Breaking

জলমগ্ন দেশৰ ৰাজধানী দিল্লী! হাহাকাৰ অৱস্থাত দিল্লীবাসী…

0 14

ধাৰাসাৰ বৰষুণৰ পিছতে জলমগ্ন হৈ পৰে দেশৰ ৰাজধানী দিল্লী।

স্তব্ধ হৈ পৰে সাধাৰণ জনজীৱন।

আনহাতে দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত চাদ খহি এজনৰ মৃত্যু হয় আৰু আহত হয় ৬জনকৈ লোক।

মৃতকৰ পৰিয়ালক ২০ লাখ টকা আৰু আঘাতপ্ৰাপ্তক ৩ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা।

বাট-পথ, ঘৰ দুৱাৰ জলমগ্ন হৈ পৰাত দিল্লীবাসীৰ মাজত হাহাকাৰ সৃষ্টি।

আগন্তুক দুদিনলৈ দিল্লীত বৰষুণৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

আজি শনিবাৰে ঘন ডাৱৰীয়া হ’ব। মধ্যমীয়াৰ পৰা প্ৰচণ্ড বৰষুণ হ’ব পাৰে।

বৰষুণৰ সমান্তৰালকৈ ধুমুহাৰ সতৰ্কবাণীও জাৰি কৰা হৈছে।

Leave A Reply