বছৰৰ তৃতীয়তো বানত লাইকা-দধীয়াৰ সমগ্ৰ অঞ্চল জলমগ্ন। এনে এক পৰিবেশত বসতি কৰাতো দৈনন্দিন জীৱনত কিদৰে প্ৰভাৱ পেলাব পাৰে ভাৱিলে নোম শিয়ৰি উঠিব। মাহৰ পিছত মাহ ধৰি পুনঃস্থাপনৰ আশাত তিৰপালৰ তলত মাটিৰ সতে মিতিৰালিৰ সত্বেও প্ৰকৃতিয়ে ৰেহাই দিয়া নাই লাইকা-দধীয়াবাসীক৷ অসমৰ দ্বিতীয় বৃহৎ জনজাতীয় মিচিং জনগোষ্ঠীৰ এই লোকসকলে এনেদৰে জ্বলন্ত সমস্যাৰ মাজেৰে জীৱন নিৰ্বাহ কৰিবলগীয়া বিষয়টো লজ্জাজনক৷ নিৰ্বাচনৰ বতৰত ধুমকেতুৰ দৰে দেখা দিয়া অসম চৰকাৰৰ জনপ্ৰতিনিধি তথা প্ৰশাসনৰ বিভাগীয় কৰ্তৃপক্ষ সকল ক’ত হেৰাল এই দুৰ্বিষহ সময়চোৱাত।এনে এক পৰিস্থিতি বিৰাজ কৰাৰ পিছতো বৰ্তমানলৈকে নাই কোনো খোৱা সামগ্ৰীৰ ব্যৱস্থা, নাই কোনো খোৱা পানীৰ ব্যৱস্থা।খোৱা সামগ্ৰীৰ কথা বাধেই দিয়ক পৰিস্থিতিৰ বুজ লোৱাও পৰিলক্ষিত হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে পিড়িত ৰাইজে৷ ল’ক ডাউনৰ মাধমাৰ মাৰ নৌযাওঁতেই আৰু এইয়া আন এক প্ৰত্যাৱহান পিড়িত ভূমিপুত্ৰ লাইকা-দধীয়াবাসীৰ বাবে। এই মূহূৰ্তত ডাঙৰ প্ৰশ্ন উদয় হৈছে যে, লাইকা-দধীয়াবাসীয়ে কাৰ হতে যুঁজ দিব ? মহামাৰী কৰ’ণাৰ লগত, বান সমস্যাৰ লগত, গঢ়াঁখহনীয়াৰ লগত, নিজৰ জীৱনটোৰ লগত নে আকৌ নিজৰ প্ৰাপ্য অধিকাৰৰ লগত। সেয়ে পিড়িত ৰাইজে কাৰ হতে প্ৰকৃতাৰ্থত যুঁজ দিব লাগিব তাৰ সমাধানৰ সূত্ৰ বিচাৰিছে অসম চৰকাৰ তথা প্ৰশাসনৰ পৰা। সাতখন উপ-গাঁৱক লৈ গঠিত লাইকা-দধীয়া বন গাঁৱৰ হাজাৰ হাজাৰ জনসাধাৰণ এইক্ষেত্ৰত অসহায় তথা নিৰুপায় হৈ পৰিছে৷ সেয়ে পিড়িত ৰাইজে একমাত্ৰ পুনৰ সংস্থাপনহে এই গোটেই সমস্যাৰ সমাধানৰ সূত্ৰ বুলি ভাৱি লৈছে আৰু এইমৰ্মে তেওঁলোকে পৰিত্ৰাণ পাবৰ বাবে প্ৰতিবাদ তথা সংগ্ৰামো কৰি আহিছে। কিন্তু আজিও অসম চৰকাৰ তথা প্ৰশাসন এইক্ষেত্ৰত নিমাত। সচাকৈয়ে বছৰৰ তৃতীয়টো বানতো ব্যাপক ক্ষতিগ্ৰস্ত হোৱাৰ সমান্তৰালকৈ গঢ়াখহনীয়াইও গাওবাসীৰ বসতিস্থল তথা আপোন ঘৰসমূহক উটুৱাই নিয়া পৰিলক্ষিত হৈছে। উল্লেখ্য যে, ১৯৫০ চনৰ প্ৰৱল ভূমিকম্পত বিধ্বস্ত হোৱা বহু পৰিয়ালক চৰকাৰে ডিব্ৰু-ছৈখােৱা অভয়াৰণ্যৰ আভ্যন্তৰত মহাবাহু ব্ৰহ্মপুত্ৰৰ দাঁতিত লাইকা আৰু দধীয়া নামে দুখন বৃহৎ বনগাঁও সংস্থাপিত কৰে। লাইকাৰ পমুৱা, ফাঁচিদিয়া, ৰিগবি, দধীয়াৰ কুলিগাঁও, মহমৰা, চাৰিসূতী আৰু টেঙাবাৰী এই সাতখন উপ-গাঁৱক লৈ গঠিত লাইকা আৰু দধীয়া বনগাঁও। কিন্তু চাৰিটা দশক ধৰি সুখেৰে জীৱন নিৰ্বাহৰ অন্তত ১৯৯৯ চনত চৰকাৰে বনগাঁওবাসীৰ অজ্ঞাতে একমাত্রআন্তর্জাতিক মুনাফা লুটাৰ স্বাৰ্থত ডিব্ৰু-ছৈখােৱা অভয়াৰণ্যক অসাংবিধানিকভাৱে ৰাষ্ট্ৰীয় উদ্যানৰ মর্যাদা প্রদান কৰে কেইজনমান দুর্নীতিপৰায়ণ বনবিষয়াৰ তৎপৰতাত। যিহেতু ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত মানুহ থাকিব নােৱাৰে সেয়ে ৰাষ্ট্ৰীয় উদ্যান ঘােষণাৰ পূর্বে বনগাঁও বাসীসকলক প্রথমে অন্যউপযুক্ত ঠাইত স্থানান্তৰ কৰিব লাগিছিল। কিন্তু সেয়া নকৰি বনগাঁও বাসীসকলৰ প্রতি চৰম অন্যায় কৰাৰ বাবেই আজি যুগ যুগ ধৰি বনগাঁও দুখনৰ দৰিদ্র মিচিং সম্প্ৰদায়ৰ পৰিয়ালবোৰে জীয়াতু ভুগি জীৱন নির্বাহ কৰি আছে। ৰাষ্ট্ৰীয় উদ্যানৰ দোহাই দি চৰকাৰী উন্নয়নমূলক সকলােবােৰ আঁচনি সম্পূৰ্ণৰূপত বন্ধকৰি পেলালে। মাজে সময়ে উক্ত বনগাঁৱৰ লােকসকলক উচ্চেদৰ ভাবুকি দি জীৱনৰ প্রতি চৰম অনিশ্চয়তা নমাই আনিলে। বছৰ বছৰ ধৰি অন্য উপযুক্ত ঠাইত পুণৰ সংস্থাপনৰ বাবে সংগ্রাম কৰা স্বত্ত্বেও কেৱল ভেকুভাওনা কৰি নিৰ্বাচনৰ ভােটবেংক হিচাপে ব্যৱহাৰ কৰি আহিছে উক্ত বনগাঁৱৰ জনজাতিৰাইজক।