Breaking

চৰ অঞ্চলত প্ৰতিষ্ঠানিক প্ৰসৱক উৎসাহিত কৰি নিৰাপদ প্ৰসৱ নিশ্চিত কৰাৰ অন্যতম সংযোজন হিচাপে কামৰূপ জিলাৰ উপায়ুক্তই শুভ উদ্বোধন কৰিলে বতাহিদিয়া চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰসূতি কক্ষ…

0 90

চৰ অঞ্চলত প্ৰতিষ্ঠানিক প্ৰসৱক উৎসাহিত কৰি নিৰাপদ প্ৰসৱ নিশ্চিত কৰাৰ অন্যতম সংযোজন হিচাপে আজি কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীয়ে গৰৈমাৰী ৰাজহ চক্ৰৰ অধীনত ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ বতাহিদিয়া চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এটা প্ৰসূতি কক্ষ আনুষ্ঠানিকভাৱে উদ্বোধন কৰি জনসাধাৰণৰ সেৱাত উৎসৰ্গিত কৰে। উল্লেখ্য যে বতাহিদিয়া চৰ স্বাস্থ্য কেন্দ্ৰই অঞ্চলটোৰ প্ৰায় কেইবা সহস্ৰাধিক জনসাধাৰণলৈ প্ৰাথমিক স্বাস্থ্য সেৱা প্ৰদান কৰি আছে।

পূৰ্বতে এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বহিঃবিভাগৰ সেৱা উপলব্ধ আছিল যদিও প্ৰসূতি সকলে প্ৰতিষ্ঠানিক প্ৰসৱৰ বাবে ব্ৰহ্মপুত্ৰ নদী নাৱেৰে পাৰ হৈ গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ যাৱলগীয়া হৈছিল। আজি মুকলি কৰা এই প্ৰৱস কক্ষই বৃহত্তৰ চৰ আঞ্চলটোৰ প্ৰসূতি সকলৰ এক বহুদিনীয়া অভাৱ পূৰণ কৰিব। উল্লেখ্য যে বতাহিদিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত বতাহিদিয়া উপ-স্বাস্থ্য কেন্দ্ৰ আৰু বৰাখাট উপ-স্বাস্থ্য কেন্দ্ৰ আছে।

এই উপলক্ষে বতাহিদিয়া চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ প্ৰংগণত আয়োজিত সভাত ভাষণ প্ৰদান কৰি জিলা উপায়ুক্ত কীৰ্তি জল্লীয়ে আজি মুকলি কৰা প্ৰসূতি কক্ষই বৃহত্তৰ অঞ্চলটোৰ প্ৰসূতি সকলৰ এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিব বুলি কয়। তেওঁ লগতে বৃহত্তৰ অঞ্চলটোৰ প্ৰসূতি সকলে যাতে কোনো কাৰণতে নিজ গৃহত প্ৰসৱ নকৰায় তাৰ বাবে আহ্বান জনায়।

অনুষ্ঠানত গৰৈমাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰূপ বীৰকামিয়া, ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়াকে ধৰি স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়া, চিকিৎসক, নাৰ্চ, আশা কৰ্মী আৰু ভালে সংখ্যক স্থানীয় জনসাধাৰণ উপস্থিত থাকে।

জিলা উপায়ুক্ত গৰাকীয়ে লগতে সমগ্ৰ শিক্ষা কামৰূপৰ উদ্যোগত টুক্ৰাপাৰা আঞ্চলিক ছোৱালী হাইস্কুলৰ চৌহদত ১০০ বিছনাযুক্ত ছাত্ৰী নিৱাস এটা শুভ উদ্বোধন কৰাৰ উপৰি গৰৈমাৰীৰ ফখৰুদ্দিন আলি আহমেদ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত আকালতে বিদ্যালয় ত্যাগ (School Drop Out) ৰোধ সম্পৰ্কীয় এক সজাগতাৰ অনুষ্ঠানতো অংশ গ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.