Breaking

পৌৰ নিৰ্বাচনত জয়ী হ’ল মৃত মহিলা। জনতাই ভোট দিলে মৃত প্ৰাৰ্থীক…

0 56

ভালপোৱাৰ চূড়ান্ত প্ৰদৰ্শনৰে এগৰাকী মৃত মহিলাক বিজয়ী কৰিলে জনতাই। ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশত। ৰাজ্যখনত অনুষ্ঠিত পৌৰ নিৰ্বাচনত হাচানৰ ১৭ নং ৱাৰ্ডৰ পৰা মনোনয়ন কৰিছিল আছিয়া বি নামৰ মহিলা গৰাকীয়ে। অঞ্চলটোত অতি জনপ্ৰিয় মহিলা গৰাকী অসুস্থ হৈ ২০ এপ্ৰিলত মৃত্যুক সাবটিছিল। তেওঁৰ মৃত্যুক সহজ ভাবে লব পৰা নাছিল স্হানীয় ৰাইজে। জনপ্ৰিয় মহিলাগৰাকীয়ে অঞ্চলবাসীৰ হৃদয়ত বিশেষ স্হান লাভ কৰিছিল। তেওঁৰ মৃত্যুৰ পিছতো অঞ্চলবাসীয়ে তেওঁক ভোটদান কৰি শেষ শ্ৰদ্ধা নিবেদন কৰিছিল।

পৌৰ নিৰ্বাচনৰ ফলাফল ঘোষনাৰ পিছত পোহৰলৈ আহে যে মৃত আছিয়া বি বিপুল ভোটত বিজয়ী হয়। সম্ভবত ভাৰতত এইয়া প্ৰথম ঘটনা য’ত এগৰাকী মৃত প্ৰাৰ্থীক অঞ্চলবাসীয়ে ভালপোৱাৰ স্মৃতিৰে ভোট দি বিজয়ী কৰে বিপুল ভোটত।

Leave A Reply

Your email address will not be published.