“লুপ্তপ্ৰায়ী সুপ্ত প্ৰতিভাৰ বৰ্হিঃ প্ৰকাশ আৰু বৰ্তমানৰ শিক্ষাৰ্থীসমাজ, তলাবন্ধৰ প্ৰভাৱ”

✍ সুনীল দাস

বৰ্তমানৰ মাৰাত্মক কৰ’ণা ভাইৰাছৰ পৰা নিজকে বচাই ৰাখিবলৈ বিশ্বৰ প্ৰায়বোৰ দেশত তলাবন্ধৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰ প্ৰতি সহাৰি জনাই আমি প্ৰতিজন নাগৰিকে নীতি-নিয়মবোৰ ভালদৰে পালন কৰিব লাগিব। তলা বন্ধৰ বাবে কোনোদিনেই আজৰি নোপোৱা পৰিয়ালৰ সদস্যসকলেও একেলগ হৈ সময় কটাবলগীয়া হ’ল। কিন্তু কিছু সংখ্যকৰ বাবে এয়াই এক ভৱিষ্যতৰ সু-জাননী দিলে। সময়ৰ সদ্‌ব্যৱহাৰ কৰি সময়ৰ লগত মিলি গৈ সময়ৰ গতিবেগত শৰ মাৰিলে একাংশ লোকে। কি শিশু, কি বৃদ্ধ, যুৱক সকলোৰে ভিতৰত লুপ্তপ্ৰায়ী সুপ্ত প্ৰতিভাৰ এক বহিঃপ্ৰকাশ ঘটিবলৈ ধৰিলে। চিন্তাশক্তি গভিৰ হ’বলৈ ল’লে। কোনোৱে যদি গীত ৰচিলে, কোনোৱে আকৌ সেই গীতৰ সুৰ মিলালে, কোনোৱে নৃত্য কৰিলে। আকৌ বিশুদ্ধ পৰিৱেশৰ উমান পায় কাৰোবাৰ মনত কবিতাৰ সৃষ্টি হ’ল। কোনোৱে যদি প্ৰকৃতিৰ ছবি অংকণ কৰিলে কোনোৱে আকৌ মানৱ জীৱনৰ বাবে অহা এই দুৰ্দিন কথা লিখিলে। বহাগৰ বিহুত ঢুলিয়াই ঢোলত চেওঁ দিব নোৱাৰি, নাচনী ককাল ভাঙিব নোৱাৰি লিখিলে মনৰ আবেগৰ কথা। আৰু লিখিলে বহাগৰ বৰদৈচিলাৰ  আগমণৰ কাহিনী। কোনোৱে আকৌ কিতাপ পঢ়িলে আৰু নৱ নৱ চিন্তাৰ উদ্ভৱ কৰিলে। এনেকৈ দিন পাৰ কৰি গৈ আছে অধিকাংশ লোকে। ইয়াৰ বাবে সামাজিক মাধ্যমৰ প্ৰভাৱও নাইকীয়া কৰিব নোৱাৰো। প্ৰতিজন ব্যক্তিৰ বাবে নিজৰ প্ৰতিভা প্ৰকাশ কৰিবলৈ এক বিশেষ মঞ্চৰূপে থিয় দিছে সামাজিক মাধ্যমবোৰে। আকৌ প্ৰতিজন প্ৰতিভাশালী ব্যক্তিক অধিক উৎসাহিত কৰিছে বিভিন্ন সংগঠন, বিভিন্ন সামাজিক মাধ্যমে আয়োজন কৰা প্ৰতিযোগিতাবোৰে। আনহাতে অপ্ৰিয় হলেওঁ সত্য যে অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে নিয়মীয়া পাঠ্যপুথিৰ লগতে প্ৰায় আনুসংগীক কিতাপ, ভাৱধাৰাতহে গুৰুত্ব অধিক প্ৰদান কৰিছে। যিবোৰে এজন ছাত্ৰক বা এজনী ছাত্ৰীক সম্পূৰ্ণৰূপে বিকাশ সাধন হোৱাত সহায় কৰিব। আকৌ দেশৰ ভিন্নপ্ৰান্তত প্ৰতিফলিত হ’ল শিল্পকলাৰ। কোনোৱে যদি কাঠত প্ৰতিছবি খদিত কৰিলে কোনোৱে বাহৰ পৰা আঁতক ধুনীয়া সামগ্ৰী তৈয়াৰ কৰিলে। বাৰীত পৰি থকা পেলনীয়া সামগ্ৰীবোৰকো নৱ ৰূপ দি ঘৰৰ অতিথিশাল শুৱনি হ’ল। পেলোনীয়া কাগজৰ টুকুৰাক ও বিভিন্ন আকৃতিত ৰূপ দিলে। এয়াই প্ৰতিভা। এনেকৈ কষ্টসাধ্য দুৰ্দিনত নিজকে বছায় দিন পাৰ কৰি গৈ আছে প্ৰতিজন নাগৰিকে। এয়া যিয়েকি নহওঁক, নিজকে ব্যস্ত ৰাখিবলৈয়ে হওঁক বা অন্য কিবা। কিন্তু আমি সকলোৱে লাভ কৰি গৈ আছো কিছুমান নতুন উদ্ভৱৰ। প্ৰকৃততে যিকোনো সৃষ্টিৰ আগমূহুৰ্তত প্ৰত্যেকে তেনে এক বিশেষ  পৰিস্থিতিৰ সন্মূখীন হ’ব লাগিব, যিয়ে তেওঁলোকক সৃষ্টিৰ বাবে প্ৰেৰণা জোগাব। অন্যহাতে নিয়মীয়া আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে শিক্ষাৰ্থীসকল। এয়া এক জটিল সমস্যা। যদিও বিভিন্ন মাধ্যমৰ জৰিয়তে শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে সেয়াই যথেষ্ট নহয়। যদিও কোৱা হয় বৰ্তমান ডিজিটেল যুগ তথাপিও সকলোধৰণে সকলো ঠাইত  ব্যৱহাৰৰ উপযুক্ত হৈ উঠা নাই। আকৌ সকলো শিক্ষাৰ্থী অৰ্থনৈতিকভাৱে সম্বল নহয়। কিছুসংখ্যক কলেজীয়া শিক্ষাৰ্থীৰ হাতত এতিয়াও নাই মোবাইল ফোন। একে পৰিস্থিতি নিম্নশ্ৰেণীৰ শিক্ষাৰ্থীসকৰো, বয়সৰ অনুপাতে ব্যৱহাৰশৈলী সম্পূৰ্ণৰূপে জ্ঞাত নহয়। এয়া হৈ পৰিছে তেনে শিক্ষাৰ্থীৰ বাবে এক জটিল সমস্যা। আকৌ যিসকলে বিভিন্ন মাধ্যমৰ জৰিয়তে নিয়মীয়া পাঠদান বৰ্তি ৰাখিছে তেওঁলোকৰ কিছু পৰিমাণে শৈক্ষিক দিশ আগবাঢ়িব যদিও হিচাপত কিছু শতাংশহে লাভ কৰিব জ্ঞান। কিন্তু উপায়হীন সকলো। জীৱনৰ খাতিৰত দেশৰ কথা ভাৱি সকলো ঘৰতে থাকিবলগীয়া হৈছে। তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষই এবাৰ শিক্ষাৰ্থীসকলৰ কথা ভাৱি সকলোৰে সুবিধা হোৱাকৈ সিদ্ধান্তসমূহ গ্ৰহণ কৰিব বুলি আশাবাদী বৰ্তমানৰ শিক্ষাৰ্থীসমাজ। কিয়নো পৰীক্ষাত উত্তীৰ্ণ হোৱাটোৱে শিক্ষাৰ্থী লক্ষ্য নহয়।সদৌ শেষত সকলোৱে চৰকাৰৰ নীতি-নিৰ্দেশ মানি চলি নিজৰ কৰ্তব্য পালন কৰি যাওঁক। সুবিধা বুজি নিজৰ সুপ্ত প্ৰতিভাৰো বিকাশ কৰক। ঘৰতে থাকক, সুস্থ থাকক। সুস্থ মনত সৎ চিন্তাৰ উদ্ভৱ ঘটোৱা। কিয়নো আজিৰ ছাত্ৰ ভৱিষ্যতৰ নাগৰিক।

Related Articles