Breaking

নলবাৰীত পৰীক্ষা গৃহত নিৰিক্ষকে নিৰ্দেশনা ভূল কৰাৰ অভিযোগ

0 1,550

আজি অসম চৰকাৰৰ সৰ্ববৃহৎ চতুৰ্থ বৰ্গৰ পৰীক্ষা।সমগ্ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো ৬৯ টা কেন্দ্ৰত অনুষ্ঠিত হয় পৰীক্ষা।এই পৰীক্ষাত কোনো দূৰ্ণিতি,হুলুস্থুলীয়া পৰীবেশ বিৰাজ নকৰাৰ বাবেই জিলা প্ৰশাসনে নিয়াৰীকৈ ব্যৱস্থা লৈছে।ইয়াৰ মাজতে নলবাৰী চহৰস্থিত নলবাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত উত্তেজনাময় পৰিবেশ বিৰাজ কৰে।ৰাতিপুৱা ১০ বজাৰ পৰা আৰম্ভ কৰি দিনৰ ১২ বজাত পৰীক্ষা শেষ হোৱাত ২১ গৰাকী পৰীক্ষাৰ্থীৰ হয় হাহাকাৰময় পৰিবেশ।

ঘটনাৰ বিৱৰণ মতে উক্ত পৰীক্ষা কেন্দ্ৰৰ এটা পৰীক্ষা হ’ল ২৪ গৰাকীকৈ পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিছিল।কিন্তু উক্ত পৰীক্ষা হ’লত দায়িত্বত থকা নিৰিক্ষক জনৰ ভূল নিৰ্দেশনাৰ বাবেই ২১ গৰাকিকৈ পৰীক্ষাৰ্থীৰ OMR চ্যিতখন ভূল হব লগীয়াত পৰে।ফলশ্ৰুতিত এই ২১ গৰাকী পৰীক্ষাৰ্থীয়ে তেওলোকৰৰ জীৱনকলৈ খেলা এনেকুৱা নিৰিক্ষকৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে।লগতে তেওলোকৰ লিখিত পৰীক্ষাত নিৰ্দেশনা ভূল হলেও যেন লিখিত পৰীক্ষা নিৰিক্ষন কৰে তাৰ বাবেও কতৃপক্ষক আহ্বান জনাই।

Leave A Reply

Your email address will not be published.