দিলীপ হাজৰিকা : নাজিৰা
নাজিৰা মহকুমাৰ ন-মাটিৰ নিবাসী,অসম আন্দোলনৰ আগশাৰী নেতা,অ’ এন জি চিৰ অৱসৰপ্ৰাপ্ত বিষয়া আলহাজ মুৱাজ্জম আলি(৬৪)ৰ যোৱাকালি বিয়লি গুৱাহাটী হায়াৎ হস্পিটেলত চিকিৎসাধীন অৱস্হাত শেষ নিশ্বাস ত্যাগ কৰে।বিশিষ্ট সমাজকৰ্মীজনৰ মৃত্যু ৰ বাতৰি বিয়পি পৰাৰ লগে লগে অগণন গুণমুদ্ধই তেখেতৰ ন-মাটিস্হিত বাসভৱনত ভীৰ কৰে। যকৃৎ ৰ অসুখত অসুস্হ হোৱা বিশিষ্ট সমাজকৰ্মীজন যোৱা ১৫মে’ত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত প্ৰথম চিকিৎসাধীন হয়।কিন্ত আলিৰ স্বাস্থ্য অধিক অৱনতি ঘটাত ২১মে’ত গুৱাহাটী হায়াৎ হস্পিটেলত ভৰ্তি কৰোৱা হয়।উক্ত চিকিৎসালয়ত চিকিৎসাধীন অৱস্হাতে যোৱা ৬জুনৰ বিয়লি ২-৩০বজাত শেষ নিশ্বাস ত্যাগ কৰে।আজি পুৱতি নিশা ৪বজাত তেখেতৰ মূতদেহ ন-মাটি আহি পোৱাৰ পাছতে বহু গুণমুগ্ধই তেখেতৰ নশ্বৰ দেহ শেষবাৰৰ বাবে প্ৰত্যক্ষ কৰাৰ বাবে ভীৰ কৰে। অ এন জি চিৰ অৱসৰপ্ৰাপ্ত উচ্চ পদস্হ বিষয়া আলহাজ মুৱাজ্জম আলিয়ে ছয়বছৰীয়া অসম আন্দোলনক শিৱসাগৰ জিলা তথা নাজিৰা ত সন্মুখৰ পৰা নেতৃত্ব দিছিল।প্ৰথম অৱস্হাত ছাত্ৰ সন্থাৰ নেতৃত্বত থাকি আন্দোলনত জপিয়াই পৰাৰ পৰবৰ্তী পৰ্যায়ত অসম গণ সংগ্ৰাম পৰিষদৰ নাজিৰা সমষ্টিৰ সম্পাদক পদত কাৰ্যনিৰ্বাহ কৰি আন্দোলন চলাই নিছিল।১৯৮৩ চনত প্ৰয়াত মুখ্য মন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত হোৱা অবৈধ নিৰ্বাচন শক্তিশালী ৰূপত বিৰোধিতা কৰি প্ৰায় ৩মাহ কাৰাবাস খাটিব লগা হৈছিল।বহুবাৰ পুলিচৰ নিৰ্যাতনৰ বলী হোৱা মুৱাজ্জম আলিয়ে ১৯৮৫ চনত গঠিত হোৱা অসম গণ পৰিষদ দলৰ নাজিৰা জিলা সমিতিৰ সম্পাদকৰ দৰে পদবীত অধিষ্ঠিত হৈ আঞ্চলিক দলটোক শক্তিশালী কৰাৰ প্ৰচেষ্টা চলাইছিল।অ এন জি চিত যোগদানৰ পূৰ্বে আলিয়ে গডগাওঁ সৰ্বোদয় সমাজত চাকৰী কৰাৰ উপৰি গড়গাঁও হাইস্কুলত শিক্ষকতাও কৰিছিল।২০১৫ বৰ্ষত চাকৰীৰ পৰা অৱসৰ গ্ৰহণ কৰা আলিয়ে ২০২৬বৰ্ষত মক্কাশ্বৰীফলৈ হজ কৰিবলৈ যায়।আলহাজ মুৱাজ্জম আলিয়ে নাজিৰা মাৰ্কাজ একাডেমীৰ প্ৰতিষ্ঠাপক সম্পাদকৰ উপৰি ন-মাটি মছজিদ,নাজিৰা মাদ্ৰাছা আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ৰ সৈতে ওতঃপ্ৰোতভাবে জড়িত আছিল।অসম আন্দোলনৰ আগশাৰী নেতা তথা প্ৰাক্তন অ গ প নেতাজনৰ মৃত্যু ত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ অন্যতম সম্পাদকদ্বয় তুলসী গগৈ আৰু দিগন্ত কোঁৱৰে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।বিশিষ্ট সমাজকৰ্মীজনৰ জানাজা আজি বিয়লি ২বজাত ন-মাটি জানাজা গৃহত সম্পন্ন কৰা হয়।মূত্যুৰ সময়ত পত্নী ,এজন পুত্ৰ আৰু এগৰাকী চিকিৎসক কন্যা সহ বহু আত্নীয়স্বজনক এৰি থৈ গৈছে।বিশিষ্ট সমাজকৰ্মীজনৰ মৃত্যুত সমগ্ৰ নাজিৰা অঞ্চলত শোকৰ ছাঁ পৰে।