Breaking

অসমীয়া ভাষাৰ বিকাশ আৰু অসম চৰকাৰৰ কৰণীয় : পুলেন গোস্বামী…

0 104

আমি অসমীয়া। অসমীয়া আমাৰ মাতৃভাষা।যিকোনো মূল্যৰ বিনিময়ত আমি আমাৰ মুখৰ ভাষাটো বিশ্বৰ অন্যান্য শ্ৰেষ্ঠ ভাষাৰ স্থলাভিষিক্ত কৰাৰ বাবে বদ্ধ পৰিকৰ হ’বই লাগিব। অসমীয়া ভাষাৰ বিকাশৰ ইতিহাস বহু পুৰণি। এই কথা অনস্বীকাৰ্য যে বহু অতীজৰ পৰাই অসমীয়া ভাষাৰ ওপৰত অত্যাচাৰ চলি আহিছে। খৃষ্ট ধৰ্মৰ প্ৰচাৰৰ বাবে অহা পাদুৰী চাহাব সকলে,যদিও প্ৰত্যক্ষভাৱে ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য আগত ৰাখিছিল, তথাপি পৰোক্ষভাৱে হ’লেও  অসমত অসমীয়া ভাষাৰ মোল বুজিয়েই অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছিল। এসময়ত অসমীয়া ভাষাৰ শিপা উভালি অসমীয়া ভাষাক বঙালী ভাষাৰ অপভ্ৰংশ বুলি দাবী কৰি অসমত বঙলা ভাষাক নিগাজিকৈ স্থান দিয়াৰ বাবে এচামে যি প্ৰচেষ্টা আৰু ষড়যন্ত্ৰ চলাইছিল, পৰৱৰ্তী সময়ত এই সকলোবোৰ ষড়যন্ত্ৰক ওফৰাই অসমীয়া ভাষাই নিজৰ স্থানতে থকাৰ যি ইতিহাস ৰচিলে, সেই ইতিহাসে অসমীয়া লোকসকলক নিজৰ ভাষাৰ স্থায়ীত্ব দিয়াৰ ক্ষেত্ৰত সাহস প্ৰদান কৰি আহিছে। তথাপি কিন্তু অতি দুখ আৰু পৰিতাপেৰে এই কথা ক’বই লাগিব যে আজিও অসমীয়া ভাষাৰ ওপৰত,ভাষাটোৰ বিৰুদ্ধে অহৰহ ষড়যন্ত্ৰ চলিয়ে আছে।

এই ষড়যন্ত্ৰৰ প্ৰকাৰ বা ভেদ কেবা ধৰণৰ দেখা যায়। এটা সময় আছিল, যি সময়ত ‘অসম সাহিত্য সভা’ৰ দৰে অনুষ্ঠানৰ লগত জড়িত থকা বিশেষ বিশেষ ব্যক্তিৰ উদ্যোগত অসমীয়া ভাষাই ঠন ধৰি উঠিছিল। অসমীয়া ভাষা-সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰত ‘অসম সাহিত্য সভা’ই এটা নতুন বাট মুকলি কৰিছিল। নতুন নতুন অসমীয়া আলোচনী, বাতৰিকাকত আদিৰ সৃষ্টিয়ে অসমীয়া ভাষাৰ বিকাশৰ বাটত এক জাগৰণৰ সৃষ্টি কৰা বুলি ক’লেও অত্যুক্তি কৰা নহ’ব। অসম এখন এনেকুৱা ৰাজ্য য’ত কেৱল অসমীয়া ভাষী লোকেই যে আছে, এনেকুৱা নহয়। এটা সময় আছিল অসমত বাস কৰা সকলো ধৰণৰ লোকেই — জাতি, জনজাতিৰ সকলো লোকেই নিজকেই অসমীয়া বুলি পৰিচয় দি গৌৰৱ বোধ কৰিছিল। নিজৰ নিজৰ জনজাতীয় ভাষাৰ মাধ্যমেৰে নিজ সম্প্ৰদায়ৰ লোকৰ মাজত যোগাযোগৰ মাধ্যম থাকিলেও অন্য লোকৰ সৈতে কথা-বতৰাৰ মাধ্যমৰূপে অসমীয়া ভাষা প্ৰয়োগ কৰিছিল। প্ৰতিগৰাকী জনজাতীয় লোকে অসমীয়া ভাষা জানিছিল আৰু অসমীয়া ভাষাৰে কথাবতৰাও পাতিছিল। কিন্তু সময়ৰ গতিত বহুকেইটা জনজাতীয় সম্প্ৰদায়ে নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ টান পোৱা হ’ল।তেওঁলোকে নিজৰ নিজৰ জনজাতীয় ভাষাৰ বিকাশ আৰু প্ৰচাৰৰ বাবে উঠিপৰি লাগিল। অৱশ্যে ইবোৰৰ অন্তৰালত বহুবোৰ নেতাৰ ৰাজনৈতিক অভীপ্সা পূৰণৰ সপোনো যে আছিল, সেয়া স্পষ্টকৈ বুজিব পৰা গৈছিল। সিবোৰ যিয়েই নহওক, এই কথা স্পষ্ট যে অসমীয়া এটা বিকশিত ভাষা, ভাৰতীয় বহুবোৰ ভাষাৰ দৰে অসমীয়া ভাষাও এক শ্ৰুতিমধুৰ ভাষা। ইতিমধ্যেই বিদ্যালয়-মহাবিদ্যালয় পৰ্যায়ত এই ভাষাই এক সন্মানজনক স্থান পাবলৈ সক্ষমো হৈছে। অসমত নতুন নতুনকৈ প্ৰকাশিত বহুবোৰ অসমীয়া আলোচনী আৰু বাতৰি কাকতে অসমীয়া ভাষাৰ  বিকাশ, প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা ল’বলৈও সক্ষম হৈছিল। কিন্তু অতি দূৰ্ভাগ্যজনকভাৱে অসমত অসমীয়া ভাষাৰ বিকাশৰ বাটটোত যেন এচামে ভেটা দিবলৈ অপচেষ্টা চলালে। অসমত ইতিমধ্যে প্ৰতিষ্ঠিত বহুবোৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ অৱস্থা তথৈবচ হৈ আহিল। ইংৰাজী মাধ্যমৰ বিদ্যালয়বোৰ যেন চতুৰ্দিশে কাঠফুলাৰ দৰে গজি উঠিল। অসমৰ অভিভাৱকবোৰেও এই ইংৰাজী মাধ্যমৰ বিদ্যালয়লৈ নিজৰ ল’ৰা-ছোৱালীবোৰক পঠিয়াই যেন তথাকথিত ইংৰাজ ভদ্ৰলোক হোৱাৰ জালখনতহে ভৰি দিলে। নিজৰ ল’ৰা-ছোৱালীবোৰক অসমীয়া মাধ্যমত পঢ়ুৱালে যেন লোকদৃষ্টিত সৰু হৈ যাব,এনেকুৱা এক মানসিকতাই গা কৰি উঠিল। তদুপৰি আটাইতকৈ দূৰ্ভাগ্যৰ কথাটো হ’ল অসমত খিলঞ্জীয়া অসমীয়াৰ দ্বাৰা গঠন হোৱা চৰকাৰখনেও যেন অসমীয়া ভাষাক এলাগী কৰিবলৈ আৰু এখোজ আগবাঢ়ি আহিল। ‘অসম লোকসেৱা আয়োগ’ৰ পৰীক্ষাৰ পৰা বাধ্যতামূলক অসমীয়া প্ৰশ্নকাকতখন উঠাই দি চৰকাৰখনৰ অসমীয়া ভাষা বিদ্বেষী মনোভাৱ আৰু বেছি স্পষ্ট কৰি তুলিলে। ইতিমধ্যে ‘অসম লোকসেৱা আয়োগ’ৰ দ্বাৰা কেবাগৰাকী অসমীয়া ভাষাৰ ‘অ’টোও নজনা  বিষয়া পৰ্যায়ৰ লোকক নিযুক্তি দি প্ৰমাণ কৰিলে যে অসমত অসমীয়া ভাষাৰ আৱশ্যকতা ইমান গুৰুত্বপূৰ্ণ নহয়।শেহতীয়াকৈ চৰকাৰী নিযুক্তি লাভৰ লেখিয়া নাইবা কাৰিকৰী উচ্চশিক্ষা গ্ৰহণ কাৰ্যতো স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ ( পি.আৰ.চি.) ৰ আৱশ্যকতা নাই বুলি যি চৰকাৰী

বিজ্ঞাপন দিলে, সিবোৰেও এই চৰকাৰখনৰ যে অসমীয়া ভাষাৰ প্ৰতি কোনো দায়বদ্ধতা নাই তাকেই প্ৰতীয়মান কৰিলে। অতি আশ্চৰ্যজনকভাৱে  ইমানদিনে অসমীয়া ভাষাৰে সুন্দৰকৈ চলি অহা বিদ্যালয়তো গণিত আৰু বিজ্ঞান বিষয় দুটাৰ ক্ষেত্ৰত অসমীয়া ভাষাৰ পৰিৱৰ্তে ইংৰাজী ভাষাৰ প্ৰৱৰ্তনৰ দ্বাৰা অসমীয়া ভাষাৰে গণিত আৰু বিজ্ঞান বিষয়ত আগবাঢ়ি যোৱাৰ ৰাস্তা বন্ধ কৰিবলৈ যত্ন কৰা হ’ল। অসমত প্ৰচলিত অসমীয়া ভাষাৰ বাতৰিকাকত (অসমীয়া প্ৰতিদিনৰ বাহিৰে) সমুহৰো চাৰ্কুলেচন দ্ৰুত গতিত কমি অহালৈ চাই এইখন অসমতেই যেন ক্ৰমাৎ অসমীয়া ভাষাৰ চৰ্চাৰ বাট ৰুদ্ধ হ’বলৈ গৈ আছে, তেনেকুৱা অনুভৱেই হয়। অসমত অসমীয়া ভাষাৰ পৰিবৰ্ধনৰ বাবে অসমৰ অসমীয়া ভাষাপ্ৰেমী প্ৰতিজন লোকৰ লগতে অসম চৰকাৰৰো যথেষ্ট কৰণীয় আছে। যিবোৰ অসমীয়া বাতৰি কাকতে আৰ্থিক অনাটনত জুৰুলা হৈও অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব দি প্ৰকাশ কৰি আহিছে, তেনেবোৰ বাতৰিকাকতলৈ চৰকাৰে অধিক মনোযোগ দিয়াটো অতি জৰুৰী বুলি ভাবোঁ; ঠিক তেনেকৈ অসমীয়া বাতৰিকাকতত দেখিবলৈ পোৱা দুই/চাৰিটা সৰুসুৰা বানান বিভ্ৰাটক লৈ যিসকল অসমীয়াই হৈ-চৈ লগাই,তেওঁলোকে প্ৰকাৰান্তৰে অসমীয়া ভাষাৰ বিকাশৰ অন্তৰায় ৰূপেহে ঠিয় দিয়া যেন লাগে। মোৰ দৃষ্টিত দুই এক বৈয়াকৰণিক অশুদ্ধতা থাকিলেও তেনেকুৱা বাতৰিকাকত প্ৰকাশত উৎসাহ যোগোৱাৰ সলনি তেওঁলোকে নিৰুৎসাহিত কৰা কাৰ্যৰ পৰা বিৰত থাকিব লাগে। অসমত অসমীয়া ভাষাৰ অৱস্থা ভৱিষ্যত অধিক টনকিয়াল কৰিবলৈ হ’লে ইংৰাজী মাধ্যমৰ সলনি অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ওপৰত চৰকাৰী বা বেচৰকাৰী প্ৰচেষ্টা অধিক হ’ব লাগিব। চৰকাৰেও এই কথাত অধিক মনোযোগ দিব লাগিব যে অসমৰ এখনো অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ হ’ব নোৱাৰিব। তদুপৰি যিবোৰ সংস্থা বা অনুস্থান বা আলোচনী বা বাতৰিকাকতে অসমীয়া ভাষাৰ বিকাশৰ বাবে অহৰ্নিশে লাগি আছে, তেনেবোৰ অনুস্থানক বা বাতৰিকাকতক অধিক আৰ্থিক অনুদান দি হ’লেও অৱস্থাৰ উন্নতি কৰণত চৰকাৰ দায়িবদ্ধ হ’ব লাগিব। ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলা কাৰ্যত চৰকাৰে উদ্গনি দিয়াৰ সলনি অসমীয়া মাধ্যমৰ বিদ্যালয়ত যথোচিত গুৰুত্ব প্ৰদান কৰক।

✍️পুলেন গোস্বামী
      বৰমা
     ফোন নং: ৭৬২৭৯১২১৮৪

Leave A Reply

Your email address will not be published.