Breaking

পুনৰ প্ৰতাৰিত ৰাজ্যৰ ৫২৪ জন শিক্ষকৰ হাহাকাৰ, ২০ বছৰে নিয়মীয়া নহ’ল চাকৰী । সামান্য দৰমহা বৃদ্ধি কৰিয়ে সামৰিছে দায়িত্ব, শিক্ষা মন্ত্ৰীৰ হস্তক্ষেপ দাবী ।

0 667

নাজিৰা : ৰাজ্যৰ মাধ্যমিক শিক্ষা খণ্ডত সূদীৰ্ঘ দুটা দশক ধৰি মানৱ সম্পদ গঢ়াত ব্যস্ত ৰাজ্যৰ ৫২৪জন শিক্ষক বাৰম্বাৰ প্ৰতাৰিত হৈছে ৰাজ্যৰ শিক্ষা বিভাগৰ পৰা। তথাপি ক্লান্ত হোৱা নাই এইসকল মানৱ সম্পদ গঢ়াৰ খনিকৰ। চাকৰী জীৱনত অহা দূৰ্ভাগ্যজনক-সমস্যাজৰ্জৰ পৰিস্হিতিক এক প্ৰকাৰ প্ৰত্যাহ্বান জনাই মানৱীয় প্ৰমূল্যবোধৰে আগবাঢ়ি গৈছে মানৱ সম্পদ গঢ়াৰ নিৰলস প্ৰচেষ্টাত। উল্লেখ্য যে ৰাজ্যৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত ১১ মহীয়া  ঠিকাভিত্তিক শিক্ষকৰ চাকৰীৰ ম্যাদ ৬০ বছৰলৈ বৃদ্ধি কৰি শিক্ষা বিভাগে কেতবোৰ সা-সুবিধা প্ৰদান কৰা হ’ব বুলি চৰকাৰীভাৱে ঘোষণা কৰাৰ পাছত সেইসকল শিক্ষকৰ মাজত আশাৰ সঞ্চাৰ হোৱাৰ বিপৰীতে জ্যেষ্ঠ এচাম শিক্ষক ব্যৰ্থিত হৈ চৰম হতাশাত ভুগিবলগীয়া হৈছে। জানিব পৰা মতে এনে নিয়মীয়াকৰণৰ চৰকাৰী এই ব্যৱস্থাত বঞ্চিত হৈ ৰল ৰাজ্যৰ পাঁচখন জিলাৰ ক্ৰমে-শিৱসাগৰ, নগাওঁ, লখিমপুৰ,   ধেমাজী আৰু শোণিতপুৰ জিলাৰ ৫২৪ জন শিক্ষক।স্মৰ্তব্য যে ২০০১চনত পূৰ্বৰ অ গ প চৰকাৰৰ কাৰ্যকালত ৰাজ্যখনত এই শিক্ষকসকলক চৰকৰীভাৱে অনুমোদিত খালী পদত নিযুক্তি দি সেই সময়ত ভাগি পৰা শিক্ষাব্যৱস্থা ক উদ্ধাৰৰ প্ৰচেষ্ট চলিছিল। কিন্তু দূৰ্ভাগ্যজনকভাৱে ২০০১ চনৰ পৰা ২০০৪ চনলৈ বিনা বেতনে ২০১৫ চনৰ জুলাই মাহলৈ মাত্ৰ ২৫০০টকাত আৰু আগষ্ট মাহৰ পৰা বৰ্তমানলৈকে ১৫৫০০ টকাৰ মাহেকীয়া দৰমহাত মানৱ সম্পদ গঢ়াত নিয়োজিত এইসকল শিক্ষকৰ চাকৰী বিগত ২০টা বছৰে বিভিন্ন অজুহাতত নিয়মীয়াকৰণ নহল। এইসকল শিক্ষকৰ কেইবাজনৰ মৃত্যু হৈছে আৰু আন কেইবাজনে অৱসৰ গ্ৰহন কৰাৰ লগতে আগন্তুক ১০বছৰত গৰিষ্ঠ সংখ্যকে অৱসৰ গ্ৰহণ কৰিব। আনহাতে এইসকল শিক্ষকৰ নিযুক্তিৰ ২০বছৰৰ পাছত পদহীনভাবে ১১মাহলৈ নিযুক্তি দিয়া অতিৰিক্ত ঠিকা ভিত্তিক শিক্ষকসকলক নিযুক্তিৰ পাছৰে পৰা ক্ৰমে ৮/১০/২০হাজাৰকৈ দৰমহা বৃদ্ধি কৰি শেহতীয়াকৈ সংবাদমেল যোগে পুনৰ ৬০বছৰলৈ কাৰ্যকাল বৃদ্ধি কৰে। এই সন্দৰ্ভত একাংশ ভুক্তভোগী শিক্ষকৰ প্ৰশ্ন-এনে কি বিভাগীয় বাধ্যবাধকতা আছে যে বিগত ২০বছৰীয়া সমস্যা এটা সমাধান কৰিব নোৱাৰি? ইয়াৰ বিপৰীতে ১০বছৰীয়া সমস্যা এটা সমাধানত চৰকাৰে অগ্ৰাধিকাৰ দিয়ে।একেখন বিদ্যালয়ত কৰ্মৰত এজন জ্যেষ্ঠ শিক্ষকক বঞ্চিত কৰি অন্য একোজন কনিষ্ঠ শিক্ষকক সকলো চৰকাৰী সা-সুবিধা প্ৰদান তথা নিয়মীয়াকৰণ কৰাত জ্যেষ্ঠ শিক্ষকসকল মানসিকভাবে ভাগি পৰাৰ লগতে পদ মৰ্যদাত আঘাত হনা বুলি অভিযোগ কৰিছে। এই সন্দৰ্ভত একাংশ ১৫৫০০টকাৰ নিৰ্ধাৰিত  দৰমহা লাভ কৰা শিক্ষকে দুখ আৰু ক্ষোভেৰে কয়-সম্প্ৰতি তেওঁলোকৰ ভবিষ্যৎ এক অনিশ্চয়তাৰ দিশে গতি কৰিছে।তেওঁলোকৰ পৰিয়াল তথা সন্তান-সন্তটিৰ শিক্ষা-দীক্ষাৰ ক্ষেত্ৰতো গভীৰ সংকট নামি আহিছে। এইসকল দুৰ্ভগীয়া শিক্ষকে শিক্ষাদান কৰা বহু ছাত্ৰই অতিৰিক্ত ঠিকা ভিত্তিক শিক্ষকৰূপে একেখন বিদ্যালয়ত সহকৰ্মী হিচাপে চাকৰী কৰি থাকি বৰ্তমানেও নিয়মীয়া নোহোৱাৰ ফলত ব্যৰ্থিত হৈ পৰিছে।সেয়েহে ৰাজ্যৰ ৪৬,১৫৩জন ঠিকা ভিত্তিক শিক্ষকৰ লগতে ৫২৪জন মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পদসমূহও নিয়মীয়াকৰণ কৰিবলৈ শিক্ষামন্ত্ৰী লৈ কাতৰ অনুৰোধ এইসকল দুৰ্ভগীয়া শিক্ষকৰ।

Leave A Reply

Your email address will not be published.