Breaking

উচ্চতৰ মাধ্যমিকত স্কুটী লাভ কৰা ছাত্ৰীৰ বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণ অব্যাহত মহানগৰ জিলা পৰিবহণৰ কাৰ্যালয়ত…

0 19

উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ শিক্ষা বিভাগৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটী লাভ কৰা মেধাৱী ছাত্ৰীক বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচী অব্যাহত আছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত। ৰাজ্য চৰকাৰৰ শিক্ষা,পৰিবহণ আদি বিভাগৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াৰ উপস্থিতিত ১জুলাইত শুভাৰম্ভ হোৱা বাহন চালনাৰ মাহজোৰা প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰথমটো সপ্তাহৰ ছদিনত ৫৭০গৰাকী প্ৰশিক্ষাৰ্থীয়ে হোণ্ডা চেফটি ড্ৰাইভিং এডুকেছন চেন্টাৰৰ সহযোগত প্ৰশিক্ষণ গ্ৰহণ কৰে। প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষাৰ্থীসকলে দুচকীয়া বাহন চালনাৰ বাবে প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ নিজে কেনেকৈ উলিয়াই ল’ব পাৰি সেই সন্দৰ্ভতো সবিশেষ জ্ঞান লাভ কৰি উপকৃত হয়।

ৰাজ্যৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে জানিবলৈ দিয়া মতে উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ প্ৰশিক্ষাৰ্থী সকলৰ বহুতেই এইখিনি সময়ত নামভৰ্তিৰ দৰে গুৰুত্বপূৰ্ণ কামত ব্যস্ত থকাৰ বাবে চলিত মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰৰ বন্ধৰ দিনটো প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰিব। সেয়ে প্ৰশিক্ষাৰ্থীসকলক প্ৰতিদিনে ৰাতিপুৱা ১০ৰ পৰা ১১বজাৰ ভিতৰত হোণ্ডা ছেফটি ড্ৰাইভিং এডুকেছন চেন্টাৰত উপস্থিত হৈ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। প্ৰশিক্ষণ সন্দৰ্ভত সবিশেষ জানিবলৈ পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ যানবাহন পৰিদৰ্শক শ্ৰীমতী পূৰ্ণিমা তাছা, নিম্নবৰ্গ সহায়ক জ্যোতিষ কৈবৰ্ত (৯৪০১৫৯৬৩৮৭) আৰু ইলান জ্যোতি ভৰালী (৭৮৯৬৮৫০০৪৫)ৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে৷

Leave A Reply

Your email address will not be published.