সীমান্তৱৰ্তী অঞ্চলসমূহৰ জটিল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই (ডি আৰ ডি অ’) এখন মানৱবিহীন বিমান প্ৰস্তুত…

নতুন দিল্লীঃ সীমান্তৱৰ্তী অঞ্চলসমূহৰ জটিল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই (ডি আৰ ডি অ’) এখন মানৱবিহীন বিমান (ইউ এ ভি) প্ৰস্তুত কৰিছে।

হিমালয়ৰ সীমান্ত অঞ্চলত লজিষ্টিক অভিযানৰ বাবে ব্যৱহাৰ কৰা হ’ব টেদাৰেড মাল্টি কপ্টাৰ ইউএভি।

মহাৰাষ্ট্ৰৰ নাগপুৰত অনুষ্ঠিত ১০৮ সংখ্যক ভাৰতীয় বিজ্ঞান কংগ্ৰেছত ডি আৰ ডি অ’ই শেহতীয়া ইউ এ ভি প্ৰদৰ্শন কৰে।

খবৰ অনুসৰি ইউ এ ভি বা মাল্টি কপ্টাৰখন ছিকিমত সফলতাৰে পৰীক্ষা কৰা হৈছিল য’ত ই ১৪ হাজাৰ ফুট উচ্চতাত উপনীত হৈছিল। এতিয়া ইউএভিৰ পৰীক্ষা চলি আছে আৰু আৰু দুটা পৰীক্ষাৰ অন্তত ই সামৰিক নিয়োগৰ বাবে সাজু হ’ব।

Related Articles