১১৪ নং জোনাই বিধানসভা সমষ্টিৰ চেঙাজানত বিধ্বংসী ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰ – লালী নদীৰ খহনীয়াই…

চেঙাজানত চপৰা চপৰে খহিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া, নদীৰ বুকুত জাহ গৈছে ঘৰ দুৱাৰ, ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ, শিক্ষানুষ্ঠান
১১৪ নং জোনাই বিধানসভা সমষ্টিৰ চেঙাজানত বিধ্বংসী ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰ – লালী নদীৰ খহনীয়াই।


ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত চমকং পঞ্চায়ত আৰু চিলাপথাৰৰ চিমেনমুখ পঞ্চায়ত দুখনৰ জনতাক ব্ৰহ্মপুত্ৰ লালী নদীৰ গৰাখহনীয়াই নিদ্ৰা হৰন কৰি আহিছে প্ৰতিবছৰে। ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই বছৰ বছৰ ধৰি দুখন পঞ্চায়তৰ নৈপৰীয়া অঞ্চলৰ প্ৰায় 30খন গাঁৱৰ লগতে চেঙাজান অঞ্চলৰ ৰাইজৰ বিভিন্ন মূল্যৱান গছ গছনিৰ লগতে নদীত জাহ গৈছে কেবা হেক্টৰ খেতি পথাৰ, ঘৰ দুৱাৰ, ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে বিভিন্ন শিক্ষানুষ্ঠান।বৃহত্তৰ চেঙাজান অঞ্চলবাসীয়ে প্ৰতিবছৰে গৰাখহনীয়াৰ পৰা পৰিত্ৰান বিচাৰি নৈপৰীয়া ভুক্তভোগী ৰাইজে ঘৰ বাৰী এৰি যাবলগীয়া হয় বিভিন্ন অঞ্চললৈ।


এই গৰাখহনীয়াৰ সমস্যাৰ স্থায়ী সমাধান বিচাৰি স্থানীয় জনপ্ৰতিনিধিকে আদি কৰি প্ৰশাসনক বহুবাৰ আবেদন নিবেদন কৰাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ তুলিছে স্থানীয় ভুক্তভোগী ৰাইজে। গতিকে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী তথা বিভাগীয় মন্ত্ৰীক পৰিদৰ্শন কৰি চেঙাজান অঞ্চলৰ গৰাখহনীয়া‌ সমস্যা অতি শীঘ্ৰে সমাধান বিচাৰিছে ৰাইজে।

Related Articles