Breaking

মালিগাঁৱত ৰেলৱেৰ এছ চি আৰু এছ টি এম্পলয়িজ এচোছিয়েশ্যনৰ মহিলা শাখাৰ শিক্ষামূলক গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি…

0 35

গ্ৰীষ্ম বন্ধৰ সময়চোৱাত শিশু ছাত্ৰ – ছাত্ৰী সকলৰ মাজত থকা সৃজনিমূলক প্ৰতিভা সমুহ বিকশিত কৰাৰ লক্ষ্যৰে নিখিল ভাৰত এছ চি আৰু এছ টি ৰেলৱে এচোছিয়েশ্যৰ এন এফ ৰেলৱে মণ্ডলৰ সভাপতি ৰিংকুমণি বৈশ্য আৰু সম্পাদক তাৰিণী চৰণ দাসৰ নেতৃত্বত, মহিলা শাখাৰ উদ্যোগত ৰেল নগৰী মালিগাঁৱৰ গোশালাস্থিত ৰেলৱে ছিনিয়ৰ ইনষ্টিটিউটত ১১ জুলাইৰ পৰা পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত শিক্ষামূলক গ্ৰীষ্মকালীন শিবিৰৰ ১৩ জুলাইত সামৰণি পৰে। মূলত ৩ ৰ পৰা ১২ বছৰ বয়সৰ শিশু ছাত্ৰ – ছাত্ৰী সকলৰ মাজত থকা সুপ্ত প্ৰতিভা সমুহ বিকশিত কৰাৰ বাবে তিনিদিনীয়া শিবিৰত তিনিটা শাখাত চিত্ৰাংকণ প্ৰতিযোগিতাৰ উপৰিও বিহু কৰ্মশালা, ধ্যান , যোগ, সাতোৰ আদিৰ আয়োজন কৰা হৈছিল।

১১ জুলাইৰ দিনা পুৱা এগছি বন্তি প্ৰজ্বলনৰে শিবিৰ মুকলি কৰিছিল গুৱাহাটী পৌৰ নিগমৰ ৯ ৱাৰ্ডৰ পাৰিষদ অৰ্চনা দাসে। আনহাতে ১১ জুলাইত শিবিৰৰ প্ৰথম দিনটোত শিশু ছাত্ৰ – ছাত্ৰী সকলৰ মাজত তিনিটা শাখাত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত প্ৰায় ২০০ টা শিশুৱে ভাগ লয়।। প্ৰতিযোগিতা পৰিচালনা কৰিছিল মহিলা শাখাৰ উপ সভানেত্ৰী সীমা খান আৰু সম্পাদিকা নিৰ্মালি দাসে। ১৩ জুলাইৰ শিবিৰৰ সামৰণিৰ দিনা বিহু কৰ্মশালা অনুষ্ঠিত হয় । বিয়লি অনুষ্ঠিত সামৰণি অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকে এন এফ ৰেলৱে মহিলা কল্যাণ সংস্থাৰ সভানেত্ৰী শালিনী শ্ৰীবাস্তৱ ।

অনুষ্ঠানত প্ৰতিযোগিতাৰ বিজয়ী সকলক মানপত্ৰ আৰু বঁটা সমুহ বিতৰণ কৰি গ্ৰীষ্ম বন্ধৰ লগত সংগতি ৰাখি শিশু ছাত্ৰ – ছাত্ৰী সকলৰ মাজত থকা সুপ্ত প্ৰতিভা সমুহ বিকশিত কৰাৰ লক্ষ্যৰে এনে ধৰণৰ কৰ্মশালা অনুষ্ঠিত কৰা বাবে মহিলা শাখাৰ শলাগ লয়। আনহাতে মহিলা শাখাৰ সম্পাদিকা নিৰ্মালি দাসে আঁত ধৰা অনুষ্ঠানত এছ চি, এছ টি এচোছিয়েশ্যনৰ সভাপতি ৰিংকুমণি বৈশ্য , সাধাৰণ সম্পাদক তাৰিণী চৰণ দাস , মহিলা শাখাৰ উপ সভানেত্ৰী সীমা খান, কৰ্মকৰ্তা ভাৰতী মাৰাক, কৰ্মশালাৰ প্ৰশিক্ষক বাবলী আচাৰ্য, ৰাজা মুখাৰ্জীকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.