মুম্বাই অনুষ্ঠিত হবলগীয়া বিশ্ব অডিঅ’ ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট (ৱেভছ) ২০২৫ৰ পূৰ্বে ‘ক্ৰিয়েট ইন ইণ্ডিয়া’ চেলেঞ্জৰ অধীনত অনুষ্ঠিত হোৱা(The EDM Challenge) মাৰ্কিন প্ৰতিযোগিতা ‘ৰেজ’নেট: দ্য ইডিএম চেলেঞ্জ’ই ইলেক্ট্ৰনিক ডান্স মিউজিক (ইডিএম)ৰ বিশ্বব্যাপী প্ৰতিভাক একত্ৰিত কৰি সংগীত নিৰ্মাণ আৰু লাইভ প্ৰদৰ্শনত উদ্ভাৱন, সৃষ্টিশীলতা, আৰু সহযোগিতাক উদযাপন কৰিছে।ভাৰতীয় সংগীত উদ্যোগৰ সহযোগত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ‘‘ৰেজ’নেট: দ্য ইডিএম চেলেঞ্জ ’ৰ বাবে শীৰ্ষ ১০ গৰাকী নিৰ্বাচন কৰা অংশগ্ৰহণকাৰীৰ নাম ঘোষণা কৰিছে।
কঠোৰ নিৰ্বাচন প্ৰক্ৰিয়া আৰু শ শ প্ৰতিযোগীৰ প্ৰৱেশৰ অন্তত ২০২৫ চনৰ ১-৪ মে’লৈ মুম্বাইত অনুষ্ঠিত হ’বলগীয়া ৱেভছৰ বিশ্বজনীন মঞ্চত অনুষ্ঠিত হ’বলগীয়া গ্ৰেণ্ড ফিনালেত লাইভ অনুষ্ঠান পৰিৱেশন কৰিবলৈ তলত উল্লেখ কৰা দহজন শিল্পীক নিৰ্বাচন কৰা হৈছে-শ্ৰীকান্ত ভেমুলা, মুম্বাই, মহাৰাষ্ট্ৰ,মায়ংক হৰিশ বিধানী, মুম্বাই, মহাৰাষ্ট্ৰ, ক্ষীতিজ নাগেশ খোদৱে, পুনে, মহাৰাষ্ট্ৰ, আদিত্য দিলবাঘী, মুম্বাই, মহাৰাষ্ট্ৰ, আদিত্য উপাধ্যায়, কুমাৰীকাটা, অসম, দেৱাঞ্চ ৰাস্তোগী, নতুন দিল্লী,সুমিত বিল্টু চক্ৰৱৰ্তী, মুম্বাই, মহাৰাষ্ট্ৰ,মাৰ্ক ৰিয়ান ছিয়েমলিহ, মুম্বাই, মহাৰাষ্ট্ৰ,দিব্যজিৎ ৰায়, বঙাইগাঁও, অসম।,নৱজ্যোতি বৰুৱা, মুম্বাই, মহাৰাষ্ট্ৰ।এই শীৰ্ষ ১০ গৰাকী শিল্পীয়ে ভাৰতৰ ইলেক্ট্ৰনিক সংগীত সম্প্ৰদায়ৰ এক সজীৱ শিতানক প্ৰতিনিধিত্ব কৰিছে, য’ত এম্বিয়েণ্টৰ পৰা আৰম্ভ কৰি উচ্চ শক্তিৰ নৃত্য সংগীতলৈকে অনন্য শব্দ সংযোজিত হৈ আছে। এই প্ৰত্যাহ্বানৰ লক্ষ্য আছিল ইলেক্ট্ৰনিক সংগীত সৃষ্টি আৰু ডিজেৰ ক্ষেত্ৰত ভাৰতীয়ৰ লগতে বিশ্বব্যাপী উদীয়মান প্ৰতিভাক উজলাই তোলা আৰু উন্নীত কৰা।
এই প্ৰত্যাহ্বানৰ সফলতাই সংগীত সংযোজন, ইলেক্ট্ৰনিক সংগীত আৰু ডিজে কৰা শিল্পকলাৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে ভাৰতৰ স্থানকো শক্তিশালী কৰে। এই নিৰ্বাচিত ফাইনেলিষ্টসকলে এতিয়া তেওঁলোকৰ গ্ৰেণ্ড ফিনালে প্ৰদৰ্শনৰ বাবে প্ৰস্তুতি চলাব, য’ত তেওঁলোকে ৱেভছ বিশ্ব মাঞ্চত নিজৰ প্ৰতিভা উপস্থাপন কৰিব।