Breaking

ভাগ্যৰ দুৱাৰ খোল খালে অক্ষয় কুমাৰৰ। হিট হ’ল OMG 2। বৃদ্ধি কৰিলে তেওঁৰ পৰৱৰ্তি ছবিৰ বাজেট…

0 59

অক্ষয় কুমাৰৰ ছবি ‘হাউছফুল ৫’ সন্দৰ্ভত এক খবৰ ওলাইছে, যি খবৰব বিষয়ে শুনি আপুনিও আচৰিত হ’ব। খবৰ অনুসৰি মেকাৰে ‘হাউছফুল ৫’ৰ বাজেট ইমানেই বৃদ্ধি কৰিছে যে ই আপোনাৰ কল্পনাৰো বাহিৰত। এই ছবিখন মুক্তিৰ পূৰ্বে নিজৰ কেৰিয়াৰ ৰক্ষা কৰাটো অক্ষয় কুমাৰৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল যদিও এই ছবিখনৰ সফলতাই তেওঁৰ কেৰিয়াৰত নতুন প্ৰাণ জগাই তুলিছে। কেৱল এয়াই নহয়, তেওঁৰ আগন্তুক ছবিখনৰ বাজেট ইমানেই বেছি যে আপুনি জানিলে স্তম্ভিত হ’ব। অক্ষয় কুমাৰৰ আগন্তুক ছবি ‘হাউছফুল ৫’ৰ বাজেট প্ৰায় ৪০০ কোটি টকা।


‘হাউছফুল’ ছবিখনৰ প্ৰথম খণ্ডটো ১৩ বছৰ আগতে অৰ্থাৎ ২০১০ চনত মুক্তি পাইছিল। এই ছবিখনৰ প্ৰথম খণ্ডৰ সফলতাৰ পিছত ৪টা খণ্ড পিছ পিছকৈ নিৰ্মাণ কৰা হৈছিল আৰু চাৰিওটা খণ্ডই হিট হৈছিল। আনকি ‘হাউছফুল’কো আটাইতকৈ সফল ফ্ৰেঞ্চাইজি বুলি কোৱা হয়। এই চাৰিখন ছবি হিট হোৱাৰ লগে লগে নিৰ্মাতাসকলে বহু টকা উপাৰ্জন কৰিছিল। এতিয়া পঞ্চম খণ্ডটোক আৰু অধিক বিশাল কৰিবলৈ মেকাৰসকলে ইয়াৰ বাবে অধিক ধন খৰচ কৰি গ্ৰেণ্ড স্কেলত শ্বুট কৰাৰ পৰিকল্পনা কৰিছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ‘হাউছফুল ৫’ৰ বাজেট প্ৰায় ৪০০ কোটি টকা। ব্ৰিটেইনৰ সুন্দৰ স্থানত শ্বুটিং কৰা হ’ব ছবিখনৰ। এই ছবিখনত অক্ষয় কুমাৰৰ বাহিৰেও ৰিতেশ দেশমুখৰ নাম চূড়ান্ত কৰা হৈছে যদিও আন তাৰকাৰ নাম এতিয়াও প্ৰকাশ হোৱা নাই। ২০১০ চনত আৰম্ভ হোৱা ‘হাউছফুল’ ফ্ৰেঞ্চাইজিৰ পৰিচালনা কৰিছিল সাজিদ খানে। দ্বিতীয় খণ্ড ‘হাউছফুল ২’ও পৰিচালনা কৰিছিল সাজিদ খানে। কিন্তু ইয়াৰ পিছত ৩ আৰু ৪ নং খণ্ডটো ফাৰহাদ ছামজীয়ে পৰিচালনা কৰিছিল আৰু এতিয়া ৫ম খণ্ডৰ শ্বুটিংও ফাৰহাদে পৰিচালনা কৰিব। ছবিখনৰ প্ৰযোজক ছাজিদ নাদিয়াদৱালা। এই ফ্ৰেঞ্চাইজিৰ প্ৰথম খণ্ডৰ বাহিৰে দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ খণ্ডই ১০০ কোটিতকৈও অধিক ধন সংগ্ৰহ কৰিছিল। ‘হাউছফুল ৫’ৰ সন্দৰ্ভতো মেকাৰসকলৰ বহু আশা আছে।

Leave A Reply

Your email address will not be published.