Breaking

বটদ্ৰৱাত অসম দৰ্শন আঁচনিৰ পথ আৰু উন্নয়ণ মূলক কামৰ আধাৰশিলা বিধায়িকা আঙুৰলতাৰ ।

0 63

বটদ্ৰৱা।

চতুৰ্থ পৰ্য্যায়ৰ লক ডাউনৰ পিছত স্বাভাৱিক জীৱনযাত্ৰা আৰম্ভ কৰাৰ সময়তে  বটদ্ৰৱাত একে দিনাই  পথ আৰু উন্নয়ণমূলক কামৰ আধাৰশিলা স্থাপন কৰিলে বিধায়িকা আঙুৰলতা ডেকাই। চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ অন্তত, আজি আনলক হোৱাৰ তৃতীয় দিনা বটদ্ৰৱাত আধাৰশিলাৰে উন্নয়ণী ত্বৰান্বিত কৰাৰ বাবে অধিক তৎপৰ হৈ পৰিল বিধায়িকা আঙুৰলতা ডেকা। প্ৰকাশ থাকে যে অসম দৰ্শন আঁচনিৰ অধীনত     সাৰ্বজনীন গৰখীয়া থান জামুগুৰি উন্নীতকৰণ ৪৯.৫৮ লাখ টকা, আইভেটি আই কনকলতা থান সংযোগী পথ  ৫৯.২৯ লাখ টকা,  নৰোৱা কুঁজিসত্ৰ সংযোগী পথ  ৫১.৭৭ লাখ টকা, কোবাইকটা সত্ৰ সংযোগী পথ ৫১.৭৯লাখ টকা, নৰোৱা বালিসত্ৰ উন্নয়ন ৪৩.৯৬ লাখ টকা ধাৰ্য্য কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান সংযোগী পথ সমূহ উন্নীতকৰণৰ কৰি বটদ্ৰৱাক বিশ্ব ধৰ্মীয় পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ প্ৰয়াস হিচাপে এই নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰা হৈছে বুলি বিধায়িকা গৰাকীয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ পৰা শলগুৰি সত্রহৈ বটদ্ৰৱা থান সংযোগী পথ, বটদ্ৰৱা কৰৈগুড়ি চাৰিআলিৰ  পৰা বটদ্রৱা থান সংযোগী দুটি পথৰ উপৰিও ঐতিহ্যমণ্ডিত গৌৰীনাথ শিৱমন্দিৰ সংযোগী পথটিৰ নিৰ্মাণৰ লক্ষ্যৰে বিগত সপ্তাহত আধাৰশিলা কৰা হৈছে বুলি বিধায়িকা গৰাকীয়ে জনাইছে।

Leave A Reply

Your email address will not be published.