Breaking

অসমৰ সাম্প্ৰতিক সমাজ ব্যৱস্থা আৰু সনাতন সমাজঃসংবাদ মেল

0 97

কুটুম্ব সুৰক্ষা পৰিষদ, অখিল অসম কলৱাৰ সমাজ, পূৰ্বোত্তৰ হিন্দুস্তানী সন্মিলন আৰু উত্তৰ প্ৰদেশ পূৰ্বোত্তৰ বিকাশ সংঘৰ এটি প্ৰতিনিধি গোটে আজি গুৱাহাটীৰ দিশপুৰ প্ৰেছ ক্লাবত যৌথভাবে এখনি সংবাদ মেল আয়োজন কৰি অসমৰ সাম্প্ৰতিক সমাজ ব্যৱস্থাত চলি থকা জটিলতা, সামাজিক সামঞ্জস্যহীনতা, নাৰী সুৰক্ষাহীনতা আদি বিষয়ত উদ্বেগ প্ৰকাশ কৰে।

শেহতীয়াকৈ, শিৱসাগৰ জিলাত এগৰাকী কিশোৰীৰ ওপৰত তিনিজন যুৱকে কৰা আক্ৰমণক তেওঁলোকে তিব্ৰ ভাষাৰে গৰিহণা দি তাৰ পৰৱৰ্তী পৰ্যায়ত সমাজৰ বয়ো-জ্যেষ্ঠ কিছু লোকক সামাজিক ভাৱে আঠু কাঢ়ি ক্ষমা খুজিবলৈ বাধ্য কৰোৱাৰ দৰে অমানৱীয় আচৰণৰো তীব্ৰ নিন্দা কৰে প্ৰতিনিধি দলটোৱে। তেওঁলোকে কয় যে অসমৰ দৰে এখনি সভ্য আৰু শান্তিপ্ৰিয় সমাজৰ বাবে এনে ঘটনাবোৰে অশুভ সংকেত কঢ়িয়াই আনিব।

আজিৰ সংবাদ মেল খনত উপস্থিত থাকি অসমৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক সংগঠন কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি তথা প্ৰখৰ ৰাষ্ট্ৰবাদী নেতা সত্য ৰঞ্জন বৰাই সনাতন ধৰ্ম আৰু দৰ্শনৰ দ্বাৰা পৰিচালিত আৰু লালিত পালিত এখন সভ্য দেশ ভাৰতত এনে ধৰণৰ আচৰণ খুবেই বেদনাদায়ক বুলি অভিহিত কৰে। সাৰ্বভৌম ভাৰতৰ সকলো ঠাইতে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো লোকে জীয়াই থকাৰ সমান অধিকাৰ আছে; আৰু তেনে এখন দেশত এইধৰণৰ কৰ্ম-কাণ্ড‌ই ভাৰতীয় চিন্তাৰ মূল ভেটিত খহনীয়া আনিব পাৰে বুলি উল্লেখ কৰে। আজিৰ অসমত যিখিনি সময়ত নাৰী সুৰক্ষা এক অনিশ্চয়তাৰ দিশে ঢাল খাইছে, তেনে সময়ত সমাজৰ সকলো শ্ৰেণীৰ সকলো লোকে সংঘবদ্ধ ভাৱে সমাজ বিনষ্ট কাৰী ব্যক্তি আৰু শক্তিবোৰৰ বিৰুদ্ধেহে যুজিব লাগে বুলি স্পষ্ট কৰি দিয়ে।

আজিৰ যৌথ সংবাদমেল খনত উপস্থিত থাকি অখিল অসম কলৱাৰ সমাজৰ অধ্যক্ষ সন্তোষ জায়সৱাল, অখিল অসম কলৱাৰ সমাজৰ যুৱ সমাজৰ অধ্যক্ষ শিৱাজী জায়সৱাল, উত্তৰ প্ৰদেশ পূৰ্বোত্তৰ বিকাশ সংঘৰ সচিব ৰাধেশ্যাম তিৱাৰি আৰু পূৰ্বোত্তৰ হিন্দুস্তানী সন্মিলনৰ সচিব শ্ৰী এছ পি ৰায়-এ সংঘবদ্ধ ভাবে অসম আৰু অসমীয়া সমাজৰ হকে তেওঁলোকে কৰিবলগীয়া সকলোখিনি তেখেতসকলৰ সাধ্যানুসৰি বিগত দিনবোৰতো কৰি আহিছে আৰু অনাগত দিনবোৰতো নিষ্ঠা আৰু সততাৰে কৰি যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।

তেওঁলোকে কয় যে অসমৰ মাটি-পানী-বায়ুৰ দ্বাৰা গঠিত হোৱা তেওঁলোকৰ শৰীৰ-মন-আত্মা সদায় অসমৰ প্ৰতি সমৰ্পিত আৰু দায়বদ্ধ। গতিকে, অনাগত দিনত অসম আৰু অসমীয়া সভ্যতা-সংস্কৃতিৰ উন্নয়নৰ হেতু তেওঁলোকে সেই দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰিব; মাথো অসমৰ অনান্য সকলো শ্ৰেণীৰ লোকৰ সহায়-সহযোগিতা তেওঁলোকে কামনা কৰে। যিকোনো বিষয়ত যদি কিবাকাৰণত ভুল বুজাবুজি হয়; তেনেহলে তেখেত সকলে তেনে সমূহ ভুল বুজাবুজি আলোচনাৰ মাজেৰে সমাধান কৰিবলৈ সদায় প্ৰস্তুত হৈ থাকিব বুলিও আজিৰ সংবাদ মেলত উল্লেখ কৰে। তেওঁলোকে লগতে ইয়াকো জনায় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কেৱল অসমৰে নহয়; সমগ্ৰ ভাৰতীয় সমাজৰ বাবে গৌৰব আৰু স্বাভিমানৰ বিষয়। সেয়েহে, তেখেতসকলে শংকৰদেৱৰ চিন্তা-দৰ্শনক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ-প্ৰসাৰ কৰিবলৈ সাধ্যানুসৰি সকলোখিনি কাম কৰি যাব আৰু সেই ধাৰা আগুৱাই নিবলৈ এইবেলি কুটুম্ব সুৰক্ষা পৰিষদে উত্তৰ প্ৰদেশৰ অযোধ্যাত আয়োজন কৰা ‘সূত্ৰধাৰ’ শীৰ্ষক ‘ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলন’ত তেওঁলোকে তেওঁলোকৰ অংশগ্ৰহণ আৰু সহায়-সহযোগিতা নিশ্চিত কৰে; আৰু অনাগত দিনতো কুটুম্ব সুৰক্ষা পৰিষদৰ লগতে অসমৰ সকলো ধৰণৰ যোগ্য সমাজ সচেতন অনুষ্ঠানৰ লগত সহযোগী হ’ব বুলি ঘোষণা কৰে।

কুটুম্ব সুৰক্ষা পৰিষদৰ অযোধ্যাত হ’বলগীয়া ‘সূত্ৰধাৰ২০২৪’ অনুষ্ঠানৰ ব্যৱস্থাপনাৰ লগতে হিন্দী ভাষাত প্ৰকাশ পাবলগীয়া আলোচনী খনৰ সম্পাদক বিবেক কুমাৰ মিশ্ৰ‌ই আঁত ধৰা সংবাদ মেল খনত কুটুম্ব সুৰক্ষা পৰিষদৰ সত্যজিৎ দেউৰী, প্ৰণব শৰ্মা, বলেন দাস, পংকজ কলিতা, যতীন্দ্ৰ ভৰালীকে আদি কৰি উল্লেখিত সংগঠন কেইটাৰ কেইবাগৰাকীও সদস্য উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.