কোঁচ ৰজাৰ দিনৰে পৰম্পৰা ৰক্ষা দীঘলী বিলত সমূহীয়া মাছ ধৰা পৰ্ব….

তাহানিৰ কোঁচ ৰজাৰ দিনৰে পৰা পৰম্পৰাগতভাৱে বিহুৰ উৰুকাৰ দিনা চলি অহা ৰীতি সাৰোগত কৰি আজি নগাঁও জিলাৰ হাতীচোং মৌজাৰ ঐতিহাসিক দীঘলী বিলত কেবাশতাধিক গঞাই সমূহীয়া মাছ ধৰা উৎসৱত ভাগ লয়।

হাতে -হাতে জাকৈ-খালৈ, জুলুকী, জাল, প’ল লৈ দীঘলি বিলত অঞ্চলটোৰ প্ৰায় ২০ খন গাঁৱৰ ৰাইজে এই সমূহীয়া মাছ ধৰা উৎসৱত অংশ লৈ মাছ ধৰে।আজি  পুৱাৰ ভাগতেই হাতীচোং মৌজাৰ মাজগাঁও, ৰজাগাঁও , দীঘলপাৰ ,কুজীডাঁহ, মেধিচুক,  ক্ষেত্ৰীগাঁও, গজপুৰীয়া, চাউলখোৱা, খাটোৱাল, দৰঙীয়াল, বৰডুবীয়া, পুখুৰীপাৰ, নমাটি, ৰাইডঙীয়া, আইভেটি ,কাছমাৰী আদি ঠাইৰ পৰা গঞাৰাইজ সদলবলে ওলাই আহি দীঘলবিলৰ পাৰত সমবেত হয় ৷

দীঘলী বিলৰ দুয়োপাৰে সমূহীয়া মাছ ধৰা পৰ্ব উপলক্ষে উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয়। কোনোবাই শ’ল-বৰালিকে ধৰিলে আৰু কোনোবাই আকৌ মোৱা- পুঠি-খলিহনাতে সন্তুষ্ট থাকিব লগা হ’ল। আনহাতে, মাছ ধৰাৰ সমান্তৰালভাৱে বিলৰ পাৰতে বিহুগীত জুৰি, নৃত্য কৰি  উৰুকাৰ আনন্দত  আত্মহাৰা হৈ পৰা দেখা যায় ৷

Related Articles