Breaking

এটা যুগৰ অৱসানঃ সাংস্কৃতিক জগতৰ নক্ষত্ৰ নিপন গোস্বামীৰ পৰলোক । ৰাজ্যিক মৰ্যদাৰে শ্ৰদ্ধা জনাব চৰকাৰেঃ ৰাজ্যজুৰি শোকৰ ছাঁ…

0 561

আধুনিক চিকিৎসা বিজ্ঞানৰ ওচৰত হাৰ মানি জীৱন নাটৰ সামৰণি মাৰিলে অসমীয়া ছবি জগতৰ উজ্জ্বল নক্ষত্ৰ নিপন গোস্বামীয়ে। বিগত চাৰিটা দিন গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা শিল্পী গৰাকী আজি পুৱা এই সংসাৰৰ মায়া মোহৰ ত্যাগ কৰি অনন্তধামলৈ গতি কৰে।

তেজপুৰৰ সাংস্কৃতিকবান পৰিয়ালৰ বিখ্যাত অভিনেতা চন্দ্ৰধৰ গোস্বামী আৰু সুগায়িকা নিৰুপমা গোস্বামীৰ পুত্ৰ নিপন গোস্বামীৰ জন্ম হৈছিল ১৯৪২ চনৰ ৩ ছেপ্টেম্বৰত। তেজপুৰত শৈক্ষিক জীৱন আৰম্ভ কৰা শিল্পী গৰাকীয়ে ১৯৫৭ চনত পিয়লি ফুকন ছবিত শিশু চৰিত্ৰত অভিনয় কৰি প্ৰতিভাৰ স্বাক্ষৰ দিছিল। স্নাতক পাঠ্যক্ৰম শেষ কৰি তেও পুনে ফিল্ম ইনষ্টিটিউটত অভিনয়ত নামভৰ্তি কৰে। তেওৰ সহপাঠী আছিল নবীন নিশ্চল, শত্ৰুঘ্ন সিনহা, সুভাষ ঘাই আদি শিল্পী সকল।

সুখ্যাতিৰে শিক্ষা শেষ কৰি তেও উভতি আহে অসমলৈ। সংগ্ৰাম ছবিত মূল চৰিত্ৰ অভিনয়ৰে অসমীয়া ছবি জগতত খোজ দিয়া গোস্বামীয়ে ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত ” ডঃ বেজবৰুৱা” ছবিত কৰা বলিষ্ঠ অভিনয় আজিও দৰ্শকৰ মনত চিৰসেউজ হৈ আছে। এখনৰ পিছত এখন বলিষ্ঠ ছবি উপহাৰ দি অসম আৰু অসমীয়াৰ নয়নমনি হৈ পৰা গোস্বামীৰ মৃত্যুৱে ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই “ককাদেউতা নাতি আৰু হাতী” ছবি সোৱৰণ কৰি তেওৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও নিপন গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। আনহাতে অসম চৰকাৰে গোস্বামীক ৰাজ্যিক মৰ্যদাৰে বিদায় জনোৱাৰ সিদ্ধান্ত গ্ৰহন কৰাৰ লগতে চিকিৎসালয়ৰ ব্যয় বহন কৰাৰ বিষয়ে ঘোষনা কৰিছে। শিল্পীৰ গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আত্মাৰ চিৰ শান্তি কামনা কৰিছে “দৈনন্দিন বাৰ্তা” গোষ্ঠীয়ে।

Leave A Reply

Your email address will not be published.