Breaking

নামনি মাজুলীৰ আজীৱন শিক্ষাব্ৰতী, অৱসৰপ্ৰাপ্ত শিক্ষক,আদিএলেঙী সত্ৰৰ প্ৰপন্ন বৈষ্ণৱ যোগেশ্বৰ কলিতাৰ বিয়োগ

0 29

মাজুলী জিলাৰ নামনি মাজুলীৰ চেলেক গাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা ঐতিহাসিক আদিএলেঙী সত্ৰৰ প্ৰপন্ন বৈষ্ণৱ যোগেশ্বৰ কলিতাৰ যোৱা ৰাতি বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়।

আজীৱন শিক্ষাব্ৰতী যোগেশ্বৰ কলিতাৰ যোৱা ১ অক্টোবৰত বিছনাৰ পৰা পৰি মগজুৰ ষ্ট্ৰ’ক হৈছিল। সেইদিনা কলিতাৰ পুত্ৰ ৰঞ্জিত কলিতাই ততাতৈয়াকৈ তেওঁক ১০৮ এম্বুলেন্সৰ জৰিয়তে ডিব্ৰুগড় অসম মেডিকেল কলেজ হস্পিটেলত ভৰ্তি কৰে; কিন্তু চিকিৎসকৰ নেৰা নেপেৰা যত্নত তেওঁৰ কোনো আৰোগ্য নহ’ল। মঙলবাৰে সন্ধিয়া তেওঁক আদিএলেঙী সত্ৰৰ নিজৰ ঘৰলৈ ঘূৰাই অনা হয় আৰু ৰাতি এক বজাত মৃত্যুৰ কোলাত ঢলি পৰে।

যোগেশ্বৰ কলিতাই ষাঠিৰ দশকত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ প্ৰথমে নামনি মাজুলীৰ আঁহতগুৰি মধ্য ইংৰাজী বিদ্যালয়ত অবৈতনিক ভাবে শিক্ষকতাৰ জীৱন আৰম্ভ কৰে।

তাৰপিছত তেওঁ ১৯৬৮ চনত চেলেক গাঁও প্ৰাথমিক বিদ্যালয়ত নিয়মীয়া শিক্ষক হিচাপে যোগদান কৰে। উক্ত চেলেক গাঁও প্ৰাথমিক বিদ্যালয়খন পৰৱৰ্তী সময়ত চেলেক জনজাতি মধ্য ইংৰাজী বিদ্যালয়লৈ উন্নীত কৰা হয় আৰু যোগেশ্বৰ কলিতাই শিক্ষকতাৰ জীৱন দুগুণ উৎসাহেৰে আৰম্ভ কৰে।

নামনি মাজুলীৰ চেলেক জনজাতি মধ্য ইংৰাজী বিদ্যালয়ত বহু প্ৰজন্মক জ্ঞান চক্ষু প্ৰদান কৰা যোগেশ্বৰ কলিতা সেই অঞ্চলৰ বহু প্ৰজন্মৰ নমস্য শিক্ষা গুৰু আছিল। ২০১০ চনৰ ২৮ ফ্ৰেব্ৰুৱাৰীত চেলেক জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা যোগেশ্বৰ কলিতাই অৱসৰী জীৱনটো ৰাইজৰ মাজত বিভিন্ন সামাজিক কাম কাজ কৰি পাৰ কৰিছিল।

আদিএলেঙী সত্ৰৰ প্ৰপন্ন বৈষ্ণৱ যোগেশ্বৰ কলিতাই সত্ৰখনৰ বিভিন্ন সামাজিক, ধৰ্মীয় অনুষ্ঠানত ওতঃপ্ৰোত ভাৱে জড়িত হৈ অৱসৰী জীৱনটো ৰাইজৰ মাজত কটাইছিল । আকস্মিকভাৱে মৃত্যু হোৱা যোগেশ্বৰ কলিতাৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭৩ বছৰ। মৃত্যুৰ সময়ত তেওঁ দুজন পুত্ৰ, চাৰিগৰাকী কন্যা, দুগৰাকী বোৱাৰী, চাৰিজন জোঁৱাই আৰু কেইবাজনো নাতি নাতিনী ইহ সংসাৰত এৰি থৈ গৈছে। সমাজৰ সকলো স্তৰৰ ব্যক্তিৰ মাজত জনপ্ৰিয় যোগেশ্বৰ কলিতাৰ মৃত্যুত নামনি মাজুলীত গভীৰ শোকৰ ছাঁ পৰিছে।


যোগেশ্বৰ কলিতা যুৱ সমাজকৰ্মী ৰঞ্জিত কলিতাৰ পিতৃ আছিল । যোগেশ্বৰ কলিতাৰ মৃত্যুত আদিএলেঙী সত্ৰ পৰিচালনা সমিতি, আদিএলেঙী যুৱক সংঘ, মহিলা সমিতি, মাজুলী জিলা মধ্য ইংৰাজী শিক্ষক সন্থা, চেলেক জনজাতি হাইস্কুল কতৃপক্ষই আজি গভীৰ শোক প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.