Breaking

অনুষ্ঠুপিয়াকৈ পালন কৰিব মহাপুৰুষ দুজনাৰ তিৰোভাৱ তিথি

0 1,581

জামুগুৰিহাট : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ নাভিকেন্দ্ৰৰ ডেকাসুন্দৰ গাঁৱৰ পৰম্পৰাগত ভাওনা উৎসৱ এইবেলি কৰ’না মহামাৰীৰ বাবে বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ডেকাসুন্দৰবাসী ৰাইজে। ইয়াৰ বিপৰীতে ভাদ মাহত অনুষ্ঠিত হ’বলগীয়া মহাপুৰুষ দুজনাৰ তিৰোভাৱ তিথি, মাহজোৰা গোপিনীৰ নাম, মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথিৰ পৰম্পৰাগ দিন ভাওনা (ঝুমুৰা), কৃষ্ণ জন্মাষ্টমী আদি ধৰ্মীয় নীতি ৰক্ষা কৰি গাঁওখনৰ খেলসমূহৰ প্ৰতিনিধিমূলক ভকতেৰে সম্পূৰ্ণ চৰকাৰী নীতি-নিৰ্দেশনাৰ মানি  অনুষ্ঠুপিয়াকৈ পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাৰ থলী তথা শোণিতকোঁৱৰ গজেন বৰুৱাৰ জন্মভূমি ডেকাসুন্দৰ গাঁৱে প্ৰতিবৰ্ষত ভাদ মাহৰ প্ৰতিটো আধ্যাত্মিক কাৰ্যসূচী সকলো পন্থৰ লোকে উমৈহতীয়াকৈ পালন কৰি অঞ্চলটোৰ বাবে এক আদৰ্শনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে। ঠিক সেইদৰে ধাৰাবাহিকভাৱে গাঁওখনে পালন কৰি অহা শিশুৰ দ্বাৰা পৰিবেশিত দিন ভাওনা (ঝুমুৰা)ই গাঁওখনক আধ্যাত্মিক ক্ষেত্রত অন্য এক মাত্ৰা প্ৰদান কৰিছে। কিন্তু এইবেলি একমাত্র কৰ’না মহামাৰীৰ বাবে এই সকলো কাৰ্যসূচী বাতিল কৰিছে বুলি গাঁও উন্নয়ন সমিতিৰ সভাপতি অতুল চন্দ্ৰ হাজৰিকা আৰু সম্পাদক পংকজ বৰুৱাই জানিবলৈ দিয়ে। তেখেতসকলে কয় যে বিগত বৰ্ষলৈকে গাঁওখনত থকা বাৰেচহৰীয়া ৰাইজ সভা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ, মহাপুৰুষ শ্ৰীমন্ত শংকৰ-মাধৱ সমাজ আদি কৰি খেলসমূহে একেটা সময়তে উমৈহতীয়াকৈ গুৰুজনাৰ তিৰোভাৱ তিথি পালন কৰিছিল যদিও এইবেলি প্ৰতিটো খেলৰ দুগৰাকীলৈ ভকতৰ উপস্থিতত গাঁও উন্নয়নৰ নেতৃত্বত সম্পূর্ণ চৰকাৰী নীতি নিৰ্দেশনা মানি তিথি দুভাগ পালন কৰা হ’ব। ঠিক সেইদৰে প্ৰায় ডেৰ শতাধিক গৃহস্থীৰে পৰিপূৰ্ণ গাঁওখনৰ ভাদ মাহৰ গোপিনীৰ নামো প্ৰতিনিধি মূলকভাবে প্ৰতিদিনে ১০ গৰাকী গোপিনীৰ উপস্থিতিত পালন কৰিব। ডেকাসুন্দৰ যুৱক সংঘৰ সভাপতি হিৰণ্য হাজৰিকা, সম্পাদকদ্বয় ময়ুৰ বৰুৱা আৰু হিৰণ্য বৰুৱাই জানিবলৈ দিয়া মতে যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত হৈ অহা ভাওনা উৎসৱ এইবেলি আধ্যাত্মিক কাৰ্যসূচীৰে অনুষ্ঠুপীয়াকৈ পালন কৰা হ’ব। সেই অনুসৰি শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি দিনা কেইগৰাকীমান ভকতৰ উপস্থিতিত এভাগি নাট গোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উক্তদিনা গাঁওখনৰ প্ৰতিঘৰ গৃহস্থীয়ে নিজ নিজ পদূলিত এটি ভোটা আৰু তিনি ভাগ নাটৰ নামত উৎসৰ্গা কৰি তিনিগচি বন্তি প্ৰজ্বলন কৰিব। অতি হেঁপাহেৰে পালন কৰি অহা ভাওনাভাগ এইবেলি এইদৰে বন্ধ কৰিবলগীয়া হোৱাত আবেগিক হৈ পৰে গাঁওবাসী। কৰ’না মহামাৰীৰ এই ভয়াবহ মুহূৰ্তত গাঁওখনে গ্ৰহণ কৰা এনে সিদ্ধান্তক আদৰণি জনাইছে অঞ্চলবাসী ৰাইজে।

Leave A Reply

Your email address will not be published.