Breaking

পুনৰ মহানগৰীৰ আভিজাত্যক ভেঙুচালি কৰিলে এজাক বৰষুণে…

0 37

পুনৰ মহানগৰীৰ আভিজাত্যক ভেঙুচালি দেখুৱালে এজাক বৰষুণে। মহানগৰীৰ বাবে বৰষুণ সপোন যেন নহয়, সীমা হীন দুদৰ্ষাহে সেয়া পুণৰ প্ৰমাণিত হ’ল সোমবাৰৰ বিয়লিৰ এজাক বৰষুণত। সোমবাৰে বিয়লি অহা মুষলধাৰ বৰষুণত সমগ্ৰ মহানগৰী কৃত্ৰিম বানত বুৰ যায় । মহানগৰীৰ চানমাৰি , নুনমাটি, বামুনীমৈদান, জি এছ ৰোড , উলুবাৰী , নমাইল , যোৰাবাট , গুৱাহাটী ক্লাৱ, আমবাৰী , ৰুক্মিণী গাঁও, হাতীগাও,বেলতলা, গণেশগুৰি , গান্ধীবস্তি , ৰাজগড়, পুৱশৰণীয়াকে ধৰি মহানগৰীৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানত বুৰ যায়।

ঠায়ে ঠায়ে একাঠু পৰ্যন্ত পানী হোৱা পৰিলক্ষিত হৈছে। তদুপৰি মহানগৰীৰ ঠায়ে ঠায়ে তীব্ৰ যান জঁটৰ সৃষ্টি হয়। কৃত্ৰিম বানৰ কৱলত স্বাভাৱিক জীৱন যাপন ব্যাহত হৈ পৰে। মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে নলা নৰ্দমা নিষ্কাষণৰ বাবে অত্যাধুনিক যন্ত্ৰ চৰকাৰে ব্যৱহাৰ কৰিছে যদিও মহানগৰীৰ কৃত্ৰিম বান ৰোধত ব্যৰ্থ হয়।

Leave A Reply

Your email address will not be published.