নগাঁও কোডিড-১৯ চিকিৎসালয়ৰ পৰা প্ৰথমটো চিকিৎসা কৰ্মী দলক প্ৰতিষ্ঠানিক কোৱাৰেনন্টীনলৈ প্ৰেৰণ : বিধায়ক-জিলা প্ৰশাসনৰ উঞ্চ আদৰণি ।

নগাঁও

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত স্থাপন কৰা কোডিড-১৯ চিকিৎসালয়ত কৰোনা আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদান কৰা প্ৰথমটো চিকিৎসক-নাৰ্চ-চাফাই কৰ্মীৰ দলক আজি প্ৰতিষ্ঠানিক কোৱাৰেনন্টীনলৈ প্ৰেৰণ কৰা হয়। কৰোনা বিৰোধী যুদ্ধত অৱতীৰ্ণ এইসকল যোদ্ধাৰ ভিতৰত আছে তিনিগৰাকী চিকিৎসক, তিনি গৰাকী নাৰ্চ আৰু তিনি গৰাকী চাফাই কৰ্মী। প্ৰতিষ্ঠানিক কোৱাৰেনন্টীনলৈ প্ৰেৰণ কৰা চিকিৎসক কেইগৰাকী হৈছে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ই এন টি বিভাগৰ চিকিৎসক ডাঃ শেখৰ জ্যোতি নাথ, মানসিক ৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ সত্যগোপাল দত্ত আৰু পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ বিজন সিং। আনহাতে, নাৰ্চ কেইগৰাকী হৈছে ক্ৰমে চুমী ডেকা, শিখামনি বনিয়া আৰু দিপামনি মেধি আৰু চাফাই কৰ্মী সকল হৈছে ভবী বাচফ’ৰ, হিৰা হাজাৰ বাছফ’ৰ আৰু কবি বাচফ’ৰ। স্বাস্থ্য বিভাগৰ নিয়ম অনুসৰি, সাত দিনৰ বাবে প্ৰতিষ্ঠানিক কোৱাৰেনন্টীনলৈ যোৱাৰ পূৰ্বে এই চিকিৎসক,নাৰ্ছ আৰু চিকিৎসা কৰ্মী সকলক আজি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, জিলা উপায়ুক্ত যাদৱ শ‌ইকীয়া, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অতুল পাটৰ আৰু চিকিৎসালয়খনৰ অধীক্ষক ডাঃ জে আহমেদ গামোচা, ফুলৰ থোপাৰে সম্ভাষণ জনায়। ইয়াৰ পিছত আজি কডিড-১৯ চিকিৎসালয়খনত আন এটা চিকিৎসক-নাৰ্চৰ দলে কোভিড ১৯ ত আক্ৰান্ত ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে যোগদান কৰে। উল্লেখ্য যে আজি ৰিলিজ দিয়া চিকিৎসক-নাৰ্চৰ দলটোক নগাঁও চহৰৰ অন্যতম বিলাসী হোটেল নগাঁও প‌ইন্টত কোৱাৰেনন্টীন কৰাৰ বিপৰীতে চাফাই কৰ্মী সকলক চহৰখনৰ হোটেল ব’হাগীত কোৱাৰেনন্টীন কৰা হয়। ইপিনে, কোৱাৰেনন্টীনলৈ যোৱাৰ পৰত চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলে চিকিৎসা সেৱা এক মানৱ সেৱা বুলি উল্লেখ কৰি মাৰাত্মক কৰোনা ৰোগীক চিকিৎসা কৰিবলৈ পাই তেওঁলোক সুখী বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে । আনহাতে কৰোনা মানেই মৃত্যু নহয়। সেয়ে এই ৰোগক লৈ ৰাইজ আতংকিত আৰু চিন্তিত হ’ব নালাগে বুলিও কৰোনা বিৰোধী যুঁজৰ যুজাৰু সকলে মন্তব্য কৰে । ইফালে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসক আৰু নাৰ্চ সকলক কিঞ্চিত আদৰণি জনাবলৈ পায় যথেষ্ট সুখী অনুভৱ কৰা বুলি উল্লেখ কৰে বিধায়ক ৰূপক শৰ্মাই।

Related Articles