ সিংহ ডেকাক নতুন ৰজা হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া হয়। আজি ৰাজ অভিষেকৰ সমগ্র অনুষ্ঠানটোৰ আত ধৰে লক্ষীপ্ৰসাদ ডেকাই।

Leave A Reply