Breaking

৩০ নৱেম্বৰত মাজুলী-যোৰহাট দলংৰ প্ৰথমটো পাইলিংৰ কাম আৰম্ভ হ’বঃ ড°হিমন্ত বিশ্ব শৰ্মা

0 24

মাজুলীৰ গড়াখহনীয়া , বানপানীৰ সমস্যাৰ পৰা জনসাধাৰণক সকাহ দিয়াৰ বাবে আজি জিলাখনৰ বালি জকাইবোৱাত প্ৰায় ৩০ কোটি টকা আঁচনিৰ আধাৰশিলা স্থাপন কৰা হৈছে৷ আমি আশা কৰিছো এই গড়াখহনীয়া প্ৰতিৰোধকে ধৰি দূৰ্বল মথাউৰিৰ সবলীকৰণে মাজুলীবাসীক কিছু সকাহ দিব ৷ অহা ৩০ বা তাৰ পৰৱৰ্তী সময়ত আমি মাজুলীৰ বাবে আৰু ৩০ কোটি টকা মঞ্জুৰ কৰিছোঁ ৷ মোৰ অহা ভৱনৰ সময়ত নহ’লে জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকায়ে এই আঁচনিৰ আধাৰশিলা কৰিব ৷ অৰ্থাৎ প্ৰায় ৬০ কোটি টকাৰ নতুনকৈ গড়াখহনীয়া নিয়ন্ত্ৰণৰ কাম হাতত লৈছোঁ ৷ মই ভাৱো যে , লাহে-লাহে প্ৰত্যেক বছৰে আমি লৈ থকা আঁচনিৰ ফলাফল ৰূপে নিশ্চয় মাজুলীৰ গড়াখহনীয়া সমস্যা , বানপানী সমস্যা কিছু নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’ম ৷

আজি পকাজৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত বালি জকাইবোৱাত আয়োজিত এক অনুষ্ঠানত জলসম্পদ বিভাগে জিলাখনত বিভিন্ন শিতানত ৰূপায়ণ কৰিবলৈ প্ৰায় ৩০ কোটি টকা আঁচনিৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয় ৷ জিলাখনৰ বিভিন্ন স্থানত ৰূপায়ণ হ’বলগীয়া এই আঁচনিৰ জৰিয়তে মাজুলীবাসী উপকৃত হ’ব বুলিও সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ব্যক্ত কৰে ৷

আজি আধাৰশিলা স্থাপন কৰা ৰূপায়ণ কৰিবলগীয়া আঁচনি সমূহ হ’ল অসম চৰকাৰৰ স্বঃঅগ্ৰাধিকাৰ উন্নয়ন পূঁজিৰ শিতানৰ মিছামৰা অঞ্চলৰ সোৱণশিৰী নদীৰ বাওঁফালৰ খহনীয়া প্ৰতিৰোধ ব্যয়-১০০০’০০ লাখ , নাৰ্বাড গ্ৰামীণ আন্তঃগাঁথনি পূঁজিৰ শিতানত বালি জকাইবোৱাত খেৰকটীয়া নদীৰ বাওঁফালৰ গড়াখহনীয়া প্ৰতিৰোধ ব্যয়-২৬০’০০ লাখ , লুইত ঘাট অঞ্চলত খেৰকটীয়া নদীৰ বাওঁফালৰ গড়াখহনীয়া প্ৰতিৰোধ ব্যয়-২৩০’০০ লাখ , ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা শিতানৰ পৰা জেংৰাইমুখৰ পৰা পকাজৰালৈ থকা খেৰকটীয়া নদীৰ বাওঁপাৰৰ মথাউৰিৰ ২২০০ মিটাৰ সৱলীকৰণ ব্যয়-২৫০’০০ লাখ , ব্ৰহ্মপুত্ৰ মথাউৰিৰ বনগাঁও অঞ্চলত ৩৫০০ মিটাৰ সৱলীকৰণ ব্যয়- ২৫০’০০ লাখ , ব্ৰহ্মপুত্ৰ মথাউৰিৰ জাবৰচুকত থকা ৫০০ মিটাৰ দৈৰ্ঘ্যৰ চেক বান্ধৰ মেৰামতি আৰু সৱলীকৰণ ব্যয়-২২০’০০ লাখ , দক্ষিণ আঁহতগুৰি অঞ্চলৰ ন-মাটি অঞ্চলত গড়াখহনীয়া নিয়ন্ত্ৰণ ব্যয়-৩৯৯’০০ কোটি , ব্ৰহ্মপুত্ৰ মথাউৰিৰ কেং মিলি অঞ্চলত ৬০০ মিটাৰ সৱলীকৰণ আৰু জিঅ’ বেগ সংস্থাপন ব্যয়-১৬৫’০০ লাখ , মলয়াচাপৰি অঞ্চলত সোৱণশিৰি নদীৰ বাওঁপাৰৰ গড়াখহনীয়া নিয়ন্ত্ৰণ ব্যয়-৮৮’৮৮ লাখ আৰু ব্ৰহ্মপুত্ৰ মথাউৰিৰ চেনীমৰা জান শ্বুইচ্‌ গেটৰ আগমন আৰু নিৰ্গমনৰ নলা নিস্কাশন ব্যয়-৪৭’৫৫ লাখ ৷

আধাৰশিলা স্থাপন কাৰ্যসূচীত জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকা , মন্ত্ৰী ৰনোজ পেগু , জলসম্পদ বিভাগৰ অধীক্ষক অভিযন্তা সমীৰণ ডেকা , অতিৰিক্ত মুখ্য অভিযন্তা পলাশজ্যোতি গোস্বামী , মুখ্য অভিযন্তা আইভি গোঁহাই (মান নিৰূপক) , কাৰ্যবাহী অভিযন্তা কমলজিৎ গায়ন , সহকাৰী কাৰ্যবাহী অভিযন্তা অভয় ডেকা , জিলা উপায়ুক্ত পুলক মহন্ত , প্ৰমুখ্যে জিলা বিজেপিৰ বিষয়ববীয়া , এম এ চিৰ কাৰ্যবাহী সদস্য উমা পাথৰী , সাধাৰণ সদস্যদ্বয় নীল দলে আৰু ত্ৰৈলোক্য পামেগাম সহ বহু সংখ্যক লোক উপস্থিত থাকে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে আধাৰশিলা স্থাপনৰ পিছতে নামনি জকাইবোৱাত জনস্বাস্থ্য কাৰিকৰী বিভাগে নিৰ্মাণ কৰা ক্ষুদ্ৰ পানী যোগান আঁচনি পৰিদৰ্শন কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা শিশিৰ ভৰালী আৰু কনিষ্ঠ অভিযন্তা নৱজিৎ গোঁহাইৰ পৰা আঁচনিৰ সবিশেষ বুজ লয় ৷

৩০ নৱেম্বৰত মাজুলী-যোৰহাট দলংৰ খুটাৰ প্ৰাইলিংৰ কাম আৰম্ভ হ’ব : ড°শৰ্মা মাজুলীবাসীৰ বাবে আনন্দৰ খবৰ যে অহা ৩০ নৱেম্বৰত মাজুলী-যোৰহাট সংযোগী বহু প্ৰতিক্ষিত দলংৰ খুটাৰ পাইলিংৰ কাম আৰম্ভ হ’ব ৷ আজি সাংবাদিকৰ সৈতে হোৱা কথাবাৰ্তাত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে- ইতিমধ্যে দলংৰ আধাৰশিলাৰ লগতে ভূমি পূজন হৈ গৈছে ৷ অহা ৩০ নৱেম্বৰত মই আহি দলংৰ খুটাৰ প্ৰথমটো পাইলিংৰ শুভাৰম্ভ কৰিম ৷ এই দলংখন চাৰিবছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে ৷ ইতিমধ্যে নিৰ্মাণ কোম্পানীয়ে প্ৰাৰম্ভিক কাম-কাজ আগবঢ়াইছে ৷ কালি নিৰ্মাণস্থলী পৰিদৰ্শন কৰি কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ কথাও সদৰি কৰে মুখ্যমন্ত্ৰীয়ে ৷ বালি জকাইবোৱাৰ মিছিং জনগোষ্ঠীৰ ঘৰত থকাৰ অনুভৱ ব্যক্ত কৰি কয়-আমি গুৱাহাটীৰ পৰিবেশত থাকি ডাঙৰ-দীঘল হৈছো ৷ গাওঁৰ পৰিবেশ আমাৰ বাবে নতুন যদিও এই পৰিবেশ আমাৰ বাবে মিঠা অনুভৱ। গাঁৱত থকা এই দিনটো জীৱনত মনত থাকিব বুলি কয় ৷ অন্যহাতে নিমাতী ঘাটৰ ফেৰী দূৰ্ঘটনাত ভুক্তভোগী সকলে পাবলগীয়া মতেই ক্ষতিপূৰণ পাব ৷ ইতিমধ্যে জিলা উপায়ুক্তক এই বিষয়ে নিৰ্দেশনা দিয়া বুলি সাংবাদিকে শোধা প্ৰশ্নৰ উত্তৰত জানিবলৈ দিয়ে ৷ 

Leave A Reply

Your email address will not be published.