অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয় (ARGUCOM)ৰ সৈতে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ একত্ৰীকৰণ সন্দৰ্ভত আজি এক পৰ্যালোচনা বৈঠকত মিলিত হয় শিক্ষামন্ত্ৰী ৰণোজ পেগু । ARGUCOM-য়ে তিনিটা বিভাগত ছয় গৰাকী অধ্যাপক আৰু মাত্ৰ ৫৪ গৰাকী শিক্ষাৰ্থীৰে শৈক্ষিক কাৰ্যসূচী চলাই আছে শিক্ষামন্ত্ৰীয়ে।
এই সমস্যা সমাধানৰ উদ্দেশ্যে শেহতীয়াকৈ উন্নীত হোৱা শিৱসাগৰ বিশ্ববিদ্যালয় (পূৰ্বৰ শিৱসাগৰ মহাবিদ্যালয়- স্বায়ত্তশাসিত)ৰ সৈতে প্ৰতিষ্ঠানটো একত্ৰীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
আজি এই একত্ৰীকৰণ পদ্ধতিৰ বিষয়ে আমি আলোচনা কৰা হয়। বৰ্তমানৰ শিক্ষাৰ্থীসকলৰ স্বাৰ্থ সম্পূৰ্ণৰূপে সুৰক্ষিত কৰা হ’ব আৰু অধ্যাপকসকলক শিৱসাগৰ মহাবিদ্যালয়লৈ বদলি কৰা হ’ব।