Breaking

নলবাৰী দৌকুছিত সভাঘৰৰ আধাৰশিলা স্থাপন

0 54

নলবাৰী জিলাৰ ০৮ নং উত্তৰ বাহঁজানী গাওঁ পঞ্চায়তৰ অন্তৰ্গত দৌকুছি অঞ্চলত বিগত সময়চোৱাত স্থানীয় ৰাইজে এটি সভাঘৰৰ বাবে জনপ্ৰতিনিধিক আবেদন কৰি আহিছিল। যাৰ বাবে নলবাৰী জিলা পৰিষদৰ তৰফৰ পৰা ৰাইজৰ এই সভাঘৰৰ প্ৰয়োজনীয়তা ওপৰত গুৰুত্ব প্ৰদান কৰি পঞ্চদশ বিত্তীয় আচনিৰ অধীনত এটি নতুন সভাঘৰৰ বাবে ধন আৱন্টন কৰে ।

সেইমৰ্মে আজি দৌকুছিত জিলা পৰিষদৰ পৰা আৱন্টন হোৱা নতুন সভাঘৰটোৰ আধাৰশিলা স্থাপন কৰা হয় । সভাঘৰটোৰ আনুষ্ঠানিক ভাৱে আধাৰশিলা স্থাপন কৰে নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকাই। আনহাতে আধাৰশিলা স্থাপন কাৰ্যসূচীৰ পূৰ্বে এটি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

উদযাপন সমিতিৰ তৰফৰ পৰা এই অনুষ্ঠানত উপস্থিত আমন্ত্ৰিত বিশিষ্ট অতিথি সকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

তদুপৰি আজিৰ এই কাৰ্যসূচীত নলবাৰী বাহঁজানীৰ জিলা পৰিষদৰ সদস্য বিৰাজ মেধি, ৮ নং উত্তৰ বাহঁজানী গাওঁ পঞ্চায়তৰ সভাপতি আৰতি বৈশ্য,নলবাৰী জিলা পৰিষদৰ সহকাৰী অভিযন্তা গৌতম ভট্ট,দৌকুছি গাওঁ পৰিচালনা সমিতিৰ সভাপতি দ্বিজেন ডেকা ,নামঘৰ পৰিচালনা সমিতিৰ সভাপতি ৰাতুল বৈশ্য,সচেতন যুৱক উদ্ধৱ কলিতাকে প্ৰমুখ্য কৰি ভালে কেইগৰাকী অঞ্চলটোৰ জ্যেষ্ঠ ব্যক্তি তথা স্থানীয় ৰাইজ উপস্থিত থাকে।

-ধ্ৰুব জ্যোতি মালাকাৰ

Leave A Reply

Your email address will not be published.