মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ধুবুৰী গোটৰ অন্তৰঙ্গ আলাপ আৰু বাটৰ নাট কাৰ্যসূচী সম্পন্ন…

ধুবুৰীৰ ডুমৰদহস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ধুবুৰী গোটৰ নৱাগত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এক অন্তৰংগ আলাপ অনুষ্ঠান আজি আয়োজিত হয় । অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক হিৰণ্য কুমাৰ বৰাই আঁতধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশ্ববিদ্যালয়ৰ সহঃ পঞ্জীয়ক (শৈক্ষিক) ড° বিচিত্ৰ বিকাশে নৱাগত শিক্ষাৰ্থীসকলক উদ্দেশ্যি বিশ্ববিদ্যালয়খনৰ নীতি-আদৰ্শসমূহৰ লগতে সমগ্ৰ শিক্ষা ব্যৱস্থাটোৰ এক পৰিচয় ডাঙি ধৰে।

তদুপৰি অনুষ্ঠানটিত উপস্থিত থাকি ধুবুৰী গোটৰ শাখা বিষয়া ভাস্কৰজ্যোতি শইকীয়া, সহঃ অধ্যাপক ক্ৰমে বৰ্ণা ৰয়, ড° অৰ্চনা শইকীয়া, স্বৰ্ণালী মণ্ডল আৰু ড° নাৰায়ণ বৰ্মণে নৱাগত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। অসমীয়া বিভাগৰ ছাত্ৰী সুস্মিতা সেন আৰু শিক্ষাতত্ত্ব বিভাগৰ ছাত্ৰী দেৱযানী পালৰ নৃত্যৰে জীপাল হৈ উঠা অনুষ্ঠানটিৰ শেষৰফালে ছাত্ৰ-ছাত্ৰীৰ মাজত ৰেগিং সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ বাবে শিক্ষাতত্ত্ব বিভাগৰ ছাত্ৰী টুটুমণি মণ্ডলৰ পৰিচালনাৰে ‘অনুভৱ’ শীৰ্ষক এখনি বাটৰ নাট প্ৰদৰ্শিত হয় ।

আনহাতে, বিশ্ববিদ্যালয়খনৰ মূল চৌহদত যোৱা ৭ ছেপ্তেম্বৰ আৰু গুৱাহাটী গোটত ৮ ছেপ্তেম্বৰত এই কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ দুয়োটা চৌহদত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ক্ৰমে বিৰাঙ্গণা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ড° মানস প্ৰতিম বৰা আৰু বিশিষ্ট শিক্ষাবিদ ড° দয়ানন্দ পাঠক ৷

Related Articles