Breaking

শিক্ষকতা জীৱনৰ অন্তিম দিনটোত শিক্ষক ডিম্বেশ্বৰ শইকীয়াক বিদায় সম্ভাষণ…

0 61

লখিমপুৰ জিলাৰ নাৰায়ণপুৰ শিক্ষাখণ্ডৰ অন্তর্গত মাঘনোবা উচ্চ মাধ্যমিক বিদ্যালয়ত ৬ জুনত শিক্ষক-কর্মচাৰী গোট আৰু ছাত্র একতা সভাৰ উদ্যোগত সদ্য অৱসৰী সহকাৰী প্রধান শিক্ষক ডিম্বেশ্বৰ শইকীয়াক বিদায় সম্বর্ধনা জনোৱা হয়। বিদ্যালয়খনৰ প্ৰধান শিক্ষক অতুল চন্দ্র ভূঞাই বস্তি প্রজ্বলন কৰাৰ পিছতে মন্দিৰা চাংমাই’এ পৰিৱেশন কৰা বৰগীতেৰে আৰম্ভ হয় বিদায়ী সভাখন। লখিমপুৰ জিলা জ্যেষ্ঠ নাগৰিক সমিতিৰ সভাপতি ভূপেন দলেয়ে পৌৰাহিত্য কৰা সভাখনত শিক্ষক গৰাকী জীৱনকৃতী আলোকপাত কৰা হয়। শিক্ষকতাৰ জীৱত দৰিদ্ৰ ছাত্ৰ ছাত্ৰীক আৰ্থিক সহযোগিতা আগবঢ়োৱা, দুৰ্বল শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক সমানে আগবঢ়াই নিবলৈ কৰি যোৱা নিৰবিচ্ছিন্ন চেষ্টা আদিকৈ সমাজমুখী চেতনাৰ অনন্য দিশবোৰো সভাত উন্মোচন হয়।

১৯৮৫ চনত প্রধান শিক্ষকৰ দায়িত্ব লৈ দিহিৰি মধ্য ইংৰাজী বিদ্যালয় স্থাপন কৰি পৰৱৰ্তী সময়ত বালিপথাৰ আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়ত বিজ্ঞান শিক্ষক হিচাপে যোগদান কৰে ডিম্বেশ্বৰ শইকীয়াই। ১৯৯১ চনত বালিপথাৰ আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰূপে অতিৰিক্ত দায়িত্ব গ্রহণ কৰি ২০১১ চনৰ আগষ্ট মাহত মাঘনোৱা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে যোগদান কৰে । চৰকাৰী একত্রীকৰণ নীতি অনুসৰি ২০১৮ চনত বিদ্যালয়খন মাঘনোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগত চামিল হোৱাত তেতিয়াৰে পৰা সহকাৰী শিক্ষক হিচাপে নিষ্ঠা আৰু সততাৰে কাৰ্যনিৰ্বাহ কৰি ৩০ এপ্রিলত অৱসৰ গ্ৰহণ কৰে। শৰাই, সঁফুৰা, সৰুদয়া জাপি, ফুলাম গামোচা, চেলেং বস্ত্র, গছপুলি, সম্বর্ধনা পত্র, কিতাপৰ টোপোলা আদিৰে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্রী, ন-পুৰণি ছাত্র-ছাত্রীৰ লগতে বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষকসকল আৰু শুভাকাংক্ষীসকলে উষ্ম সম্বর্ধনা জনায়। বিদায় সম্বর্ধনা সভাৰ যুটীয়া সম্পাদক লৱৰাম বৰা আৰু দিগন্ত নেওগে আঁত ধৰা সভাখনত শিক্ষকতাৰ উপৰি বিভিন্ন সামাজিক অনুষ্ঠান- প্ৰতিষ্ঠানত নিজকে জড়িত ৰখা সফল শিক্ষক তথা মানব সম্পদ গঢ়োতা বিদায়ী শিক্ষকগৰাকীৰ শিক্ষয়িত্রী পত্নী শেৱালি ফুকনৰ লগতে পৰিয়ালবৰ্গকো সম্বর্ধনা জনোবা হয়।

কুঁহি চেতিয়াৰ লগতে ছাত্র-ছাত্রীসকলে গীত-নৃত্য পৰিৱেশন কৰি সকলোকে আপ্লুত কৰা সভাখনত অৱসৰপ্ৰাপ্ত শিক্ষক তৰুণ শইকীয়া, ৰাজেন চেকনিধৰা, লখিমপুৰ জিলা মধ্য ইংৰাজী শিক্ষক সংস্থাৰ সভাপতি ৰঞ্জিত বৰুৱা, সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ কেন্দ্রীয় সমিতিৰ উপ-সভাপতি দুলাল শর্মা, সদৌ অসম কৰ্মচাৰী পৰিষদৰ সাংগঠনিক সম্পাদক প্রদীপ ৰাজখোৱা, অৱসৰপ্ৰাপ্ত শিক্ষক রাহিদুৰ ৰহমান, লখিমপুৰ জিলা উচ্চ মাধ্যমিক শিক্ষক সংস্থাৰ সম্পাদক জগত বৰা, ৰঙতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিশ্বেশ্বৰ চাৰিংগীয়া, সমাজকর্মী ছায়া চাংমাই, অৱসৰপ্ৰাপ্ত শিক্ষক কুমুদ নেওগ, মহেন্দ্র বৰা, বৈকুণ্ঠ ভৰালী, বিদ্যালয় উন্নয়ন আৰু পৰিচালনাৰ সমিতিৰ সভাপতি লক্ষীকান্ত বৰা, শিক্ষক-শিক্ষয়িত্রী ক্রমে বোষেশ্বৰ বৰপাত্র, কমল চন্দ্ৰ বৰা, লোহিত গগৈ, মহেন্দ্র পেশু, গজেন কোঁৱৰ, দীপাংকৰ শৰ্মা বৰদলৈ, খঞ্জন শইকীয়া, শংকৰজ্যোতি বৰুৱা, পুণ্যপ্রভা কোঁৱৰ, কংকণা ভৰালী, ৰশ্মি গোস্বামী, মণিকংকনা বৰা, মনীষা গগৈ, প্রেমানন্দ শইকীয়াকে প্রমুখ্য কৰি কেই বাগৰাকীও বক্তাই সদ্য বিদায়ী শিক্ষক ডিম্বেশ্বৰ শইকীয়াৰ কৰ্মৰাজিৰ আলোকপাত কৰি সু-স্বাস্থ্যৰ লগতে দীর্ঘায়ু কামনা কৰে। সভাৰ অন্তত ছাত্ৰ একতা সভাৰ সভাপতি থানেশ্বৰ দত্তই উপস্থিত সকলোৰে শলাগ লোৱৰ লগতে কৃতজ্ঞতা প্রকাশ কৰে।

Leave A Reply

Your email address will not be published.